নিউজ ডেস্ক : আদালত অৱমাননাৰ গোচৰত উত্তৰ দিবলৈ পলম কৰাক লৈ এইবাৰ অৰবিন্দ কেজৰিৱাল আৰু মনীষ ছিছোদিয়াক তিৰস্কাৰ কৰে দিল্লী উচ্চ ন্যায়ালয়ে। চাৰি সপ্তাহৰ সময় লাভ কৰাৰ পাছতো কেজৰিৱাল আৰু মনীষ ছিছোদিয়াসকলে আদালতৰ জাননীৰ কোনো উত্তৰ দাখিল কৰা নাই। এই লৈ অসন্তুষ্টি প্ৰকাশ কৰে উচ্চ ন্যায়ালয়ে। আদালতৰ প্ৰশ্ন, “আপোনালোকে আমাক বুৰ্বক সজাবলৈ চেষ্টা কৰিছে নেকি?”
কেজৰিৱালসহ আনসকলক উক্ত আদালত অৱমাননাৰ গোচৰত আদালতৰ জাননীৰ উত্তৰ দাখিল কৰিবলৈ আৰু তিনি সপ্তাহৰ সময় দিয়ে আদালতে। একে সময়তে তেওঁলোকক সকীয়াই দিয়া হৈছে যে, এয়াই তেওঁলোকৰ অন্তিম সুযোগ। ইয়াৰ পিছত আৰু উত্তৰ দাখিলৰ কোনো সুযোগ দিয়া নহ’ব।
তথ্য অনুসৰি, কেজৰিৱালৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ স্বৰ্ণকান্তা শৰ্মাৰ বিৰুদ্ধে মানহানিকৰ মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে । এই ঘটনাক কেন্দ্ৰ কৰি আদালত অৱমাননাৰ অভিযোগত আম আদমি পাৰ্টি (আপ)-ৰ মুৰব্বীসহ আন নেতাসকলৰ বিৰুদ্ধে গোচৰ চলি আছে। মঙলবাৰে ন্যায়াধীশ নবীন চাওলা আৰু ন্যায়াধীশ অৰুণ ভৰদ্বাজৰ বিচাৰপীঠত গোচৰটোৰ শুনানি গ্ৰহণৰ বাবে উত্থাপন হোৱাৰ সময়তে আদালতৰ প্ৰশ্নৰ সন্মুখীন হয় আপৰ নেতাসকল।
সেই সময়ত দিল্লীৰ আবকাৰী দুৰ্নীতি সংক্ৰান্তীয় গোচৰৰ শুনানি গ্ৰহণ কৰি আছিল ন্যায়াধীশ শৰ্মাৰ বিচাৰপীঠে। দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুৰব্বীগৰাকীৰ এই মন্তব্য দৃষ্টিগোচৰ হোৱাৰ পিছতে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল ন্যায়াধীশগৰাকীয়ে। সেই সময়ত তেওঁ মন্তব্য কৰিছিল যে, ন্যায়াধীশৰ পোছাকে সদায় শান্ত আৰু সংযত হৈ থকাৰ শিক্ষাই দিয়ে।
কিন্তু কেতিয়াবা নীৰৱ হৈ থকাটো উচিত নহয়। এই ঘটনাক কেন্দ্ৰ কৰি যোৱা মে’ মাহত কেজৰিৱালহঁতৰ বিৰুদ্ধে স্বতঃপ্ৰণোদিতভাৱে ফৌজদাৰী আদালত অৱমাননাৰ গোচৰ ৰুজু কৰিছিল দিল্লী উচ্চ ন্যায়ালয়ে। ন্যায়াধীশ শৰ্মাই কৈছিল, ‘‘আইনী প্ৰতিকাৰ বিচৰাৰ পৰিৱৰ্তে অৰবিন্দ কেজৰিৱালে মোৰ সুনাম বিনষ্ট কৰাৰ চেষ্টা কৰিছিল। বাক্স্বাধীনতাৰ আঁৰত আদালতৰ কৰ্তৃত্ব খৰ্ব কৰাৰ এনে ইচ্ছাকৃত প্ৰচেষ্টা কোনো কাৰণতে গ্ৰহণযোগ্য নহয়।’’
উল্লেখ্য যে, ইয়াৰ পূৰ্বে যোৱা ১৯ মে’ত কেজৰিৱালসহ আনসকলৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰত জাননী জাৰি কৰিছিল দিল্লী উচ্চ ন্যায়ালয়ে। জাননীৰ উত্তৰ দাখিল কৰিবলৈ তেওঁলোকক চাৰি সপ্তাহৰ সময় দিয়া হৈছিল। কিন্তু নিৰ্ধাৰিত সময় উকলি যোৱাৰ পাছতো উত্তৰ দাখিল নকৰাত কেজৰিৱালহঁতৰ ভূমিকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে উচ্চ ন্যায়ালয়ে। অহা জানুৱাৰী মাহত গোচৰটোৰ পৰৱৰ্তী শুনানিৰ বাবে আদালতত উত্থাপন হ’ব।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।