Friday, 20 November 2026
লগইন

দীপাৱলীৰ আনন্দৰ মাজতে নামি আহিল শোক। দীপাৱলীৰ নিশা অভিনেতা ৰণবীৰৰ ককাকৰ মৃত্যু

ৰণবীৰৰ পৰিয়ালত শোকৰ ছাঁ!

নিউজ ডেস্ক : দীপাৱলীৰ আনন্দ-উল্লাসৰ মাজতেই অভিনেতা ৰণবীৰ সিঙৰ ঘৰত নামি আহিল শোক। দীপাৱলীৰ দিনটোতে আপোনজনক হেৰুৱালে অভিনেতাগৰাকীয়ে। অভিনেতাগৰাকীৰ ককাক ৰাম হিংগোৰানীৰ দীপাৱলীৰ দিনা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৬ বছৰ। তেওঁ পেছাগতভাৱে এজন চিকিৎসক আছিল।

জানিব পৰা মতে, ৰণবীৰ তেওঁৰ ককাকৰ অতি মৰমৰ আছিল। অভিনেতাগৰাকীৰ ছ’চিয়েল মিডিয়াতো মাজে-সময়ে তেওঁলোকে একেলগে কটোৱা বিভিন্ন মুহূৰ্তৰ ফটো আৰু ভিডিঅ’ দেখা গৈছিল। ককাকৰ মৃত্যুৰ খবৰটো ৰণবীৰৰ ভগ্নী (সম্পৰ্কীয় ভগ্নী) সৌম্যা হিংগোৰানী থাকৰেই ৰাজহুৱা কৰে। ককাকক স্মৰণ কৰি তেওঁ এটা আৱেগিক প’ষ্টো শ্বেয়াৰ কৰে।

ককাৰ বিয়োগৰ খবৰ দি সৌম্যাই লিখে, "মোৰ ককাই দেৱালীৰ দিনা ঠিক লক্ষ্মী পূজাৰ সময়ত শান্তিৰে শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ মোৰ আইতাৰ ওচৰলৈ উভতি গ'ল। ইয়াতকৈ শুভ সময় হয়তো তেওঁ বাছি ল'ব নোৱাৰিলেহেঁতেন। দিনটোৰ আটাইতকৈ সুন্দৰ মুহূৰ্তত, লক্ষ্মী পূজাৰ সময়তে তেওঁ আমাক এৰি গুচি গ'ল।"

ককাকৰ বিয়োগত শোক প্ৰকাশ কৰিলেও তেওঁৰ স্মৃতিক উদযাপন কৰাৰ কথাহে কৈছে সৌম্যই। তেওঁৰ ভাষাত, ৯৬ বছৰীয়া এক সজীৱ জীৱন। শোক নহয়, বৰঞ্চ এনে এক বৰ্ণিল জীৱনক উদযাপন কৰা উচিত। ককাকক পৃথিৱীৰ শ্ৰেষ্ঠ ককাক বুলিও তেওঁ উল্লেখ কৰিছে। ইয়াৰ লগতে আইতাক আৰু ককাকক কল্পনা কৰি সৌম্যই পুনৰ লিখে যে, নিশ্চয় দুয়োগৰাকীয়ে নিজৰ নিজৰ চকীত বহি আমাক একেলগে দেখি আনন্দ পাইছে।

অভিনেতা ৰণবীৰ সিং বা তেওঁৰ পত্নী দীপিকা পাডুকনে ককাকৰ মৃত্যুৰ পাছত এতিয়ালৈকে ৰাজহুৱাভাৱে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। অৱশ্যে অতীতত ৰণবীৰে ককাকৰ সৈতে কটোৱা বহুতো মধুৰ মুহূৰ্ত ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল।

উল্লেখ্য যে, ২০২৩ চনত কৰণ জোহৰৰ পৰিচালনাত নিৰ্মিত ‘ৰকি অউৰ ৰাণী কী প্ৰেম কাহানী’ ছবিখনৰ প্ৰচাৰৰ সময়তো ককাকৰ সৈতে কটোৱা মুহূৰ্ত শ্বেয়াৰ কৰিছিল অভিনেতাগৰাকীয়ে। সেই সময়ত তেওঁৰ ককাকৰ বয়স আছিল ৯৩ বছৰ। এটা ভিডিঅ’ত দেখা গৈছে যে ৰণবীৰৰ সৈতে ‘ঝুমকা গিৰা ৰে’ গীতটোত তেওঁ নাচি আছে।

৯৩ বছৰ বয়সতো ভোট দিবলৈ গৈছিল ৰণবীৰৰ ককাক। ২০২৪ চনৰ মে' মাহত মুম্বাইৰ প্ৰচণ্ড গৰমৰ মাজতো তেওঁ ভোট দিবলৈ ওলাই আহিছিল। ককাকৰ সেই ফটোখন পোষ্ট কৰি অভিনেতাগৰাকীয়ে তেওঁৰ দায়িত্ববোধৰ প্ৰশংসা কৰিছিল। তেওঁ লিখিছিল, "বয়স ৯৩, বাহিৰৰ তাপমাত্ৰা ৯৩ ডিগ্ৰী ফাৰেনহাইট। তথাপিও তেওঁ ভোট দিছে। মোৰ ককা ৰকষ্টাৰ।"
##bigupdate #newsupdate #celebritynews #ranveersingh #bollywoodactor #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।