Sunday, 08 November 2026
লগইন

প্ৰতিবাদেৰে উত্তাল তিনিচুকীয়া। ৰাজপথলৈ ওলাই আহিল শ শ শ্ৰমিক

“আমাৰ দাবী মানিবই লাগিব!”

নিউজ ডেস্ক : চাহ শ্ৰমিকৰ ভূমি পট্টা আৰু দৈনিক মজুৰি বৃদ্ধিৰ দাবীত আটছাৰ ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী। তিনিচুকীয়াৰ মনখুছি চাহ বাগিচাত শনিবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে দক্ষিণ তিনিচুকীয়া উপ-শাখা সমিতিৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

তথ্য অনুসৰি, চাহ শ্ৰমিকসকলক আৱাস গৃহসহ ভূমিৰ পট্টা প্ৰদান কৰা আৰু তেওঁলোকৰ দৈনিক মজুৰি বৃদ্ধি কৰাৰ দাবীত সংগঠনটোৱে এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে চাহ শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া সমস্যা আৰু ন্যায্য অধিকাৰৰ বিষয়টো চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আহ্বান জনোৱা হয়।

উল্লেখ্য যে, প্ৰতিবাদকাৰীসকলে স্পষ্টভাৱে কয়- “আমাৰ দাবী ন্যায্য দাবী, ভূমিৰ পট্টা প্ৰদান কৰক, দৈনিক মজুৰি বৃদ্ধি কৰক, আমাৰ দাবী মানিবই লাগিব।”

চাহ শ্ৰমিকসকলৰ ন্যায্য অধিকাৰ নিশ্চিত কৰিবলৈ চৰকাৰে শীঘ্ৰে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব বুলি সংগঠনটোৱে আশা প্ৰকাশ কৰে।
##assam #bigupdate #newsupdate #ATSA #tinsukia #bjpgovernment #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।