নিউজ ডেস্ক : দুৰ্গাপূজাৰ আনন্দৰ মাজতে নগাঁৱৰ বিভিন্ন প্ৰান্তৰ পৰা এটা নৱজাতককে ধৰি তিনিটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃতদেহ কেইটাৰ ভিতৰত এজন কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সদস্যও আছিল।
ৰহা আৰক্ষী থানাৰ অন্তৰ্গত চৰাগাঁও অঞ্চলৰ এটা পুখুৰীৰ পৰা মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ (AKRSU) ৰহা আঞ্চলিক সমিতিৰ সম্পাদক পৰশমণি ডেকাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।
ছাত্ৰ নেতাগৰাকীৰ মৃতদেহ কেনে পৰিস্থিতিত উদ্ধাৰ হৈছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্যে একাংশই সন্দেহ প্ৰকাশ কৰে যে, দুষ্কৃতিকাৰীয়ে তেওঁক হত্যা কৰি পুখুৰীত পেলাই দিছে। মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই এই ঘটনাৰ এক উচ্চস্তৰীয় তদন্ত আৰু দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়।
বৃহস্পতিবাৰে এক বিবৃতিযোগে সন্থাৰ সভাপতি পৰেশ চন্দ্ৰ ডেকা আৰু সাধাৰণ সম্পাদক ৰাতুল কুমাৰ ৰাজবংশীয়ে উল্লেখ কৰে যে, ৰহা আঞ্চলিক সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বৰ্তমানৰ উপ-সভাপতি, প্ৰতিশ্ৰুতিসম্পন্ন ছাত্ৰ নেতা পৰশমণি ডেকা যোৱা ১৮ অক্টোবৰৰ নিশা প্ৰায় ১১ বজাৰ পৰা সন্ধানহীন হৈ আছে।
পৰিয়ালৰ সদস্য আৰু সংগঠনৰ কৰ্মীসকলে তেওঁক বিচাৰি খোচাৰ কৰিছিল যদিও কোনো সন্ধান উলিয়াব অসম্ভৱ হৈছিল। কিন্তু বিগত ১৯ অক্টোবৰত খেতি পথাৰলৈ যোৱা একাংশ লোকে ছাত্ৰ নেতাগৰাকীৰ মৃতদেহ এটা পুখুৰীত ওপঙি থকা প্ৰত্যক্ষ কৰে।
সংগঠনটোৱে এই সমগ্ৰ ঘটনাৰ এক উচ্চস্তৰীয় তদন্ত আৰু দোষীক শীঘ্ৰে চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাই অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে। ঘটনা সন্দৰ্ভত ৰহা আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।
ইতিমধ্যে, ১৯ অক্টোবৰতেই চামগুৰি থানাৰ অন্তৰ্গত বকুলতলত মুকচিদুল হক নামৰ এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
প্ৰাপ্ত তথ্য অনুসৰি, মুকছিদুল নামৰ ব্যক্তিজন ১৮ অক্টোবৰৰ সন্ধিয়া এটা পুখুৰীত মাছ মাৰিবলৈ গৈছিল। পৰৱৰ্তী সময়ত, ১৯ অক্টোবৰত গাঁৱৰে মাটিকুৱাৰ এটা পুখুৰীৰ পৰা তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে দুয়োটা মৃতদেহ উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ অন্তত সেইসমূহ তেওঁলোকৰ পৰিয়ালক গতাই দিয়ে।
আনহাতে, বুধবাৰে পুৱাৰ ভাগত নগাঁৱৰ বিষ্ণু নগৰ অঞ্চলৰ পথৰ কাষত এটা নৱজাতক শিশুৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।