Friday, 20 November 2026
লগইন
ব্ৰেকিং

পণ্ডিত জৱাহৰলাল নেহৰুৰ আজি জন্মদিন,দেশজুৰি শিশু দিৱস পালন

দেশজুৰি শিশু দিৱস পালন

নিউজ ডেস্ক : আজি ১৪ নৱেম্বৰ, শিশু দিৱস। ১৪ নৱেম্বৰ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন । পণ্ডিত নেহৰুৰ আছিল শিশুৰ প্ৰতি এক বিশেষ প্ৰীতি।

পণ্ডিত নেহৰুয়ে উল্লেখ কৰিছিল দেশৰ সুস্থ আৰু সুৰক্ষিত ভৱিষ্যতৰ ক্ষেত্ৰত শিশুসকলৰ ভূমিকা । শিশুৰ প্ৰতি থকা অগাধ মৰমৰ বাবে সকলোৰে মাজত পণ্ডিত নেহৰু জনপ্ৰিয় আছিল 'নেহৰু চাচা' ৰূপে । যাৰ বাবেই ১৪ নৱেম্বৰৰ দিনটো প্ৰত্যেক বছৰে দেশত পালন কৰি অহা হৈছে শিশু দিৱস ৰূপে ।

১৮৮৯ চনৰ ১৪ নৱেম্বৰত জন্মগ্ৰহণ কৰা পণ্ডিত জৱাহৰলাল নেহৰুৰ পিতৃ আছিল মতিলাল নেহৰু । তেওঁ আছিল এজন প্ৰখ্যাত উকীল আৰু সৰস্বত কৌল ব্ৰাহ্মণ সম্প্ৰদায়ৰ কাশ্মীৰী পণ্ডিত। তেওঁৰ মাতৃ স্বৰূপপ্ৰাণী থুছু লাহোৰৰ কাশ্মীৰী ব্ৰাহ্মণ পৰিয়ালৰ আছিল। জৱাহৰলাল তেওঁৰ প্ৰাথমিক শিক্ষা ঘৰতে হৈছিল। 

উল্লেখ্য যে,নেহৰুৱে ১৫ বছৰ বয়সতে পঢ়িবলৈ ইংলেণ্ডলৈ গৈছিল আৰু তাৰ পৰাই প্ৰাকৃতিক বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিছিল ।১৯১২ চনত ভাৰতলৈ ঘূৰি অহাৰ পাছত তেওঁ ৰাজনীতিৰ সৈতে জড়িত হৈ পৰিছিল । ১৯১৯ চনত তেওঁ মহাত্মা গান্ধীৰ সান্নিধ্য লাভ কৰিছিল আৰু তাৰ পাছতেই গান্ধী তেওঁ গুৰু হৈ পৰিছিল। 

নেহৰু কংগ্ৰেছৰ সভাপতি পদত দুবাৰকৈ অধিষ্ঠিত হৈছিল আৰু স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হৈছিল। মৃত্যুৰ সময়লৈকে নেহৰুৱে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ একেধাৰে ৰাজনীতি বিদ, সমাজবিদ, চিন্তাবিদ আদি আছিল । মহাত্মা গান্ধীৰ তত্ত্বাৱধানত তেওঁ ভাৰতীয় স্বাধীনতা আন্দোলনৰ সৰ্বোচ্চ নেতা হিচাপে আত্মপ্ৰকাশ কৰিছিল।
##ChildrenDay #birthanniversaryofPanditJawaharlalNehru #PanditJawaharlalNehru

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।