Friday, 20 November 2026
লগইন
ব্ৰেকিং

AI ৰ সহায়ত কিতাপ লিখি চৰকাৰী পুথিভঁৰালত বিক্ৰী , গ্ৰেপ্তাৰ প্ৰকাশক

কিতাপত দুৰ্নীতি! গ্ৰেপ্তাৰ প্ৰকাশক

নিউজ ডেস্ক : AIৰ সহায়ত বৃহৎ সংখ্যক কিতাপ লিখাই সেইবোৰ ছপা কৰি তামিলনাডুৰ চৰকাৰী পুথিভঁৰালসমূহত বিক্ৰী কৰিছিল এজন প্ৰকাশকে। ১.৭৪ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগত মোহন নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে ৰাজ্যখনৰ দুৰ্নীতি নিবাৰক শাখাই (DVAC)। 

ডিভিএচিৰ (DVAC) বিষয়াসকলে জনোৱা মতে, আৰ মোহনে প্ৰকাশনাৰ ব্যৱসায়ৰ আঁৰত ‘অগল ভিলক্কু’ আৰু ‘ফিনিক্স’ নামৰ দুটা ভুৱা প্ৰকাশন সংস্থা খুলিছিল। এই সংস্থা দুটাৰ জৰিয়তে কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) সহায়ত হাজাৰ হাজাৰ কিতাপ ছপা কৰিছিল। কিতাপসমূহৰ দামো যথেষ্ট বেছি নিৰ্ধাৰণ কৰা হৈছিল।

তদন্তত প্ৰকাশ পোৱা অনুসৰি, ২০২৪ চনৰ ডিচেম্বৰৰ পৰা ২০২৬ চনৰ ফেব্ৰুৱাৰীৰ ভিতৰত মোহনে মুঠ ৫,৩১৬খন কিতাপৰ ISBN পঞ্জীয়ন কৰাইছিল। ইয়াৰে ২,৩৯৩খন কিতাপ ‘অগল ভিলক্কু’ আৰু ২,৯২৩খন ‘ফিনিক্স’ নামৰ প্ৰকাশন সংস্থাৰ পৰা প্ৰকাশ কৰা হৈছিল।

বিষয়াসকলে আৰু জনোৱা মতে, মনিকা, ৰবি, লক্ষ্মী আদি নামৰ ছগৰাকী কাল্পনিক লেখকৰ প্ৰত্যেকৰে নামত ১০০খনতকৈও অধিক কিতাপ ছপা কৰা হৈছিল। ইয়াৰ উপৰি আন ৭৪ গৰাকী কাল্পনিক লেখকৰ নামো তদন্তত পোহৰলৈ আহিছে। আনকি বিদেশী লেখকৰ জনপ্ৰিয় কিতাপ হুবহু নকল কৰি কাল্পনিক ভাৰতীয় লেখকৰ নামত প্ৰকাশ কৰাৰো তথ্য পোৱা গৈছে। এনে কিতাপৰ ভিতৰত নিনা শ্বিকৰ লিখা ‘ডিপফেক: দ্য কামিং অৱ ইনফোকেলিপ্স’ নামৰ কিতাপখনো আছে।

উল্লেখ্য যে, চৰকাৰী নিয়ম অনুসৰি, কিতাপ নিৰ্বাচন সমিতি আৰু মূল্য নিৰ্ধাৰণ সমিতিৰ অনুমোদনৰ পিছতহে পুথিভঁৰালৰ তৰফৰ পৰা কোনবোৰ কিতাপ ক্ৰয় কৰা হ’ব, সেই তালিকা চূড়ান্ত কৰা হয়। অভিযোগ অনুসৰি, ২০২৫ চনত গঠন কৰা সমন্বয় সমিতিয়ে কোনো ধৰণৰ পৰীক্ষা-নিৰীক্ষা নকৰাকৈয়ে মোহনৰ প্ৰকাশিত কিতাপসমূহ চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত কৰিছিল। কোয়ম্বাটুৰৰ পেৰিয়াৰ আৰিভুলাগমকে ধৰি ৰাজ্যখনৰ বিভিন্ন চৰকাৰী পুথিভঁৰালৰ বাবে এই কিতাপসমূহ ক্ৰয় কৰা হৈছিল।

তথ্য অনুসৰি, ৬ নৱেম্বৰত তামিলনাডুৰ বিদ্যালয় শিক্ষা বিভাগে ৰাজ্যখনৰ ১২টা পুথিভঁৰালৰ বাবে কিতাপ ক্ৰয়ৰ ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি বিতং তদন্তৰ বাবে DVACক এখন পত্ৰ প্ৰেৰণ কৰে। ১৫ নৱেম্বৰত দুৰ্নীতি নিবাৰক শাখাই মোহন আৰু পুথিভঁৰালৰ দায়িত্বত থকা বিষয়াসকলৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰ আৰু প্ৰৱঞ্চনাৰ গোচৰ ৰুজু কৰে। যোৱা সোমবাৰে DVACৰ বিষয়াসকলে মোহনৰ বাসগৃহ, প্ৰকাশন প্ৰতিষ্ঠানৰ কাৰ্যালয় আৰু ছপাশালকে ধৰি কমেও সাতটা স্থানত তালাচী চলায়। তালাচীৰ সময়ত হাৰ্ড ডিস্ক আৰু কেইবাখনো গুৰুত্বপূৰ্ণ নথি-পত্ৰ জব্দ কৰা হয়। এই ঘটনাৰ পিছতে মোহনক গ্ৰেপ্তাৰ কৰা হয়।
##Tamil Nadu #library scam # Anti-Corruption #DVAC #R Mohan

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।