অ্যানথ্ৰ’পিকৰ ‘ক্ল’ড’ (Claude) AI মডেলসমূহৰ সুৰক্ষাৰ দিশত কাম কৰা গৱেষক তাও লিনে উল্লেখ কৰিছে যে প্ৰায় ১.৩ বছৰৰ ভিতৰত superhuman AI-ৰ আৱিৰ্ভাৱ হ’ব পাৰে । যাৰ বাবে বহু ক্ষেত্ৰত মনুহে হেৰুৱাব চাকৰি । তেওঁ উল্লেখ কৰে যে এই ব্যৱস্থাসমূহে কাৰিকৰী, সৃজনশীল আৰু পেছাদাৰী ক্ষেত্ৰসমূহত শ্ৰেষ্ঠ মানৱ বিশেষজ্ঞসকলৰ সমকক্ষ হ’ব পাৰে বা তেওঁলোকতকৈও উন্নত প্ৰদৰ্শন কৰিব পাৰে।
তেওঁৰ পূৰ্বানুমান মতে, "বিশ্বত অতিমানৱীয় AI লাভ কৰিবলৈ প্ৰায় ১.৩ বছৰ সময় লাগিব... অথবা ২০২৭ চনৰ শেষৰ ফালে ই সম্ভৱ হ’ব পাৰে ।"
এই ভৱিষ্যদ্বাণীয়ে প্ৰশ্ন উত্থাপন কৰিছে যে যিহেতু AI-ৰ সামৰ্থ্যই বিভিন্ন বৃত্তিত মানুহৰ কৰ্মদক্ষতাক অতিক্ৰম কৰি আগবাঢ়িছে, সেয়েহে প্ৰতিষ্ঠান, শ্ৰমিক আৰু চৰকাৰসমূহে কিমান সোনকালে ইয়াৰ সৈতে খাপ খাব লাগিব।
AI-ৰ আৱিৰ্ভাৱ হোৱাৰ লগে লগে একেবাৰতে ব্যাপক নিবনুৱা সমস্যা সৃষ্টিৰ আশংকা আছে। বিভিন্ন উদ্যোগত শ্ৰমিকৰ স্থান পূৰণ কৰিবলৈ প্ৰয়োজনীয় আৰু AI-ৰ কাম কৰাৰ সামৰ্থ্যৰ মাজৰ ব্যৱধানলৈ আঙুলিয়াই দিয়ে। বিশেষকৈ, ৰবটৰ সীমিত উপলব্ধতা আৰু বৃহৎ পৰিসৰত সেইবোৰ নিৰ্মাণ তথা নিয়োজিত কৰিবলৈ লগা সময়ে শাৰীৰিক শ্ৰমৰ কামবোৰ স্বয়ংক্ৰিয় হোৱাত পলম কৰিব পাৰে।
লিনৰ মতে, শ্ৰমিকসকলে প্ৰথমতে AI-চালিত স্বয়ংক্ৰিয়কৰণৰ (automation) বাবে তেওঁলোকৰ বৰ্তমানৰ চাকৰি হেৰুৱাই বিকল্প বৃত্তিলৈ যাব পাৰে। অৱশ্যে, যিহেতু AI-ৰ সামৰ্থ্য ক্ৰমান্বয়ে বৈচিত্ৰ্যময় ক্ষেত্ৰসমূহলৈ সম্প্ৰসাৰিত হ’ব, সেয়েহে মানুহৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ অৱশেষত দুৰ্লভ হৈ পৰিব পাৰে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।