নিউজ ডেস্ক : নীতিশ তিৱাৰীৰ পৰিচালিত ‘ৰামায়ণৰ’ মুক্তিৰ আঠ দিনৰ ভিতৰতে বিশ্বজুৰি ১,০০০ কোটি উপাৰ্জন সীমা অতিক্ৰম কৰিছে । উল্লেখ্য যে, একে সময়ছোৱাত ‘ধুৰন্ধৰ ২: দ্য ৰিভেঞ্জ’ (Dhurandhar 2: The Revenge)-ৰ উপাৰ্জনকো অতিক্ৰম কৰিছে।
ইণ্ডাষ্ট্ৰী ট্ৰেকাৰ ‘ছাকনিল্ক’ (Sacnilk)-ৰ তথ্য অনুসৰি, ৫ নৱেম্বৰত ছবিগৃহত মুক্তি পোৱা এই ছবিখনে বিশ্বজুৰি ১,০৩৩.৫৫ কোটিৰ মুঠ ব্যৱসায় কৰিছে । আনহাতে ঘৰুৱা বজাৰত ইয়াৰ উপাৰ্জনে ৫০০ কোটি টকা অতিক্ৰম কৰিছে ।
আদিত্য ধৰৰ ‘ধুৰন্ধৰ ২: দ্য ৰিভেঞ্জ’ আৰু আল্লু অৰ্জুন অভিনীত ‘পুষ্পা ২: দ্য ৰুল’ (Pushpa 2: The Rule)-এ বৰ্তমান বিশ্বজুৰি আটাইতকৈ দ্ৰুতগতিত ১,০০০ কোটি টকাৰ ক্লাবত প্ৰৱেশ কৰা ভাৰতীয় ছবিৰ অভিলেখ যুটীয়াভাৱে দখল কৰি আছে।
২০২৪ চনত মুক্তি পোৱাৰ সাত দিনৰ ভিতৰতে ‘পুষ্পা ২’-এ এই মাইলৰ খুঁটি অৰ্জন কৰাৰ বিপৰীতে ২০২৬ চনত ‘ধুৰন্ধৰ ২’-এ সেই অভিলেখৰ সমকক্ষ হয়। পিছৰখন ছবিয়ে বিশ্বজুৰি ১,৮১৩.৩৯ কোটি টকা উপাৰ্জন কৰি ভাৰতীয় চিনেমাৰ অন্যতম সৰ্ববৃহৎ বাণিজ্যিক সফল ছবি হিচাপে পৰিগণিত হৈছিল ।
হিন্দী ভাষাৰ ছবিসমূহৰ ভিতৰত ‘ধুৰন্ধৰ ২’ শীৰ্ষত আছে আৰু তাৰ পাছতেই আছে ‘ৰামায়ণ: ৰাইজ অৱ এ লেজেণ্ড’ (Ramayana: Rise of a Legend), যিয়ে আঠ দিনত ১,০০০ কোটি টকাৰ ক্লাবত প্ৰৱেশ কৰিছে ।
বিশ্বজুৰি ১,০০০ কোটি টকাৰ ক্লাবত যোগদান কৰা আন ছবিসমূহৰ ভিতৰত ‘পুষ্পা ২’, ‘ধুৰন্ধৰ ২’, ‘বাহুবলী ২’ (Baahubali 2), ‘আৰ আৰ আৰ’ (RRR) আৰু ‘কে জি এফ: চেপ্টাৰ ২’ (KGF: Chapter 2) অন্যতম, যিয়ে এই মাইলৰ খুঁটি স্পৰ্শ কৰিবলৈ সাতৰ পৰা ১৮ দিন সময় লৈছিল ।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।