Friday, 20 November 2026
লগইন

ছৌদি আৰৱৰ পতাকাবাহী জাহাজত থকা তিনিজন ভাৰতীয় অৱস্থাৰ কি ক’লে কেন্দ্ৰীয় মন্ত্ৰীয়ে?

কি অৱস্থাত আছে তিনি ভাৰতীয়?

নিউজ ডেস্ক : হৰমুজ প্ৰণালীত পুনৰ আক্ৰমণৰ সন্মুখীন হ’ল তেলবাহী জাহাজ। বুধবাৰে পুৱা আক্ৰমণৰ সন্মুখীন হোৱা ছৌদি আৰৱৰ পতাকাবাহী ‘এনচিচি ফজৰ’ নামৰ জাহাজখনত তিনিজন ভাৰতীয় নাৱিক আছে বুলি সমাজিক মাধ্যমযোগে জনায় কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

সমাজমাধ্যমত সৰ্বানন্দ সোণোৱালে লিখে, ‘১১ নৱেম্বৰত ছৌদি আৰৱৰ পতাকাবাহী তেলবাহী জাহাজ ‘এনচিচি ফজৰ’ত, য’ত তিনিজন ভাৰতীয় নাৱিক আছিল, হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত আক্ৰমণৰ সন্মুখীন হয়। অৱশ্যে, তিনিজন ভাৰতীয় নাৱিকসহ জাহাজখনৰ সকলো কৰ্মচাৰী সুৰক্ষিত অৱস্থাত আছে। আমি পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নজৰ ৰাখিছোঁ আৰু আমাৰ নাৱিকসকলৰ সুৰক্ষা তথা সুস্থতা নিশ্চিত কৰিবলৈ জাহাজ পৰিচালনাকাৰী সংস্থাটোৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰক্ষা কৰি আহিছোঁ।’

শেহতীয়াকৈ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰানৰ বিৰুদ্ধে পুনৰ সামৰিক অভিযান আৰম্ভ কৰাৰ হুংকাৰ দিয়াৰ ফলত পশ্চিম এছিয়াত পুনৰ উত্তেজনাই দেখা দিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত হৰমুজ প্ৰণালী আৰু ইয়াৰ সংলগ্ন অঞ্চলত বাণিজ্যিক জাহাজৰ চলাচলৰ ক্ষেত্ৰত বিপদাশংকা বৃদ্ধি পাইছে। পশ্চিম এছিয়াত ছৌদি আৰৱ আমেৰিকাৰ অন্যতম সামৰিক মিত্ৰ হোৱাৰ বাবে দেশখনৰ পতাকাবাহী জাহাজত ইৰানৰ ৰেভলিউচনেৰী গাৰ্ড কৰ্পছে আক্ৰমণ চলোৱা বুলি বহুতে সন্দেহ প্ৰকাশ কৰে।

উল্লেখ্য যে, যোৱা ৪ নৱেম্বৰত হৰমুজ প্ৰণালীৰ মাজেৰে ভাৰত, চীন, ইৰাক আৰু কাটাৰৰ পতাকাবাহী বাণিজ্যিক জাহাজৰ চলাচলৰ ওপৰত থকা সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছিল ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেশ্বকিয়ানৰ চৰকাৰে। ইৰানৰ সংসদৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু বৈদেশিক নীতি সমিতিৰ উপাধ্যক্ষ আমিৰ হায়াত-মোগাদ্দামে জনাইছে যে, ভাৰত আৰু চীনৰ জাহাজসমূহে প্ৰণালীটো পাৰ হোৱাৰ সময়ত নিৰ্দিষ্ট ‘ট্ৰেনজিট ফী’ (মাচুল) আদায় দিব লাগিব। আনহাতে, কাটাৰৰ ক্ষেত্ৰত ট্ৰেনজিট ফী ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
##bigupdate #newsupdate #straightofhormuz #sarbanandasonowal #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।