Thursday, 05 November 2026
লগইন
ব্ৰেকিং

নলবাৰীৰ কাওৰেখাইতিত উচ্ছেদৰ জাননী, হাজাৰ বিঘাতকৈও অধিক চৰকাৰী ভূমি বেদখল

নলবাৰীত চলিব উচ্ছেদ অভিযান

নিউজ ডেস্ক : নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত কাওৰেখাইতি গাঁৱত ১,২৪৩ বিঘাতকৈও অধিক চৰকাৰী ভূমি বেদখলকাৰীৰ কৱলত থকা বুলি চিনাক্ত কৰা হৈছে। যাৰ বাবে বৰক্ষেত্ৰী ৰাজহ চক্ৰই জাৰি কৰিছে উচ্ছেদৰ জাননী । জাননীখনত গাঁৱখনৰ দুই শ্ৰেণীৰ চৰকাৰী ভূমি বেদখল হোৱাৰ কথা উল্লেখ কৰা হৈছে ।

জাননী অনুসৰি, ৭৪৩ বিঘা গ্ৰাম্য চৰণীয়া পথাৰ আৰু ৫০০ বিঘা সাধাৰণ চৰকাৰী ভূমি বেদখল কৰা হৈছে, যাৰ ফলত সৰ্বমুঠ ভূমিৰ পৰিমাণ ১,২৪৩ বিঘা হৈছে গৈ । সেয়ে বেদখলকাৰীসকলক ১৫ দিনৰ ভিতৰত উক্ত ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু ইয়াৰ অনাদায়ত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সঁকীয়াই দিয়া হৈছে।

ৰাজহ চক্ৰ কাৰ্যালয়ে জনোৱা মতে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰিয়েই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। জাননীখনত উল্লেখ কৰা হৈছে, "মাননীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি এনে সকলো অবৈধ বেদখল মুক্ত কৰা হ’ব।" কাওৰেখাইতি গাঁৱৰ বাসিন্দা তথা বেদখলকাৰীসকলক সম্বোধন কৰি জাৰি কৰা জাননীখনত চৰকাৰী ভূমিৰ এটা অংশ অবৈধভাৱে দখল কৰি থকাৰ কথা পুনৰ দোহাৰি, নিৰ্ধাৰিত সময়ৰ ভিতৰত বেদখল আঁতৰাবলৈ নিৰ্দেশ দিয়া হৈছে।

আনহাতে, ৰাজহ চক্ৰ কাৰ্যালয়ে এই ভূমি আৰু ইয়াৰ আৱণ্টন সম্পৰ্কীয় যিকোনো আপত্তি বা প্ৰাসংগিক তথ্য দাখিল কৰিবলৈকো আহ্বান জনাইছে। ইয়াৰ বাবে ইচ্ছুক ব্যক্তিসকলক ১৫ দিনৰ ভিতৰত কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিবলৈ কোৱা হৈছে। এই প্ৰস্তাৱিত পদক্ষেপ সন্দৰ্ভত জনসাধাৰণৰ মাজত ব্যাপক সজাগতা সৃষ্টিৰ বাবে জাননীৰ প্ৰতিলিপি সংশ্লিষ্ট ৰাজহ বিষয়া আৰু গাঁও প্ৰধানলৈ প্ৰেৰণ কৰা হৈছে ।

সমগ্ৰ ৰাজ্যজুৰি চৰকাৰী ভূমিৰ পৰা বেদখল চিনাক্ত কৰি সেয়া মুক্ত কৰাৰ বাবে অসম চৰকাৰে চলাই থকা ধাৰাবাহিক প্ৰচেষ্টাৰ মাজতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
##Assam #evictionnotice #nalbari #evicationnalbari #nalbarievication

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।