Friday, 20 November 2026
লগইন
ব্ৰেকিং

ফটকা ফুটোৱাক কেন্দ্ৰ কৰি সংঘাত, প্ৰতিবেশীৰ গুলীত আহত ৰাষ্ট্ৰপতি ভৱনৰ সুৰক্ষা কৰ্মী

ৰাষ্ট্ৰপতি ভৱনৰ ভৱনৰ সুৰক্ষা কৰ্মী

নিউজ ডেস্ক : দীপাৱলীৰ নিশা ফটকা ফুটোৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। এই সংঘাতৰ পৰিণতিত দুয়োপক্ষৰ মাজত মাৰপিট আৰম্ভ হয়। অৱশেষত সংঘটিত হয় ৰক্তাক্ত ঘটনা। প্ৰতিবেশীৰ গুলীত গুৰুতৰভাৱে আহত হয় ৰাষ্ট্ৰপতিৰ দেহৰক্ষী। তেওঁৰ মূৰত গুলী লাগে।

ৰাষ্ট্ৰপতি ভৱনৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত সেনা জোৱানসকলৰ ভিতৰত আছিল সৌৰভ তোমৰ। উত্তৰ প্ৰদেশৰ বাগপতত বাসিন্দা। দীপাৱলীৰ বন্ধত তেওঁ ঘৰলৈ আহিছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি, দীপাৱলীৰ নিশা ঘৰৰ সন্মুখত পৰিয়ালৰ আন সদস্যসকলৰ সৈতে ফটকা ফুটাই আছিল সৌৰভে।

কিন্তু ফটকা ফুটোৱাক লৈ আপত্তি দৰ্শায় দুই প্ৰতিবেশী ধীৰজ আৰু মনুৱে। সম্পৰ্কত তেওঁলোক দুয়ো ভাতৃ। এই বিষয়টোক লৈ সৌৰভৰ ভাতৃ বিনীতৰ সৈতে ধীৰজহঁতৰ কাজিয়াৰ সূত্ৰপাত হয়। প্ৰথমে তৰ্কা-তৰ্কি আৰু পিছলৈ দুয়োপক্ষৰ মাজত মাৰপিট আৰম্ভ হয়। অভিযোগ অনুসৰি, হঠাতে ধীৰজে পিষ্টল উলিয়াই গুলীচালনা কৰে। গুলীটো প্ৰথমে এখন বেৰত লাগে। সেই বেৰৰ ওচৰতে থিয় হৈ আছিল সৌৰভ। বেৰত খুন্দা খাই গুলীটো সৌৰভৰ মূৰত আঘাত কৰে।

এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে উত্তেজনাৰ সৃষ্টি হয়। অভিযোগ অনুসৰি, ধীৰজে সৌৰভৰ পৰিয়ালক প্ৰাণে মৰাৰ ভাবুকি দিয়ে। ইয়াৰ পিছতে তেওঁ অঞ্চলটোৰ পৰা পলায়ন কৰে। গুৰুতৰভাৱে আহত ২৬ বছৰীয়া সৌৰভক চিকিৎসালয়লৈ লৈ যোৱা হয়। অস্ত্ৰোপচাৰৰ জৰিয়তে চিকিৎসকসকলে তেওঁৰ মূৰৰ পৰা গুলীটো উলিয়াই আনে। বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে ।

ধীৰজ আৰু মনুৰ বিৰুদ্ধে থানাত অভিযোগ দাখিল কৰা হয়। সেই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে দুই অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ চেষ্টা কৰাৰ গোচৰ ৰুজু কৰে। অৱশ্যে বৰ্তমানেও পলাতক অৱস্থাত আছে দুয়োগৰাকী অভিযুক্ত। তদন্তকাৰী আৰক্ষী বিষয়া অংশু জৈনে জানিবলৈ দিয়ে যে অভিযুক্ত দুজনৰ সন্ধানত অভিযান অব্যাহত আছে। শীঘ্ৰেই তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ’ব। জানিব পৰা মতে, প্ৰায় দুবছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল সৌৰভ। তেওঁৰ এটি ন মাহৰ সন্তান আছে।
##RashtrapatiBhawan #RashtrapatiBhawansecurity #shotinhead #firecrackerrow #UP

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।