স্থলভাগত প্ৰৱেশ কৰাৰ সময়ত বতাহৰ গতিবেগ ঘণ্টাত ১২০-১৩০ কিলোমিটাৰ হ'ব পাৰে আৰু ইয়াৰ তীব্ৰতা ঘণ্টাত ১৪৫ কিলোমিটাৰ পৰ্যন্ত বৃদ্ধি পাব পাৰে। ইয়াৰ ফলত প্ৰায় ৫০০ কিলোমিটাৰ উপকূলীয় অঞ্চল প্ৰভাৱিত হ’ব পাৰে, যিটো অন্ধ্ৰ প্ৰদেশৰ মুঠ ১,০৫৩ কিলোমিটাৰ উপকূলৰেখাৰ প্ৰায় আধা অংশ।
পূৰ্বানুমানত এই ঘূৰ্ণীবতাহটো উত্তৰ উপকূলীয় অন্ধ্ৰ প্ৰদেশৰ ফালে গতি কৰিব পাৰে বুলি ইংগিত দিয়া হৈছিল। ইয়াৰ পূৰ্বে 'আৰ্ণৱ, মুৰাছুৱে' দক্ষিণ উপকূলীয় অন্ধ্ৰ প্ৰদেশৰ অংগোলৰ ওচৰত স্থলভাগ স্পৰ্শ কৰিছিল ।
দক্ষিণ-পূব বংগোপসাগৰৰ ওপৰত থকা নিম্নচাপটো সোমবাৰে শ্ৰীলংকাৰ ত্ৰিংকোমালিৰ পৰা প্ৰায় ৬৩০ কিলোমিটাৰ পূব-উত্তৰ-পূবত, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ শ্ৰী বিজয় পুৰমৰ পৰা ৬৯০ কিলোমিটাৰ পশ্চিমত, তামিলনাডুৰ চেন্নাইৰ পৰা ৭০০ কিলোমিটাৰ পূব-দক্ষিণ-পূবত, অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমৰ পৰা ৮০০ কিলোমিটাৰ দক্ষিণ-দক্ষিণ-পূবত আৰু ওড়িশাৰ গোপালপুৰৰ পৰা ৯১০ কিলোমিটাৰ দক্ষিণত অৱস্থান কৰি আছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।