Thursday, 05 November 2026
লগইন
ব্ৰেকিং

নদীবন্ধ বিৰোধী আন্দোলনে ভয়ংকৰ ৰূপ লৈছে অৰুণাচলত

অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি হৈছে অৰুণাচল প্ৰদেশত

নিউজ ডেস্ক : অৰুণাচল প্ৰদেশৰ আপাৰ সোৱণশিৰি জিলাত এক প্ৰস্তাৱিত জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে আহ্বান জনোৱা ১২ ঘণ্টীয়া বন্ধই সোমবাৰে হিংসাত্মক ৰূপ ধাৰণ কৰে । বন্ধৰ সময়ত উত্তেজিত জনতাই কেইবাখনো বাহন আৰু এন এইচ পি চি (NHPC)-ৰ সঁজুলি ভাঙি চূৰমাৰ কৰে । যাৰ ফলত দুজন নিৰাপত্তাৰক্ষী আহত হয় । নদীবন্ধবিৰোধী এই প্ৰতিবাদ চিয়াং অৱবাহিকাৰ পৰা সোৱণশিৰি উপত্যকালৈ বিয়পি পৰিছে ।

শেহতীয়া এই হিংসাত্মক ঘটনাৰ কেন্দ্ৰবিন্দু আছিল পাছিঘাটৰ পৰা ২২০ কিলোমিটাৰ পশ্চিমে অৱস্থিত দাপোৰিজো চহৰত । অল তাগিন ষ্টুডেন্টছ ইউনিয়ন (ATSU) আৰু অন্যান্য সংগঠনসমূহে প্ৰস্তাৱিত ১৬০৫ মেগাৱাট ক্ষমতা সম্পন্ন ‘সোৱণশিৰি আপাৰ হাইড্ৰ’ইলেক্ট্ৰিক প্ৰকল্প’ৰ অংশ মেংগা বান্ধৰ বিৰুদ্ধে এই বন্ধৰ আহ্বান জনাইছিল ।

বন্ধৰ সময়ত এন এইচ পি চিৰ সঁজুলি, কোম্পানীটোৰ এখন বাহন আৰু আৰক্ষীৰ দুখন বাহন ক্ষতিগ্ৰস্ত হয়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে দাপোৰিজোত ফ্লেগ মাৰ্চ কৰে আৰু শান্তি বজাই ৰাখিবলৈ আহ্বান জনায়। আৰক্ষী অধীক্ষক পৱন কুমাৰ যাদৱে জনোৱা মতে, “নিৰাপত্তাৰক্ষী চালক হিবু লাছা আৰু এজন চি আৰ পি এফ (CRPF) জোৱান আহত হৈছে। দুয়োকে চিকিৎসাৰ বাবে জিৰোলৈ প্ৰেৰণ কৰা হৈছে । প্ৰস্তাৱিত বৃহত নদীবান্ধৰ বিৰোধিতা আৰু ATSUৰ সভাপতি তাদাক পাকবাক আৰক্ষীয়ে আটক কৰাৰ প্ৰচেষ্টাৰ প্ৰতিবাদত সোমবাৰে পুৱা ৫ বজাৰ পৰা এই বন্ধ কাৰ্যসূচী আৰম্ভ হৈছিল।

সোৱণশিৰি অৱবাহিকাৰ ছাত্ৰ সংগঠন আৰু স্থানীয় জনগোষ্ঠীয় গোটসমূহৰ সমৰ্থনত এই আন্দোলন গঢ়ি উঠিছিল। প্ৰকল্পটোৰ ফলত তেওঁলোকৰ ভূমি, জীৱিকা আৰু ভৱিষ্যত বিপদাপন্ন হ’ব বুলি থকা আশংকাই এই ক্ষোভৰ মূল কাৰণ । ইয়াৰ পূৰ্বে, প্ৰস্তাৱিত ১১,২০০ মেগাৱাট ক্ষমতাৰ চিয়াং আপাৰ মাল্টিপাৰপাজ প্ৰকল্প (SUMP)-ৰ বিৰুদ্ধে শুকুৰবাৰে নিশাৰ পৰা শনিবাৰে পুৱতি নিশালৈকে প্ৰতিবাদকাৰীসকলে ইষ্ট চিয়াং জিলাৰ সদৰস্থান ঘেৰাও কৰাৰ সময়ত পাছিঘাটত ব্যাপক অগ্নিসংযোগৰ ঘটনা ঘটিছিল ।

এই প্ৰকল্পটোৰ মূল জলাশয়টো আপাৰ চিয়াং জিলাৰ সদৰদপ্তৰ য়িংকিয়ঙৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ নামনিত থকা গেকু গাঁৱৰ ওচৰত নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে । উল্লেখযোগ্য যে চিয়াং নদীখন তিব্বতৰ পৰা বৈ আহি চিয়াং, আপাৰ চিয়াং আৰু ইষ্ট চিয়াং জিলাত বসবাস কৰা আদি সম্প্ৰদায়ৰ পূৰ্বপুৰুষৰ ভূমিৰ মাজেৰে পাৰ হৈ গৈছে । আনহাতে আপাৰ চুবনশিৰি হৈছে তাগিন সম্প্ৰদায়ৰ বাসস্থান। আদি আৰু তাগিন জনগোষ্ঠী দুটাৰ মাজত নিকট সম্বন্ধ আছে ।
##Arunachalpradesh #nhpc #BigDam #Arunachalpradeshprotest #breakingnews

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।