Sunday, 08 November 2026
লগইন
ব্ৰেকিং

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণৰ প্ৰস্তাৱ সদনত গৃহীত

জ্ঞানেশ কুমাৰক অপসাৰণ !

নিউজ ডেস্ক : নিৰ্বাচন আয়োগৰ কাৰ্যকলাপক লৈ উত্থাপিত অভিযোগৰ পৰিপ্ৰেক্ষিতত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক পদৰ পৰা অপসাৰণৰ দাবী জনাই কেৰালাম ৰাজ্যৰ বিধানসভাত এটা প্ৰস্তাৱ গৃহীত হয় । লগতে নিৰ্বাচন আয়ুক্তসকলক নিযুক্তি দিয়াৰ দায়িত্বত থকা সমিতিখনৰ গাঁথনি সলনি কৰাৰো দাবী জনোৱা হয়।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ভি ডি সতীশনে উত্থাপন কৰা প্ৰস্তাৱটো কেইবাটাও সংশোধনীৰ সৈতে গৃহীত হয় ।

সোমবাৰে মুখ্যমন্ত্ৰী ভি ডি সতীশনে বিধানসভাত প্ৰস্তাৱটো SIR ত হোৱা খেলিমেলি আৰু হাজাৰ হাজাৰ লোকে নিজৰ ভোটাধিকাৰৰ পৰা বঞ্চিত হোৱাৰ আশংকা আছে বুলি উল্লেখ কৰা হৈছে ।

লগতে, সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ উদ্ধৃতি দি প্ৰস্তাৱটোত অভিযোগ কৰা হয় যে নিৰ্বাচন আয়োগে ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত নিৰ্বাচনী পঞ্জীয়ন বিষয়াসকলৰ ক্ষমতা সীমিত কৰিছে। ছফ্টৱেৰ ব্যৱস্থাৰ জৰিয়তে ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ ক্ষমতা কৰ্তন কৰা আৰু প্ৰচলিত নিয়মৰ পৰিপন্থীভাৱে প্ৰ-পত্ৰ ৬ (Form 6) সংশোধন কৰাৰ অভিযোগো উত্থাপন কৰা হয়।

ইয়াৰ উপৰি, আয়োগৰ অধিকাংশ সদস্যই এই পদক্ষেপসমূহৰ সৈতে অসন্মতি প্ৰকাশ কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশিত প্ৰতিবেদনৰ কথাও প্ৰস্তাৱটোত উল্লেখ কৰা হয়।

সংশোধনীমূলক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাই প্ৰস্তাৱটোত নিৰ্বাচন আয়োগক অভিযোগ অনুসৰি হোৱা অনিয়মসমূহ শুধৰণি কৰিবলৈ আৰু ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰা সকলো যোগ্য নাগৰিকৰ ভোটাধিকাৰ পুনৰ নিশ্চিত কৰিবলৈ আহ্বান জনোৱা হয়।

প্ৰস্তাৱটোত কোৱা হয় যে নিৰ্বাচন আয়োগে এটা সাংবিধানিক সংস্থা হিচাপে চৰকাৰৰ প্ৰভাৱৰ পৰা মুক্ত হৈ নিৰপেক্ষ আৰু স্বাধীনভাৱে কাম কৰিব লাগিব। ভোটাৰ তালিকাত হেৰফেৰ কৰাৰ অভিযোগে নিৰ্বাচনী প্ৰক্ৰিয়াৰ প্ৰতি জনসাধাৰণৰ আস্থা দুৰ্বল কৰে বুলিও প্ৰস্তাৱটোত উল্লেখ কৰা হয়।

ইয়াৰ লগতে, মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্তসকলক নিযুক্তি দিয়াৰ বাবে দায়িত্বপ্ৰাপ্ত বাছনি সমিতিখন পুনৰ গঠন কৰাৰ দাবী জনোৱা হয়।

প্ৰস্তাৱটোত সংশোধনী উত্থাপন কৰি বিজেপিৰ বিধায়ক ভি মুৰলীধৰণে কয়, “এই প্ৰস্তাৱৰ তৃতীয় অনুচ্ছেদত থকা ‘১৯৬০ চনৰ ভোটাৰ পঞ্জীয়ন নিয়ম উলংঘা কৰি প্ৰ-পত্ৰ ৬ সংশোধন কৰা হৈছিল’ বাক্যাংশটোৰ পিছত মই তলত দিয়া কথাখিনি সংযোজন কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ—এই সংবাদ মাধ্যমৰ প্ৰতিবেদনটো নিৰ্বাচন আয়োগে নিজেই ভুল বুলি উল্লেখ কৰিছে। লগতে, চতুৰ্থ অনুচ্ছেদৰ আৰম্ভণিতে থকা ‘প্ৰশাসনিক প্ৰভাৱৰ পিছত’ বাক্যাংশটোৰ পিছত মই এই কথাখিনি সংযোজন কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ—এটা সাংবিধানিক সংস্থা হিচাপে নিৰ্বাচন আয়োগৰ বিশ্বাসযোগ্যতা হ্ৰাস কৰিবলৈ স্বাৰ্থান্বেষী মহলে চলোৱা প্ৰচেষ্টাক আমি তীব্ৰ গৰিহণা দিছোঁ।”

প্ৰস্তাৱটোত নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈ উত্থাপিত গুৰুতৰ সন্দেহৰ কথা উল্লেখ কৰি মুখ্য নিৰ্বাচন আয়ুক্তক পদৰ পৰা অপসাৰণৰ বাবে নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰীয় চৰকাৰক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হয়।

সংবিধানৰ ৩২৬ নং অনুচ্ছেদৰ অধীনত নাগৰিকসকলক প্ৰদান কৰা ভোটাধিকাৰ অক্ষুণ্ণ ৰখাৰ বাবে এই পদক্ষেপসমূহ প্ৰয়োজনীয় বুলি প্ৰস্তাৱটোত উল্লেখ কৰা হয়।
##bigupdate #newsupdate #cec #gyaneshkumar #kerela #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।