নিউজ ডেস্ক : ৰণবীৰ কাপুৰ, সাই পল্লৱী আৰু যশ অভিনীত নিতেশ তিৱাৰীৰ ‘ৰামায়ণ’ ছবিয়ে ঘৰুৱা বক্স অফিচত ১০০ কোটিতকৈও অধিক টকা উপাৰ্জনেৰে প্ৰথম সপ্তাহত ভৰি দিছে । ৫ দিনৰ অন্তত বৰ্তমানলৈকে ভাৰতত সৰ্বমুঠ উপাৰ্জন ৪১৩.৯০ কোটি আৰু ভাৰতত সৰ্বমুঠ লাভ ৩৪৬.৩৫ কোটি স্পৰ্শ হৈছে ।
তথ্য অনুসৰি, সোমবাৰে ‘ৰামায়ণ’ ছবিয়ে ভাৰতত ২৩,৯১১ টা শ্ব’ৰ জৰিয়তে সৰ্বমুঠ ১০৭.৫০ কোটি টকা লাভ কৰে । বিপৰীতে বিদেশত পঞ্চম দিনা ছবিয়েখনে ২৫.০০ কোটি সংগ্ৰহ কৰে । যাৰ ফলত বৰ্তমানলৈকে ইয়াৰ বহিঃৰাষ্ট্ৰত সৰ্বমুঠ উপাৰ্জন ২৫০.০০ কোটিলৈ বৃদ্ধি পালে । ইয়াৰ সৈতে বিশ্বজুৰি ছবিখনৰ সৰ্বমুঠ উপাৰ্জন ৬৬৩.৯০ কোটি হৈছে ।
ভাষা অনুসৰি পঞ্চম দিনা হিন্দী ভাষাত ১৯,৭৮৬ টা শ্ব’ৰ পৰা ৮৭.২৫ কোটি, কানাড়া ভাষাত ৯০৮ টা শ্ব’ৰ পৰা ৭.৫০ কোটি, তেলেগু ভাষাৰ পৰা ১,৬০৬ টা শ্ব’ৰ পৰা ৬.০০ কোটি, তামিল ভাষাত ৮২৬ টা শ্ব’ৰ পৰা ৪.০০ কোটি আৰু মালয়ালম ভাষাৰ ৭৮৫ টা শ্ব’ৰ পৰা ২.৭৫ কোটি সংগ্ৰহ কৰা হৈছে ।
উল্লেখ্য যে,‘ৰামায়ণ’ ছবিয়ে প্ৰথম দিনা ভাৰতত ৬৪.৮৫ কোটি সংগ্ৰহ কৰিছিল, যাৰ পিছত শুকুৰবাৰে ৪৮.০৫ কোটি লাভ কৰে। শনিবাৰে ভাৰতত ইয়াৰ নেট উপাৰ্জন আছিল ৬৯.৮০ কোটি । দেওবাৰে ছবিখনৰ উপাৰ্জন কিছু হ্ৰাস পায় আৰু ২১,৭৭০ টা শ্ব’ৰ পৰা ৫৬.১৫ কোটি টকা সংগ্ৰহ কৰে ।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।