Friday, 20 November 2026
লগইন

জেনী গোচৰত নতুন তথ্য, ইন্দিৰা দেউৰীৰ অভিযোগৰ তদন্তৰ বাবে উত্তৰাখণ্ডত SIT গঠন

ইন্দিৰা দেউৰীৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা i

নিউজ ডেস্ক : বহুচৰ্চিত জেনী গোচৰে এইবাৰ লৈছে নতুন মূৰ লৈছে । ২৩ বছৰ পুৰণি যৌন নিৰ্যাতনৰ অভিযোগক কেন্দ্ৰ কৰি অসম আৰু উত্তৰাখণ্ডৰ মাজত সৃষ্টি হৈছে ৰাজনৈতিক তৎপৰতা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ পিছতে গোচৰটোৱে নতুন গতি লাভ কৰিছে।

উল্লেখ্য যে অসমৰ বাসিন্দা ইন্দিৰা দেউৰী, যাক জেনী নামেৰে জনা যায়, তেওঁ উত্তৰাখণ্ডৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেবিনেট মন্ত্ৰী হৰক সিং ৰাৱটৰ বিৰুদ্ধে ২৩ বছৰ পুৰণি যৌন নিৰ্যাতনৰ অভিযোগ পুনৰ উত্থাপন কৰিছে।
জানিব পৰা মতে, গুৱাহাটীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি জেনীয়ে ন্যায়ৰ বাবে বিগত প্ৰায় দুটা দশক ধৰি চলাই অহা সংগ্ৰামৰ বিষয়ে অৱগত কৰে। মুখ্যমন্ত্ৰীৰ সমৰ্থন লাভ কৰাৰ পিছতে জেনীয়ে অসমৰ পৰা উত্তৰাখণ্ডলৈ যাত্ৰা কৰে।

ইফালে, জেনীৰ নতুন অভিযোগৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে তদন্তৰ নিৰ্দেশ দিছে। অভিযোগৰ তদন্তৰ বাবে ডইৱালাৰ চাৰ্কোল অফিচাৰ বন্দনা বাৰ্মাৰ নেতৃত্বত এটা বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰা হৈছে।

ডেৰাডুনত অনুষ্ঠিত এখন সংবাদমেলত জেনীয়ে কয় যে চৰকাৰৰ শীৰ্ষ পৰ্যায়ত তেওঁৰ দুখ-দুৰ্দশাৰ কথা অৱগত হোৱাৰ পিছতহে তেওঁ ন্যায়ৰ বাবে পুনৰ যুঁজিবলৈ সাহস লাভ কৰিছে। তেওঁ গোচৰটোৰ নতুনকৈ কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ’ (CBI)-ৰ দ্বাৰা তদন্ত কৰাৰ লগতে তেওঁৰ ২৩ বছৰীয়া পুত্ৰৰ জৈৱিক পিতৃত্ব নিশ্চিত কৰিবলৈ পুনৰ DNA পৰীক্ষা কৰাৰ দাবী জনায়।

জেনীৰ অভিযোগ অনুসৰি, ২০০২ চনত তেওঁ মাত্ৰ ১৬ বছৰীয়া নাবালিকা হৈ থকাৰ সময়তে এটা STD বুথত কাম কৰিছিল। সেই সময়ছোৱাত তেওঁক যমুনা কলনীত থকা হৰক সিং ৰাৱটৰ বাসগৃহত আৱদ্ধ কৰি ৰখা হৈছিল আৰু বাৰে বাৰে যৌন নিৰ্যাতন চলোৱা হৈছিল বুলি অভিযোগ উত্থাপন কৰিছে।
দীৰ্ঘদিন ধৰি ন্যায়ৰ দাবীত যুঁজ দি অহা জেনীৰ শেহতীয়া পদক্ষেপ আৰু SIT গঠনৰ সিদ্ধান্তই এতিয়া সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে। অৱশ্যে, উত্থাপিত অভিযোগসমূহৰ সত্যতা তদন্তৰ পিছতহে স্পষ্ট হ’ব।
##bigupdate #newsupdate #himantabiswasarma #indiradeori #haraksinghrawat #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।