Friday, 06 November 2026
লগইন
ব্ৰেকিং

মণিপুৰত মেইটেই-নাগা সংগঠনৰ বিশাল প্ৰতিবাদী সমদল, বন্ধ দোকান-পোহাৰ

উত্তপ্ত মণিপুৰ

নিউজ ডেস্ক : মণিপুৰৰ কেইবাটাও অঞ্চলত আজি দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ব্যক্তিগত শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থাকে। আনহাতে, ইম্ফলত মেইটেই আৰু নাগা নাগৰিক সমাজৰ সংগঠনসমূহে যুটীয়াভাৱে আহ্বান জনোৱা এক বৃহৎ প্ৰতিবাদী সমদলৰ প্ৰতি সমৰ্থন জনাই কেইবাটাও অঞ্চলত ৰাজহুৱা পৰিবহণ ব্যৱস্থাও বন্ধ হৈ পৰে।

এই প্ৰতিবাদী সমদলত দুয়োটা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা বিভিন্ন সংগঠনে অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় চৰকাৰক তেওঁলোকৰ দাবীসমূহ সমাধান কৰিবলৈ আহ্বান জনায়। দাবীসমূহৰ ভিতৰত চৰকাৰৰ পৃষ্ঠপোষকতাত চলি থকা বুলি অভিযোগ কৰা প্ৰক্সি যুদ্ধৰ অৱসান, Suspension of Operations (SoO) চুক্তি বাতিল কৰা আৰু ৰাজ্যখনৰ পৰা অসম ৰাইফলছ আঁতৰাই নিয়াৰ দাবী অন্যতম।

Coordinating Committee on Manipur Integrity (COCOMI), Joint Tribe Council Manipur আৰু কেইবাটাও নাগা সংগঠনকে ধৰি বিভিন্ন গোটৰ উদ্যোগত এই প্ৰতিবাদী সমদলৰ আয়োজন কৰা হয়। ইম্ফলৰ পশ্চিম জিলাৰ কোৱাকেইথেলস্থিত টিডিম গ্ৰাউণ্ডৰ পৰা সমদলটো আৰম্ভ হৈ থাউ গ্ৰাউণ্ডত উপস্থিত হয়। তাত এখন ৰাজহুৱা সভাও অনুষ্ঠিত কৰা হয়।

সমদলৰ পথত স্থানীয় ৰাইজেও প্ৰতিবাদকাৰীসকলক সহায়ৰ হাত আগবঢ়ায়। তেওঁলোকে প্ৰতিবাদকাৰীসকলৰ মাজত পানী, খাদ্য সামগ্ৰী আৰু শক্তিবৰ্ধক পানীয় বিতৰণ কৰে।

ইফালে, United Naga Council আৰু All Naga Students Association Manipur-এ পুৱা ১১ বজাৰ পৰা নাগা অধ্যুষিত জিলাসমূহৰ সদৰ কাৰ্যালয়ত একে সময়তে শান্তিপূৰ্ণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

সমাৱেশত ভাষণ দি Foothill Naga Co-ordination Committee-ৰ আহ্বায়ক আখিউৱে এই বৃহৎ সমাৱেশক ঐতিহাসিক আখ্যা দিয়ে। তেওঁ উল্লেখ কৰে যে মেইটেই আৰু নাগা সংগঠনসমূহে ইয়াৰ পূৰ্বে ইমান বৃহৎ পৰিসৰত খুব কমেইহে একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰিছে।

তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰক মণিপুৰৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ দাবীসমূহক উপেক্ষা নকৰিবলৈ বাৰ্তা প্ৰেৰণ কৰাৰ উদ্দেশ্যে নাগা অধ্যুষিত পাহাৰীয়া জিলাসমূহতো একেধৰণৰ প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে।

আয়োজকসকলে কয় যে ৰাজ্যখনৰ নিৰাপত্তা ব্যৱস্থা আৰু ৰাজনৈতিক ভৱিষ্যতক লৈ অব্যাহত থকা উত্তেজনাৰ মাজতে নিজৰ দাবীসমূহ উত্থাপন কৰাৰ লক্ষ্যৰে এই প্ৰতিবাদী সমদলৰ আয়োজন কৰা হৈছে।
##bigupdate #newsupdate #manipur #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।