ন্যায় নোপোৱালৈকে প্ৰতিবাদ অব্যাহত থাকিব বুলি উল্লেক কৰি আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়,”ৰাজপথত আন্দোলন কৰা নাই বুলিয়েই আছু বহি থকা নাই। প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে আমাৰ প্ৰতিবাদ অব্যাহত থাকিব ।”
তেওঁ লগতে কয়, “ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত জড়িত কোনো দোষীয়ে ৰেহাই পাব নালাগে। প্ৰতিগৰাকী দোষীয়ে শাস্তি পাবই লাগিব। শিল্পীগৰাকীৰ ন্যায় নিশ্চিত কৰাৰ দাবীত আছুৱে নিজৰ আন্দোলন অব্যাহত ৰাখিব ।”
জুবিন গাৰ্গৰ গোচৰটোৰ সংক্ৰান্তত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ৰাজ্যপালক সাক্ষাৎ কৰিবলগীয়া হোৱা ঘটনাইও বিষয়টো অধিক চৰ্চিত হৈছে ।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।