Friday, 20 November 2026
লগইন
ব্ৰেকিং

সেনাৰ গুলীত নিহত লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ ম’ষ্ট ৱাণ্টেড লতিফ ভাট

লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ লতিফ ভাট নিহত

নিউজ ডেস্ক : জম্মু-কাশ্মীৰৰ কুলগাম জিলাত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা এক সংঘৰ্ষত বুধবাৰে লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ তথা ম’ষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী লতিফ ভাট নিহত হৈছে । মঙলবাৰৰ পৰা ঘেৰাও কৰি ৰখা অঞ্চলটোৰ এটা মছজিদৰ ভিতৰত আৱদ্ধ হৈ থকা ভাটে আত্মসমৰ্পণ কৰিবলৈ বাৰে বাৰে কৰা আহ্বান প্ৰত্যাখ্যান কৰি নিৰাপত্তা বাহিনীৰ ওপৰত গুলীচালনা কৰিছিল ।

বুধবাৰে পুৱতি নিশা উপত্যকাটোৰ মছজিদসমূহত পুৱাৰ নামাজৰ বাবে আজান দিয়াৰ কিছু সময় পূৰ্বে এই সংঘৰ্ষ আৰম্ভ হয়। বিশেষ চোৰাংচোৱা তথ্যৰ ভিত্তিত নিৰাপত্তা বাহিনীয়ে দক্ষিণ কাশ্মীৰৰ দেৱচৰ এলেকাৰ জংগলপোৰা গাঁৱত এক ঘেৰাও আৰু তালাচী অভিযান আৰম্ভ কৰিছিল।

বিষয়াসকলে জনোৱা মতে, ভাট ঘেৰাওৰ ভিতৰত আৱদ্ধ হৈ পৰিছিল আৰু তেওঁক অস্ত্ৰ ত্যাগ কৰিবলৈ বাৰে বাৰে অনুৰোধ জনোৱা হৈছিল। ইয়াৰ পূৰ্বে কুলগামৰ এছ এছ পিয়ে কৈছিল যে ভাটে এটা মছজিদৰ ভিতৰৰ পৰা গুলীচালনা কৰি থকাৰ বাবে নিৰাপত্তা বাহিনীয়ে "সৰ্বোচ্চ সংযম" প্ৰদৰ্শন কৰিছে। 

ধৰ্মীয় অনুষ্ঠানটোৰ যাতে ন্যূনতম ক্ষতি হয় সেয়া নিশ্চিত কৰি তেওঁক নিষ্ক্ৰিয় কৰিবলৈ বাহিনীয়ে প্ৰয়োজনীয় সময় ল’ব বুলি তেওঁ উল্লেখ কৰিছিল। সোমবাৰে লাৰু বাইপাছৰ সমীপত হোৱা এক গুলীয়াগুলীত ১১ নৱেম্বৰত কুলগামৰ এটা চি আৰ পি এফ চকীত হোৱা আক্ৰমণৰ সৈতে জড়িত আন এজন সন্দেহযুক্ত সন্ত্ৰাসবাদী ওমৰ নিছাৰ দাৰক নিৰাপত্তা বাহিনীয়ে হত্যা কৰাৰ দুদিন পাছতে এই সংঘৰ্ষটো সংঘটিত হয়।

অৱশ্যে ভাট সেই সংঘৰ্ষস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছিল । ভাট আৰু দাৰ দুয়োজনেই সেই আক্ৰমণটো সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছিল, য’ত তিনিজন অৰ্ধসামৰিক বাহিনীৰ জোৱান আহত হৈছিল। দাৰৰ মৃত্যুৰ পাছত নিৰাপত্তা বাহিনীয়ে ভাটক বিচাৰি অঞ্চলটোত তালাচী অভিযান অব্যাহত ৰাখিছিল। বুধবাৰে পুৱতি নিশা তালাচীৰ সময়ত তেওঁৰ সৈতে পুনৰ মুখামুখি হোৱাত নতুনকৈ গুলীয়াগুলী আৰম্ভ হয়।
##Lashkar #Terrorist #Lateef Bhat #Killed #J&K Encounter

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।