আজি অসমলৈ উভতিব অসমৰ গৌৰৱ তথা আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সাৰ লাভলীনা বৰগোঁহাই। বক্সাৰগৰাকী অসমলৈ অহাৰ পূৰ্বে অনুৰাগীৰ মাজত দেখিবলৈ পোৱা গৈছে ব্যাপক উছাহ। অসমত উপস্থিত হোৱাৰ পূৰ্বে বিজেপিৰ যুৱ মৰ্চাৰ তৰফৰ পৰা বিশেষ আদৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, আজি সন্ধিয়া ৭.৩০ বজাত গুৱাহাটীৰ লোকপ্ৰিয় বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উষ্ম আদৰণি জনোৱা হ’ব লাভলীনাক।

স্বৰ্ণ পদক বিজয়ী লাভলীনাক আদৰিবৰ বাবে সাজু অসম
অসমৰ যুৱ প্ৰজন্মৰ বাবে অন্যতম প্ৰেৰণাৰ উৎস হিচাপে স্থান লাভ কৰিবলৈ সক্ষম হোৱা লাভলীনাই বক্সিং ৰিঙত নিজৰ শক্তিশালী প্ৰদৰ্শনেৰে এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। পূৰ্বে ৰূপৰ পদক লাভ কৰিছিল যদিও এইবাৰ সোণৰ পদক অৰ্জনেৰে তেওঁ দেশ-বিদেশত পৰিচিত হৈ পৰিছে।
উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহত তেওঁৰ সফলতাই ক্ৰীড়াপ্ৰেমীৰ মাজত বিশেষ উৎসাহৰ সৃষ্টি কৰি আহিছে। সেইবাবে ‘লৌহকন্যা’ গৰাকী অসমলৈ ঘূৰি অহাৰ সময়ত বিমানবন্দৰত তেওঁক আদৰিবলৈ বিশেষ আয়োজনৰ ব্যৱস্থা কৰা হৈছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।