Friday, 20 November 2026
লগইন
ব্ৰেকিং

জম্মু-কাশ্মীৰৰ কুলগামত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ অব্যাহত, লস্কৰ-ই-তৈবাৰ শীৰ্ষ কমাণ্ডাৰ লতিফ ভাট আবদ্ধ

সেনাই ঘেৰাও কৰি ৰাখিছে লস্কৰ-ই-তৈবাৰ লতিফ ভাটক

নিউজ ডেস্ক : জম্মু-কাশ্মীৰৰ কুলগাম জিলাত অব্যাহত আছে নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ । বুধবাৰে পুৱা সংঘটিত এক নতুন সংঘৰ্ষত লস্কৰ-ই-তৈবাৰ শীৰ্ষ কমাণ্ডাৰ লতিফ ভাট আবদ্ধ হৈ পৰিছে ।

১১ নৱেম্বৰত CRPFৰ এটা তালাচী চকীত হোৱা আক্ৰমণৰ আঁৰত থকা ভাটক নিৰাপত্তা বাহিনীয়ে ভিডিঅ' কল কৰি আত্মসমৰ্পণ কৰিবলৈ কয় । "আমি তোমাৰ লগত আছো " এজন বিষয়াই ভাটক কোৱা শুনা গৈছিল। অৱশ্যে ভাটে আত্মসমৰ্পণ কৰিবলৈ অস্বীকাৰ কৰি কয়, "মই আল্লাহক লগ পাব বিচাৰো। মই বহুত সুখী।"

কুলগামৰ কেইবাখনো গাঁৱত নিৰাপত্তা বাহিনীয়ে অভিযান তীব্ৰতৰ কৰি তোলাৰ লগে লগে পুৱতি নিশাৰ পূৰ্বে নতুনকৈ গুলীচালনা হোৱাৰ খবৰ পোৱা গৈছে। ইয়াৰ পূৰ্বে সোমবাৰে কুলগামত সংঘটিত এক এনকাউণ্টাৰত ভাটৰ সহযোগী উমৰ নিছাৰ দাৰ নিহত হৈছিল।

মঙলবাৰে আৰক্ষীয়ে এটা চিচিটিভি ফুটেজ মুকলি কৰিছিল, য'ত দেখা গৈছিল যে ১১ নৱেম্বৰত চিআৰপিএফৰ তালাচী চকীত আক্ৰমণ কৰাৰ পূৰ্বে দাৰ আৰু ভাটে সেই স্থানৰ পৰ্যবেক্ষণ কৰিছিল। এই আক্ৰমণত তিনিজন জোৱান আহত হৈছিল । তেতিয়াৰে পৰা অঞ্চলটোত বৃহৎ পৰিসৰত তালাচী আৰু ঘেৰাও অভিযান চলি আছে আৰু সোধা-পোছাৰ বাবে ৫০০ৰো অধিক লোকক আটক কৰা বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ মতে, ১১ নৱেম্বৰৰ আক্ৰমণৰ তদন্তত প্ৰকাশ পাইছে যে স্থানীয় বাসিন্দা দাৰে আক্ৰমণ সংঘটিত কৰাৰ পূৰ্বে ভাটৰ সৈতে মিলি কেইবাটাও স্থানৰ পৰ্যবেক্ষণ চলাইছিল। এজন আৰক্ষী বিষয়াই কয়, "১০ নৱেম্বৰত উমৰ নিছাৰ দাৰে এল ই টি কমাণ্ডাৰ লতিফ ভাটৰ সৈতে নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণৰ পৰিকল্পনা আৰু সম্ভাব্য লক্ষ্য চিনাক্ত কৰাৰ উদ্দেশ্যে মিৰ বাজাৰ, আখৰাণ, হাবলিছ আৰু কিলামকে ধৰি একাধিক স্থানত পৰ্যবেক্ষণ চলাইছিল।"

বিষয়াগৰাকীয়ে লগতে জনায় যে ১১ নৱেম্বৰত দাৰ আৰু ভাটে আখৰাণত থকা চিআৰপিএফ কেম্পত আক্ৰমণ চলাই ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল ।
##LeTCommander #J&K #kulgam #j&kkulgam #indianarmy

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।