Saturday, 07 November 2026
লগইন

সশস্ত্ৰ ডকাইতিৰ ঘটনাত জড়িত পাঁচ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ। জব্দ বিদেশী পিষ্টল, সজীৱ গুলীসহ অলংকাৰ

পাঁচজনক গ্ৰেপ্তাৰ

নিউজ ডেস্ক : অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ এটা আৱাসগৃহত সংঘটিত সশস্ত্ৰ ডকাইতিৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত পাঁচ ধৃতক গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, সাতজনীয়া সশস্ত্ৰ দুষ্কৃতিকাৰীৰ এটা দলে এটা পৰিয়ালক আক্ৰমণ কৰি ভাবুকি প্ৰদান কৰাৰ পিছত ঘৰটোৰ পৰা প্ৰায় ১০ লাখ টকা নগদ ধন, সোণৰ আ-অলংকাৰ আৰু ম’বাইল ফোন লুটি লৈ নিয়ে।

তথ্য অনুসিৰ, এই ঘটনাটো ৩০ অক্টোবৰৰ সন্ধিয়া ৭ বজাৰ পৰা নিশা ৮:৩০ বজাৰ ভিতৰত চিমলবাৰীত সংঘটিত হৈছিল, য’ত অভিযুক্তই ওমনাথ ধানুকৰ ঘৰত বলপূৰ্বক প্ৰৱেশ কৰি আগ্নেয়াস্ত্ৰ আৰু দাৰে পৰিয়ালটোক ভাবুকি দিছিল আৰু মূল্যবান সামগ্ৰী লৈ পলাই যোৱাৰ পূৰ্বে ঘৰৰ লোকসকলক আক্ৰমণ কৰিছিল।

নামচাই আৰক্ষীয়ে ৩১ অক্টোবৰত BNS ২০২৩ আৰু অস্ত্ৰ আইন, ১৯৫৯-ৰ প্ৰাসংগিক ধাৰাৰ অধীনত এটা গোচৰ (গোচৰ নং ৮৭/২০২৬) ৰুজু কৰিছে আৰু ইয়াৰ সৈতে জড়িত লোকসকলক চিনাক্ত কৰিবলৈ তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীৰ প্ৰকাশ কৰা অনুসৰি তদন্তত প্ৰকাশ পাইছে যে, এই ডকাইতি কাণ্ডটো আচলতে এক ব্যক্তিগত বিবাদৰ ফলত হোৱা পূৰ্ব-পৰিকল্পিত ষড়যন্ত্ৰৰ অংশ আছিল। অভিযুক্তই ভুক্তভোগীৰ বাসস্থানত নিৰীক্ষণ কৰে আৰু ডকাইতি সংঘটিত কৰাৰ পূৰ্বে তেওঁলোকৰ অহা-যোৱাৰ পথ আৰু পলাই যোৱাৰ পথৰ পৰিকল্পনা কৰি লৈছিল।

উল্লেখ্য যে, গ্ৰেপ্তাৰ হোৱা পাঁচ অভিযুক্তক ক্ৰমে- নামছাইৰ বাসিন্দা লাটুল বৰুৱা (৪৩) আৰু দিনেশ গগৈ (৪১); নামছাইৰ ভোগামুৰৰ মীনেশ্বৰ দিহিঙীয়া ; নামছাইৰ নংটৌ খামতিৰ চৌ ক্যাফেং মানলং ; আৰু লোহিত জিলাৰ মেপোৰ ছফিঅ' মেপো ওৰফে কালোচো মেপো।

তদন্তৰ সময়ত আৰক্ষীয়ে ৪৮৩৭ ক্ৰমিক নম্বৰ থকা তুৰস্ক-নিৰ্মিত ৭.৬৫ মিমি এটা পিষ্টল, দুটা সজীৱ গুলী থকা এটা মেগাজিন, চুৰি হোৱা অলংকাৰৰ অংশ বুলি সন্দেহ কৰা এটা সোণৰ মংগলসূত্ৰ, দুটা ম'বাইল ফোন আৰু দুখন মটৰচাইকেল জব্দ কৰে। ইয়াৰে এখন মটৰচাইকেল অপৰাধ কাৰ্যত ব্যৱহাৰ কৰা হৈছিল বুলি অভিযোগ উত্থাপন হৈছে।

আৰক্ষীয়ে উল্লেখ কৰে যে, আগ্নেয়াস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ হোৱাৰ বাবে অস্ত্ৰ আইনৰ অতিৰিক্ত ধাৰাসমূহ সংযোগ কৰা হৈছে।

আৰক্ষীয়ে লগতে দাবী কৰে যে, কেইজনমান অভিযুক্তৰ পূৰ্বৰ অপৰাধমূলক ইতিহাস আছে। মীনেশ্বৰ দিহিঙীয়া আৰু চ’ফিঅ’ মেপোক এনএছচিএন (NSCN) সংগঠনটোৰ প্ৰাক্তন কেডাৰ হিচাপে চিনাক্ত কৰা হৈছে, যাৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ পূৰ্বৰ গোচৰ ৰুজু হৈ আছে। চ’ ক্যাপেং মানলঙকো পূৰ্বৰ হত্যাৰ চেষ্টা, ধনদাবী, অস্ত্ৰ আইন আৰু বেআইনী কাৰ্যকলাপ আইন (UAPA)ৰ সৈতে জড়িত গোচৰৰ সৈতে সংযোগ পোৱা গৈছে। আনহাতে, দিনেশ গগৈক পূৰ্বতে এটা এনডিপিএছ (NDPS) গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল।

আৰক্ষীয়ে আন সহযোগীৰ জড়িত থকাৰ সন্দেহ কৰে আৰু বাকী থকা সন্দেহযুক্ত লোকসকলক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ বাবে অধিক তথ্যৰ সন্ধান চলাইছে। চুৰি হোৱা বাকী থকা ধন আৰু মূল্যৱান সামগ্ৰী উদ্ধাৰৰ বাবেও প্ৰচেষ্টা অব্যাহত ৰাখিছে।

বৰ্তমান এই সন্দৰ্ভত তদন্ত অব্যাহত আছে।
##bigupdate #newsupdate #arunachalpradesh #namsaipolice #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।