নিউজ ডেস্ক : আজি ৫ নৱেম্বৰ । ২০১১ চনৰ আজিৰ দিনটোতে অসমবাসীৰ পৰা চিৰবিদায় লৈছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই । আজিৰ দিনটোতে মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল অসমৰ সাংস্কৃতিক জগতৰ মহীৰূহ, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই ।
সেই মহান শিল্পীগৰাকীৰ আজি পঞ্চদশ পুণ্যতিথি । ৮৫ বছৰ বয়সত চিৰবিদায় লোৱা শিল্পীগৰাকী কেৱল এগৰাকী গায়ক নাছিল, আছিল গীতিকাৰ, সুৰকাৰ, কবি, লেখক, সাংবাদিক, অভিনেতা, চলচ্চিত্ৰ নিৰ্মাতা আৰু এগৰাকী শক্তিশালী সাংস্কৃতিক কণ্ঠ । বিশ্ববৰেণ্য শিল্পীগৰাকীৰ সৃষ্টিৰ মাজেৰে অসম, ব্ৰহ্মপুত্ৰ, মানুহ আৰু মানৱতাৰ কথা প্ৰতিধ্বনিত হৈছিল ।
ভাৰত ৰত্ন হাজৰিকাৰ কণ্ঠই অসমৰ লোকসংগীতৰ সুৰক বৃহত্তৰ ভাৰতীয় সংগীতৰ পৰিসৰৰ সৈতে সংযোগ কৰিছিল । ‘মানুহে মানুহৰ বাবে’, ‘বিস্তীৰ্ণ পাৰৰে’, ‘মই এটি যাযাবৰ’, ‘জিলিকাব লুইতৰ পাৰ’-এনে অসংখ্য গীতৰ মাজেৰে শিল্পীগৰাকীয়ে মানুহৰ প্ৰতি মানুহৰ দায়বদ্ধতা, সমতা, সহমৰ্মিতা আৰু প্ৰেমৰ বাণী কঢ়িয়াই লৈ গৈছিল ।
ড০ ভূপেন হাজৰিকাৰ সুৰ আৰু কণ্ঠই ভাৰতীয় সংগীতত এক সুকীয়া পৰিচয় সৃষ্টি কৰাৰ লগতে আঞ্চলিক ভাষা আৰু সংস্কৃতিক বৃহত্তৰ পৰিসৰত প্ৰতিষ্ঠা কৰিছিল । হাজৰিকা চলচ্চিত্ৰৰ জগততো আছিল সমানেই সক্ৰিয় । সংগীত পৰিচালনা, গীত ৰচনা, অভিনয় আৰু চলচ্চিত্ৰ নিৰ্মাণ-বিভিন্ন ক্ষেত্ৰত ড০ ভূপেন হাজৰিকাই নিজৰ প্ৰতিভাৰ পৰিচয় দিছিল ।
১৯৯৩ চনত ‘ৰুদালী’ ছবিৰ বাবে লাভ কৰিছিল দাদাচাহেব ফাল্কে বঁটা। ২০০১ চনত লাভ কৰিছিল পদ্মভূষণ। পৰৱৰ্তী সময়ত ২০১৯ চনত মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ৰে সন্মানিত কৰা হয়।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।