Thursday, 05 November 2026
লগইন
ব্ৰেকিং

শ্ৰীভূমিত বিহু দলৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনা সন্দৰ্ভত ১৩ জনক গ্ৰেপ্তাৰ

১৩ জনক গ্ৰেপ্তাৰ

নিউজ ডেস্ক: শ্ৰীভূমি জিলাত এটা বিহু দলৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি ১৩ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে ৰাজ্যৰ আৰক্ষী প্ৰধানক দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।

তথ্য অনুসৰি, এই ঘটনাটো শনিবাৰে নিশা শ্ৰীভূমি চহৰৰ হিন্দুস্থান ক্লাৱৰ উদ্যোগত আয়োজিত দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জন সমদলৰ সময়ত সংঘটিত হয়। এই অনুষ্ঠানত প্ৰদৰ্শন কৰিবলৈ দলটোৰ সদস্যসকলক নিমন্ত্ৰণ কৰা হৈছিল।

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ঘটনাৰ ভিডিঅ’সমূহত প্ৰদৰ্শনকাৰীসকলৰ গাত স্পষ্ট আঘাতৰ চিন দেখা গৈছে। কিছুমান দৃশ্যত সংঘাতৰ সময়ত বাহঁৰ লাঠী ব্যৱহাৰ কৰাও পৰিলক্ষিত হৈছে। অৱশ্যে কি পৰিস্থিতিত এই হিংসাত্মক ঘটনাৰ সূত্ৰপাত হ’ল, সেইয়া এতিয়াও স্পষ্ট হোৱা নাই।

আন এক প্ৰাপ্ত তথ্য অনুসৰি, এই বিবাদ বৰাক উপত্যকাত অসমীয়া গান বজোৱাক লৈ কৰা আপত্তিৰ সৈতে জড়িত থকাৰ সম্ভাৱনা আছিল। পৰম্পৰাগত বিহু বাদ্যযন্ত্ৰ ক্ষতিগ্ৰস্ত কৰাৰো অভিযোগ উত্থাপন হৈছিল। এই দাবীসমূহ স্বতন্ত্ৰভাৱে সত্যপন কৰা হোৱা নাই, আৰু ঘটনাৰ প্ৰকৃত ক্ৰম এতিয়াও নিশ্চিত হ'বলৈ বাকী আছে।

শ্ৰীভূমিৰ আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

দেওবাৰৰ ঘটনাটোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শৰ্মাই কয় যে, বিহু শিল্পীৰ ওপৰত হোৱা আক্ৰমণ কোনো কাণেই সহ্য কৰা নহ’ব আৰু ইয়াৰ বাবে দায়ীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধান (DGP)ক নিৰ্দেশ দিয়ে। 

এটা "x" পোষ্টযোগে তেওঁ উল্লেখ কৰে, "বিহু অসমৰ প্ৰাণ, আমাৰ গৌৰৱ আৰু আমাৰ পৰিচয়। আমাৰ সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতি কোনো ধৰণৰ অপমান আমি কেতিয়াও সহ্য নকৰোঁ।"

মুখ্যমন্ত্ৰীৰ মন্তব্যসমূহ কথিত আক্ৰমণৰ ভিডিঅ’সমূহ অনলাইনত প্ৰচাৰ হোৱাৰ পিছত পোহৰলৈ আহে, যিয়ে এই ঘটনাটোৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে আৰু বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰে।

 ১৩ জন লোকক গ্ৰেপ্তাৰ কৰাৰ কথা নিশ্চিত আৰক্ষী সঞ্চালক প্ৰধানৰ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ প্ৰতি সঁহাৰি জনাই, অসমৰ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে নিশ্চিত কৰে যে, শ্ৰীভূমি থানাত এটা গোচৰ ৰুজু কৰা হৈছে আৰু ১৩ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

"নিৰ্দেশনা অনুসৰি শ্ৰীভূমি থানাত এটা গোচৰ ৰুজু কৰা হৈছে।" এইদৰে আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীয়ে X পোষ্টত উল্লেখ কৰে।

তেওঁ কয় যে, গ্ৰেপ্তাৰ কৰা লোকসকলক আদালতলৈ প্ৰেৰণ কৰা হৈছে। তেওঁ লগতে কয় যে, এই ঘটনাৰ সৈতে জড়িত থকা বুলি সন্দেহ কৰা অন্যান্য লোকসকলক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিবলৈও আৰক্ষীয়ে কাম কৰি আছে।

এই সংঘৰ্ষ কেনেকৈ আৰম্ভ হৈছিল আৰু অভিযুক্তসকলৰ ভূমিকা কি আছিল, সেইয়া নিশ্চিত কৰিবলৈ তদন্ত চলি আছে। আহত শিল্পীসকলৰ বিষয়ে অধিক তথ্য আৰু এই গোচৰৰ নিৰ্দিষ্ট অভিযোগসমূহৰ বিষয়ে তৎকালীনভাৱে জানিব পৰা হোৱা নাই।
##bigupdate #newsupdate #assam #assampolice #sribhumi #himantabiswasarma #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।