নিউজ ডেস্ক : অন্ধ্ৰ প্ৰদেশ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জাৰি কৰা তথ্য অনুসৰি, সাগৰীয় ঘূৰ্ণীবতাহ ‘আকভান’ শুকুৰবাৰে দুপৰীয়াৰ ভাগত অন্ধ্ৰ প্ৰদেশ আৰু দক্ষিণ ওড়িশা উপকূলৰ মছলিপট্টনম আৰু পুৰীৰ মাজেৰে উপকূল অতিক্ৰম কৰাৰ সম্ভাৱনা আছে।
যোৱা ছয় ঘণ্টাত ধুমুহাজাকৰ গতিবেগ ঘণ্টাত ৭ কিলোমিটাৰলৈ বৃদ্ধি পাইছে। এ পি এছ ডি এম এ-য়ে প্ৰকাশ কৰা অনুসৰি, ধুমুহাজাক বিশাখাপট্টনমৰ পৰা প্ৰায় ৫৮০ কিলোমিটাৰ, মছলিপট্টনমৰ পৰা ৫৯০ কিলোমিটাৰ আৰু ওড়িশাৰ গোপালপুৰৰ পৰা ৭১০ কিলোমিটাৰ দূৰত্বত অৱস্থান কৰি আছিল।
উল্লেখ্য যে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মঙলবাৰে সন্ধিয়ালৈ এই বতৰ প্ৰণালীটো তীব্ৰ ঘূৰ্ণীবতাহলৈ পৰিণত হ’ব বুলি পূৰ্বানুমান কৰিছিল, কিন্তু ই একে ঠাইতে স্থিৰ হৈ আছিল বা অতি লেহেমীয়া গতিত আগবাঢ়িছিল।
আই এম ডি-য়ে বুধবাৰে পুৱাৰ ভাগত জাৰি কৰা এক তথ্যত জনাইছে যে দক্ষিণ বংগোপসাগৰৰ মধ্যভাগ আৰু ইয়াৰ সংলগ্ন পশ্চিম-মধ্য বংগোপসাগৰৰ ওপৰত সৃষ্টি হোৱা ঘূৰ্ণীবতাহ ‘আকভান’ যোৱা ৬ ঘণ্টাত ঘণ্টাত ৩ কিলোমিটাৰ বেগেৰে লাহে লাহে উত্তৰ দিশলৈ গতি কৰিছে ।
ধুমুহাজাকে ইয়াৰ গতিপথ সামান্য সলনি কৰিছে আৰু সম্ভাৱ্য স্থলভাগ স্পৰ্শ কৰা স্থানসমূহ বিশাখাপট্টনম আৰু নেল্লোৰৰ মাজত থকাৰ সম্ভাৱনা আছে। উত্তৰ প্ৰান্তৰ জিলাসমূহ ক্ৰমে বিশাখাপট্টনম, আল্লুৰি সীতাৰামা ৰাজু, পাৰ্বতীপুৰম মান্যম, শ্ৰীকাকুলাম আৰু বিজয়নগৰমত বিচ্ছিন্নভাৱে ধাৰাসাৰ বৰষুণ হোৱাৰ লগতে বুধবাৰে (১৮ নৱেম্বৰ, ২০২৬) সন্ধিয়াৰ পৰা উপকূলীয় অঞ্চলত ঘণ্টাত ১০০ ৰ পৰা ১১০ কিলোমিটাৰ বেগত প্ৰচণ্ড বতাহ বলাৰ সম্ভাৱনা আছে । ওড়িশাৰ ৮ খন জিলাত সতৰ্কতা জাৰি কৰিছে ।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।