Friday, 20 November 2026
লগইন

প্ৰধানমন্ত্ৰীৰ পদ প্ৰত্যাখ্যানৰ পৰা পৰিয়ালৰ বহু নজনা তথ্য! কি আছে ছোনীয়া গান্ধীৰ আত্মজীৱনীত?

মাতৃক কিয় খং কৰিছিল ৰাহুল গান্ধীয়ে !

নিউজ ডেস্ক : ২০০৪ চনৰ নিৰ্বাচনত জয়লাভ কৰিছিল কংগ্ৰেছ নেতৃত্বাধীন ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্সে (ইউপিএ)।চৰকাৰ গঠনৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ পদক লৈ যেতিয়া আলোচনা তুংগত উঠিছিল, তেতিয়া চৰকাৰৰ নেতৃত্ব কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে দিব বুলি সিদ্ধান্ত লোৱা হৈছিল। এই প্ৰস্তাৱ তেওঁৰ ওচৰত আগবঢ়োৱা হৈছিল।

কিন্তু সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল ছোনিয়া গান্ধীয়ে। মঙলবাৰে প্ৰকাশ পোৱা তেওঁৰ আত্মজীৱনী ‘বিলংগিং: এ জাৰ্নি অৱ লাভ’ত সেই স্মৃতি ৰোমন্থন কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ পদৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ কাৰণো ব্যাখ্যা কৰিছে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। অৱশ্যে কেৱল এই বিষয়টোৱেই নহয়, গান্ধী পৰিয়ালৰ বহু নজনা তথ্যৰ লগতে তেওঁৰ ৰাজনৈতিক জীৱনৰ বিভিন্ন দিশো গ্ৰন্থখনত উন্মোচন কৰিছে ।

বিভিন্ন সংবাদমাধ্যমত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, ছোনিয়া গান্ধীয়ে তেওঁৰ আত্মজীৱনীত এই সন্দৰ্ভত উল্লেখ কৰে যে, কেনেদৰে তেওঁ নিজৰ ‘অন্তৰৰ মাত’কেই অধিক গুৰুত্ব দিছিল। দলৰ অধিকাংশ নেতাই তেওঁক প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ হিচাপে প্ৰক্ষেপ কৰি তেওঁৰ সমৰ্থনত সৰৱ হৈ উঠিছিল।

কিন্তু সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি নিজৰ অন্তৰৰ মাতকেই প্ৰাধান্য দিছিল বুলি ছোনিয়া গান্ধীয়ে উল্লেখ কৰে। তেওঁ লিখে “নিৰ্বাচনৰ কেইমাহমান পূৰ্বে প্ৰধানমন্ত্ৰীৰ পদক লৈ ৰাহুল আৰু প্ৰিয়ংকাৰ সৈতে আলোচনা কৰিছিলোঁ। তেওঁলোকৰ মাজৰ এজনে মোক পোনপটীয়াকৈ সুধিছিল যে, নিৰ্বাচনত জয়লাভ কৰিলে মই প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ কৰিম নেকি? তেতিয়া প্ৰায় বিৰক্তিৰ সুৰতেই কৈছিলোঁ, একেবাৰেই নহয়!’’

কংগ্ৰেছ নেত্ৰীগৰাকীয়ে জনোৱা মতে, এই কথা শুনি ৰাহুল আৰু প্ৰিয়ংকাই পুনৰ তেওঁৰ ওচৰত জানিব বিচাৰিছিল যে, তেওঁ এই বিষয়ত নিশ্চিত নেকি? তেতিয়াও তেওঁলোকক জনাইছিল যে, এই সন্দৰ্ভত তেওঁৰ কোনো সন্দেহ নাই। ছোনিয়াৰ ভাষাত, ‘‘মই তেতিয়া দৃঢ়তাৰে তেওঁলোকক এই কথা জনাইছিলোঁ।’’

নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত ইউপিএৰ নেতাসকল ছোনিয়া গান্ধীৰ ১০ জনপথৰ বাসভৱনত উপস্থিত হৈছিল। তেওঁক সিদ্ধান্ত সলনি কৰিবলৈ সৈমান কৰাৰ চেষ্টা চলাইছিল। কিন্তু ছোনিয়া গান্ধীয়ে নিজৰ সিদ্ধান্তৰ কথা মিত্ৰজোঁটৰ নেতাসকলক স্পষ্টভাৱে অৱগত কৰিছিল। অৱশ্যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি গৈছিল। নেতাসকলেও উভতি উত্তৰ দিছিল যে, তেওঁলোকে এই সিদ্ধান্ত মানি নলয়।

একপ্ৰকাৰ ‘হেঁচা’ৰ সন্মুখীন হৈ অৱশেষত তেওঁ মৃদু স্বৰেৰে কৈ উঠিছিল, ‘ঠিক আছে।’’

বাহিৰৰ পৰা সমগ্ৰ বিষয়টো লক্ষ্য কৰি আছিল কন্যা প্ৰিয়ংকাই। মাতৃক ‘হেঁচা’ৰ সন্মুখত পৰি প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ কৰিবলৈ সন্মত হোৱা দেখি প্ৰিয়ংকা পোনে পোনে ৰাহুল গান্ধীৰ কোঠালৈ গৈছিল। ছোনিয়া গান্ধী কোঠাটোত উপস্থিত হোৱাৰ পিছতে ৰাহুল আৰু প্ৰিয়ংকা দুয়োগৰাকীয়ে মাতৃৰ সিদ্ধান্তৰ বিৰোধিতা কৰে। ৰাহুলে প্ৰশ্ন কৰে, ‘‘তুমি কেনেকৈ সন্মতি দিলা?’’ ইয়াৰ পিছতে খঙতে কোঠাৰ তেওঁ পৰা ওলাই যায় । আনহাতে, প্ৰিয়ংকাই মাতৃক নিজৰ সিদ্ধান্তত অটল হৈ থকাৰ পৰামৰ্শ দিয়ে।

উল্লেখ্য যে, ছোনিয়া গান্ধীয়ে কয়, ‘‘মোৰ মনো দ্বিধাগ্ৰস্ত হৈ পৰিছিল। এটা অংশই এই চিন্তাধাৰাক সম্পূৰ্ণৰূপে নাকচ কৰিছিল। আনটো অংশই আকৌ দলৰ কৰ্মীসকলৰ প্ৰতি থকা দায়িত্বৰ কথা মনত পেলাই দিছিল।’’

কিন্তু অৱশেষত তেওঁ প্ৰধানমন্ত্ৰীৰ পদৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ সিদ্ধান্ততে অটল থাকে। মাতৃয়ে অৱশেষত এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ কথা জানিব পাৰি ৰাহুল আৰু প্ৰিয়ংকা অত্যন্ত আনন্দিত হৈছিল। ছোনিয়াই কয়, ‘‘এই বিষয়টোক লৈ তেওঁলোক (ৰাহুল আৰু প্ৰিয়ংকা) অত্যন্ত উদ্বিগ্ন হৈ আছিল। কিন্তু মই প্ৰস্তাৱটো প্ৰত্যাখ্যান কৰা বুলি জানিব পাৰি তেওঁলোকে স্বস্তিৰ নিশ্বাস এৰিছিল।’’

ছোনিয়াৰ ভাষাত, ‘‘তেওঁলোকে আইতাকৰ হত্যাকাণ্ড আৰু পিতৃৰ নৃশংস হত্যাৰ যন্ত্ৰণা সহ্য কৰিছে। তেওঁলোকৰ মনত প্ৰধানমন্ত্ৰীৰ পদ মানেই আছিল অধিক বিপদৰ আশংকা। মোৰ সিদ্ধান্তৰ কথা শুনাৰ পিছত তেওঁলোকৰ মুখত স্বস্তিৰ ভাব দেখিবলৈ পাইছিলোঁ।সেই সময়ত ৰাহুলে আৱেগিকভাৱে কৈছিল, ‘‘এইটোৱেই সঠিক সিদ্ধান্ত।’’

আনহাতে, প্ৰধানমন্ত্ৰীৰ পদৰ বাবে মনমোহন সিঙক কিয় বাছনি কৰিছিল, সেই বিষয়েও আত্মজীৱনীত ব্যাখ্যা আগবঢ়াইছে ছোনিয়া গান্ধীয়ে।

ছোনিয়া গান্ধীৰ মতে, মনমোহন সিঙৰ সততাক লৈ কোনেও প্ৰশ্ন উত্থাপন কৰিব নোৱাৰিলেহেঁতেন। তেওঁ গ্ৰন্থখনত লিখিছে, ‘‘বহু জ্যেষ্ঠ নেতা আছিল, যিসকল এই পদৰ বাবে যোগ্য আছিল। কিন্তু তেওঁলোকৰ মাজৰ এজন ব্যক্তিয়ে বিশেষভাৱে মোৰ দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁ আছিল মনমোহন সিং। তেওঁ এনে এগৰাকী ব্যক্তিত্বৰ অধিকাৰী আছিল, যাৰ বিৰুদ্ধে কোনেও আঙুলি টোঁৱাব নোৱাৰিলেহেঁতেন। কেৱল সেয়াই নহয়, চৰকাৰ পৰিচালনাৰ ক্ষেত্ৰতো তেওঁৰ গভীৰ জ্ঞান আৰু অভিজ্ঞতা আছিল।’’

লগতে তেওঁ উল্লেখ কৰে যে, ৯০ৰ দশকৰ আৰম্ভণিতে মনমোহন সিঙে দেশৰ বিত্তমন্ত্ৰীৰ দায়িত্বও পালন কৰিছিল।

গ্ৰন্থখনত ছোনিয়া গান্ধীয়ে নিজৰ পৰিয়াল আৰু ব্যক্তিগত জীৱনৰ বিষয়েও বহু তথ্য দাঙি ধৰিছে। তাত ৰাজীৱ গান্ধীয়ে কেনেদৰে তেওঁৰ পিতৃক বিয়াৰ বাবে সন্মতি প্ৰদান কৰিবলৈ সৈমান কৰিছিল, সেই প্ৰসংগৰ বৰ্ণনাৰ লগতে ১৯৮৪ চনত ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডৰ পিছত ৰাজীৱ গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰাৰ কথাও উল্লেখ কৰিছে।

ইয়াৰ উপৰি, শাহুৱেক হিচাপে ইন্দিৰা গান্ধী কেনে আছিল, নিজৰ ৰাজনৈতিক জীৱনৰ বিভিন্ন অভিজ্ঞতা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে তেওঁৰ সম্পৰ্ক কেনেধৰণৰ, সেই বিষয়সমূহো আত্মজীৱনীখনত উল্লেখ কৰিছে ছোনিয়া গান্ধীয়ে।

শাহুৱেক ইন্দিৰা গান্ধীক লৈ স্মৃতি ৰোমন্থন

প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা শাহুৱেক ইন্দিৰা গান্ধীক লৈও স্মৃতি ৰোমন্থন কৰিছে ছোনিয়া গান্ধীয়ে। ইন্দিৰা গান্ধীয়ে কেনেদৰে খং প্ৰকাশ কৰিছিল আৰু অপছন্দৰ ব্যক্তিসকলৰ সৈতে কেনে ধৰণৰ আচৰণ কৰিছিল, সেই বিষয়সমূহো তেওঁ আত্মজীৱনীখনত তুলি ধৰিছে।

গান্ধী পৰিয়ালৰ বোৱাৰী হিচাপে প্ৰথম বছৰৰ অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰি ছোনিয়া গান্ধীয়ে জনায় যে, ইন্দিৰা গান্ধীৰ খং প্ৰকাশৰ ধৰণে তেওঁক যথেষ্ট অস্বস্তিত পেলাইছিল। কেতিয়াবা কোনো ব্যক্তিৰ আচৰণত ক্ষুব্ধ হ’লে ইন্দিৰা গান্ধীয়ে সেই ব্যক্তিৰ সৈতে কথা-বতৰা বন্ধ কৰি দিছিল। তেওঁক সম্পূৰ্ণৰূপে উপেক্ষা কৰি চলিছিল। অৱশ্যে নিজৰ খং প্ৰকাশৰ বাবে পিছলৈ তেওঁ অনুতপ্তও হৈছিল।

ৰাহুলক ৰাজনীতিত যোগ দিয়াত কিয় বাধা দিয়া নাছিল?

স্বামী ৰাজীৱ গান্ধীয়ে যাতে ৰাজনীতিত ভৰি নিদিয়ে, তাৰ বাবে বাৰে বাৰে অনুৰোধ জনাইছিল ছোনিয়া গান্ধীয়ে। কিন্তু পুত্ৰ ৰাহুল গান্ধীক ৰাজনীতিত যোগ দিয়াত কোনো বাধা দিয়া নাছিল তেওঁ। কিয় বাধা দিয়া নাছিল, সেই কথাও আত্মজীৱনীত উল্লেখ কৰিছে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। তেওঁ লিখিছে, ‘‘বহুদিন ধৰি ৰাজনীতিৰ প্ৰতি ৰাহুলৰ আগ্ৰহ আছিল।’’

ৰাহুলে স্কুলত পঢ়ি থকা সময়ত ৰাজীৱ গান্ধীয়ে তেওঁক নিজৰ সংসদীয় সমষ্টি আমেথীলৈ লৈ গৈছিল। গ্ৰাম্য জীৱনৰ বাস্তৱ ছবিৰ বিষয়ে ৰাহুলক সম্যক ধাৰণা দিয়াৰ উদ্দেশ্যেই তেওঁক তাত লৈ যোৱা হৈছিল বুলি জনাইছে ছোনিয়া গান্ধীয়ে।

তেওঁ লিখিছে, ‘‘দুই দশক পূৰ্বে মই ৰাজীৱক বাৰে বাৰে ৰাজনীতিৰ সৈতে নিজকে জড়িত নকৰিবলৈ অনুৰোধ জনাইছিলোঁ। কিন্তু নিজৰ পুত্ৰৰ ক্ষেত্ৰত মই তেওঁক বাধা দিব নোৱাৰিলোঁ।’’

প্ৰণৱ মুখাৰ্জীক লৈ ছোনিয়া গান্ধীৰ স্মৃতিচাৰণ

আত্মজীৱনীখনত প্ৰয়াত ৰাষ্ট্ৰপতি তথা কংগ্ৰেছ নেতা প্ৰণৱ মুখাৰ্জীৰ বিষয়েও স্মৃতিচাৰণ কৰিছে ছোনিয়া গান্ধীয়ে। প্ৰণৱ মুখাৰ্জীৰ এটা পৰামৰ্শই কেনেদৰে তেওঁক আচৰিত কৰি তুলিছিল, সেই কথাও উল্লেখ কৰিছে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। তেওঁৰ দাবী অনুসৰি, ২০১০ চনৰ এদিন প্ৰণৱ মুখাৰ্জীয়ে তেওঁক কৈছিল যে, এইবাৰ দলৰ শীৰ্ষ নেতৃত্বৰ স্তৰত পৰিৱৰ্তন অনাৰ সময় আহি পৰিছে। 

এই পৰামৰ্শ শুনি ছোনিয়া গান্ধী আচৰিত হৈ পৰিছিল। তেওঁ লিখিছে, ‘‘প্ৰণৱ মুখাৰ্জীয়ে কৈছিল, হয়তো চৰকাৰৰ শীৰ্ষ স্তৰত পৰিৱৰ্তন অনাৰ সময় আহি পৰিছে। তেওঁৰ এই কথা শুনি মই আচৰিত হৈছিলোঁ। মোৰ এনে লাগিছিল যে, প্ৰধানমন্ত্ৰী হোৱাৰ দীৰ্ঘদিনীয়া ইচ্ছাৰ পৰাই তেওঁ এই কথা কৈছে।’’

ছোনিয়াই এই সন্দৰ্ভত জনায় যে, বিষয়টোক লৈ আলোচনা অধিক আগবঢ়াই নিয়াৰ পৰিৱৰ্তে তেওঁ কৌশলেৰে প্ৰসংগ সলনি কৰি দিছিল।

প্ৰধানমন্ত্ৰী মোদীক লৈ ছোনিয়া গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে থকা সম্পৰ্কৰ বিষয়েও আত্মজীৱনীখনত উল্লেখ কৰিছে ছোনিয়া গান্ধীয়ে। তেওঁৰ ভাষাত, ‘‘আজিলৈকে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে মোৰ প্ৰকৃতাৰ্থত কোনো যোগাযোগ হোৱা নাই। চৰকাৰী অনুষ্ঠানতহে আমাৰ সাক্ষাৎ হয়। উদাহৰণস্বৰূপে, লোকসভাৰ অধ্যক্ষৰ কোঠাত।’’

লগতে ছোনিয়া গান্ধীয়ে জনায় যে, তেওঁলোকৰ মাজত সাক্ষাৎ হ’লে পৰস্পৰে ‘নমস্কাৰ’ বিনিময় কৰে। তেওঁৰ ভাষাত, ‘‘এয়া আগৰ পৰিৱেশৰ পৰা সম্পূৰ্ণ পৃথক। অতীতত বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে ইজনে সিজনৰ সৈতে আন্তৰিকতাৰে ব্যৱহাৰ কৰিছিল। কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে সাধাৰণতে আনফালে চাই থাকে। পোনপটীয়াকৈ চকুত চকু থৈ কথা কোৱাৰ পৰা তেওঁ আঁতৰি থাকে।’’

কংগ্ৰেছ আৰু বিজেপিৰ আদৰ্শগত পাৰ্থক্যৰ কথা উল্লেখ কৰি ছোনিয়া গান্ধীয়ে জনায় যে, প্ৰধানমন্ত্ৰী মোদীয়ে যেনেদৰে ভাৰতৰ বাবে নিজৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ যুঁজ অব্যাহত ৰাখিছে, তেনেদৰে তেৱোঁ নিজৰ ধৰণে যুঁজ অব্যাহত ৰাখিছে। অৱশ্যে এই ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাই কেতিয়াও ব্যক্তিগত সম্পৰ্কত কোনো ধৰণৰ তিক্ততাৰ সৃষ্টি কৰা নাই বুলি ছোনিয়া গান্ধীয়ে উল্লেখ কৰিছে।
##bigupdate #newsupdate #congress #rahulgandhi #soniagandhi #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।