সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি খাণ্ডুৱে কয়, "মই চিয়াং অঞ্চলৰ সকলো সংগঠন আৰু গোটৰ সৈতে যোগাযোগ কৰি এই প্ৰকল্পটোৰ বিষয়ে অধিক স্পষ্টতা প্ৰদান কৰিব বিচাৰো । বৰ্তমান আমি বান্ধ নিৰ্মাণৰ কথাই পতা নাই। এই মুহূৰ্তত কেৱল PFR ৰ প্ৰক্ৰিয়াহে সম্পন্ন হ'ব লাগে ।"
তেওঁ লগতে কয় যে PFR-এ ইয়াৰ সম্ভাৱনীয়তা প্ৰমাণ কৰাৰ পিছতহে বান্ধটোৰ কাম আগবঢ়াই নিয়া হ'ব নে নাই সেই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ'ব। প্ৰকল্পটো ব্যৱহাৰোপযোগী বুলি গণ্য কৰা হ'লেও আইনী ব্যৱস্থা অনুসৰি চৰকাৰে স্থানীয় ৰাইজৰ সৈতে পৰামৰ্শ কৰিব লাগিব বুলি তেওঁ জানিবলৈ দিয়ে।
"জনসাধাৰণৰ সৈতে আলোচনা নকৰাকৈ এই প্ৰকল্প আগনাবাঢ়ে," খাণ্ডুৱে কয়। তেওঁৰ শেহতীয়া বাৰ্তালাপৰ সময়ত স্থানীয় সংগঠনসমূহৰ সঁহাৰিয়ে তেওঁক উৎসাহিত কৰা বুলি উল্লেখ কৰি PFR প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে তেওঁ চিয়াং অঞ্চল ভ্ৰমণ কৰি থাকিব বুলি সদৰী কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিশেষকৈ চিয়াং আৰু আপাৰ চিয়াং জিলাৰ বাসিন্দাসকলক এই প্ৰকল্পৰ সন্দৰ্ভত ভুল তথ্য যোগান ধৰা হৈছে আৰু চৰকাৰে পোনপটীয়া বাৰ্তালাপৰ জৰিয়তে তেওঁলোকৰ চিন্তা-ভাৱনাসমূহ দূৰ কৰিব বিচাৰে।
চিয়াং নদীৰ ওপৰত এই প্ৰস্তাৱিত ১১,২০০ মেগাৱাট ক্ষমতা সম্পন্ন প্ৰকল্পটোৰ পৰিকল্পনা কৰা হৈছে আৰু কেন্দ্ৰীয় চৰকাৰে NHPC ৰ জৰিয়তে ইয়াক আগবঢ়াই লৈ গৈছে। ইয়াক এটা বহুমুখী সংৰক্ষণ প্ৰকল্প হিচাপে পৰিকল্পনা কৰা হৈছে, যিয়ে জলবিদ্যুৎ উৎপাদনৰ লগতে পানী ব্যৱস্থাপনা আৰু কৌশলগত লক্ষ্যসমূহক একত্ৰিত কৰিব।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।