নিউজ ডেস্ক : ছোনিয়া গান্ধীৰ বহু প্ৰতীক্ষিত আত্মজীৱনী ‘Belonging: A Journey of Love’ত তেওঁ নেহৰু-গান্ধী পৰিয়াললৈ অহা তেওঁৰ ব্যক্তিগত যাত্ৰাৰ এক বিৱৰণ আগবঢ়াইছে, কিন্তু মঙলবাৰে বজাৰলৈ অহা কিতাপখন কিছু তথ্যগত ভুলৰ বাবেও চৰ্চালৈ আহিছে।
আত্মজীৱনীখনৰ পৰা প্ৰদান কৰা অংশসমূহৰ অন্ততঃ তিনিটা ঐতিহাসিক তথ্য ভুল যেন দেখা গৈছে। ৰাজীৱ গান্ধীৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা এগৰাকী যুৱতী ইটালীৰ মহিলাৰ পৰা স্বাধীন ভাৰতৰ অন্যতম প্ৰভাৱশালী ৰাজনৈতিক ব্যক্তিত্বলৈ ছোনিয়া গান্ধীৰ উত্তৰণৰ কাহিনী বৰ্ণনা কৰা কিতাপখনৰ বিভিন্ন অধ্যায়ত এই ভুলসমূহ দেখা গৈছে।
আন্না হাজাৰেৰ দুৰ্নীতি বিৰোধী আন্দোলন: ২০১২ নহয়, ২০১১ চন
কিতাপখনৰ ৩৩ নং অধ্যায়ৰ ৪৬১ নং পৃষ্ঠাত এটা স্পষ্ট ভুল দেখা গৈছে, য'ত ছোনিয়া গান্ধীয়ে আন্না হাজাৰেৰ নেতৃত্বত চলা দুৰ্নীতি বিৰোধী আন্দোলনৰ বিষয়ে আলোচনা কৰিছে। এই আন্দোলনটো কংগ্ৰেছ নেতৃত্বাধীন সংযুক্ত প্ৰগতিশীল মৰ্চা (ইউ পি এ) চৰকাৰখনে সন্মুখীন হোৱা অন্যতম বৃহৎ ৰাজনৈতিক প্ৰত্যাহ্বান হৈ পৰিছিল।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।