নিউজ ডেস্ক : ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ উচ্ছেদ অভিযান। ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত উচ্ছেদ চলাই লাখ লাখ বিঘা ভূমি বেদখলকাৰীৰ কৱলৰ পৰা মুক্ত কৰিবলৈ সক্ষম হৈছে অসম চৰকাৰ। মুখ্যমন্ত্ৰীৰ ড০ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশ পালন কৰি প্ৰশাসনে চলাইছে এই উচ্ছেদ অভিযান।
প্ৰশাসনৰ এই উচ্ছেদ অভিযানৰ বাবে গৃহহীন হৈ পৰিছে বহু পৰিয়াল। যাৰ বাবে অনিশ্চয়তাত ভুগিছে পৰিয়ালসমূহ। মুকলি আকাশৰ তলতে দিন-ৰাতি কটাইছে বহু উচ্ছেদিত পৰিয়ালে। কান্দি কান্দি চৰকাৰৰ ওচৰত কাতৰ অনুৰোধ জনাইছে পুনৰ সংস্থাপনৰ বাবে।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমানে ধুবুৰী জিলাৰ গৌৰীপুৰতো অব্যাহত আছে প্ৰশাসনৰ উচ্ছেদ অভিযান। গৌৰীপুৰৰ আলমগঞ্জত প্ৰশাসনে চলায় বৃহৎ উচ্ছেদ অভিযান। উচ্ছেদৰ পিছতে বহু পৰিয়াল অনিশ্চয়তাত ভুগিছে। সপোনৰ ঘৰখন হেৰুৱাৰ পিছতেই ভূমিহীন হৈ পৰিছে দৰিদ্ৰ পৰিয়ালসমূহ। মুকলি আকাশৰ তলতে কণ কণ ল'ৰা-ছোৱালীক লৈ ত্ৰিপাল টানি মুকলি আকাশৰ তলত থাকিব লগা হৈছে উচ্ছেদিত পৰিয়ালসমূহ।
তথ্য অনুসৰি, প্ৰায় এসপ্তাহ সময় ধৰি অনাহাৰে, অনিন্দ্ৰাৰে পাৰ কৰিছে উচ্ছেদিতই। খবৰ নাই গৌৰীপুৰ সমষ্টিৰ বিধায়ক আব্দুছ ছোবাহান আলী সৰকাৰৰ। এনে বিপদৰ সময়ত কাষত স্থানীয় বিধায়ক নথকাৰ অভিযোগ তুলিছে উচ্ছেদিতই। কেমেৰাৰ সন্মুখতেই কান্দি কান্দি সহায় বিছাৰিছে উচ্ছেদিতই।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।