Thursday, 05 November 2026
লগইন
ব্ৰেকিং

আমেৰিকাৰ ইতিহাসত প্ৰথমগৰাকী মুছলমান চিনেটৰ হ’ল আব্দুল! ট্ৰাম্পৰ প্ৰাৰ্থীৰ লগতে নিজৰ দলৰ প্ৰতিদ্বন্দ্বীকো কৰিলে পৰাস্ত

ইতিহাস ৰচিলে আব্দুলে!

নিউজ ডেস্ক: প্ৰথমবাৰৰ বাবে মাৰ্কিন সংসদৰ উচ্চ সদন চিনেটৰ সদস্য হ’ব এগৰাকী মুছলমান ব্যক্তি। আমেৰিকাৰ মধ্যৱৰ্তী নিৰ্বাচনত কাৰ্যতঃ নীলা ধুমুহাত দিশহাৰা হৈ পৰিছে ড’নাল্ড ট্ৰাম্পৰ ৰঙা দুৰ্গ।

এই পৰিস্থিতিত ‘নীলা দুৰ্গ’ হিচাপে পৰিচিত মিশিগান ৰাজ্যখন এইবাৰো নিজৰ দখলত ৰাখিবলৈ সক্ষম হ’ল ডেম’ক্ৰেটসকলে। আমেৰিকাৰ মধ্যৱৰ্তী নিৰ্বাচনত জয়লাভ কৰিলে মিচৰীয় মূলৰ মাৰ্কিন নাগৰিক আব্দুল এল-ছেইদে। তেওঁ পৰাস্ত কৰিলে ট্ৰাম্পৰ সমৰ্থনপুষ্ট ৰিপাব্লিকান প্ৰাৰ্থী মাইক ৰজাৰ্ছক। আব্দুলে কেৱল মাইককেই পৰাস্ত কৰা নাই, পৰাস্ত কৰিলে নিজৰ ‘ঘৰৰ শত্ৰু’কো।

তথ্য অনুসৰি, প্ৰাইমাৰী নিৰ্বাচনত (কোনজন প্ৰাৰ্থী হ’ব, সেয়া নিৰ্ধাৰণ কৰিবলৈ ডেম’ক্ৰেটিক পাৰ্টিৰ আভ্যন্তৰীণ নিৰ্বাচন) আব্দুলৰ হাতত পৰাস্ত হৈছিল হ্যালে ষ্টিভেনছ। মধ্যৱৰ্তী নিৰ্বাচনৰ কেইদিনমান পূৰ্বে তেওঁ হঠাৎ ৰাজনৈতিক স্থিতি সলনি কৰি মিশিগানৰ ৰিপাব্লিকান প্ৰাৰ্থীগৰাকীক সমৰ্থন কৰাৰ কথা ঘোষণা কৰিছিল। ডেম’ক্ৰেট নেত্ৰীগৰাকীৰ সমৰ্থন সত্ত্বেও মিশিগানৰ আসনখন ডেম’ক্ৰেটসকলৰ হাতৰ পৰা কাঢ়ি নিবলৈ ব্যৰ্থ হ’ল ৰিপাব্লিকানসকল। ইয়াৰ পূৰ্বে মিশিগানৰ চিনেটৰ আছিল ডেম’ক্ৰেট নেতা ছেন গেৰী পিটাৰ্ছ। তেওঁ অৱসৰ গ্ৰহণ কৰে।

উল্লেখ্য যে, ৪২ বছৰীয়া আব্দুলে ইয়াৰ পূৰ্বে স্বাস্থ্য বিষয়া হিচাপে কাম কৰিছিল। তেওঁৰ পিতৃ ইজিপ্তৰ পৰা আমেৰিকালৈ আহি বসতি স্থাপন কৰিছিল। আব্দুলৰ ডাঙৰ-দীঘল মিশিগানতে হৈছিল। নিৰ্বাচনী ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁ মূলতঃ জনস্বাস্থ্যৰ ক্ষেত্ৰতে কাম কৰিছিল। আনহাতে, তেওঁৰ প্ৰতিদ্বন্দ্বী মাইকে আমেৰিকাৰ চোৰাংচোৱা সংস্থা এফ বি আইৰ এজেণ্ট হিচাপে কৰ্মৰত আছিল। ট্ৰাম্পৰ মনোনীত প্ৰাৰ্থী হিচাপেই তেওঁ নিৰ্বাচনী প্ৰচাৰত ধুমুহাৰ সৃষ্টি কৰিছিল।

ডেম’ক্ৰেটিক প্ৰাৰ্থী আব্দুলৰ বিৰুদ্ধে উগ্ৰপন্থীৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল ৰিপাব্লিকান প্ৰাৰ্থীগৰাকীয়ে। তেওঁৰ দাবী আছিল যে আব্দুলে আমেৰিকাক ঘৃণা কৰে। আনহাতে, আব্দুলে মূলত দুটা প্ৰতিশ্ৰুতি দি নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল। ইয়াৰে এটা আছিল কৰ্মজীৱী পৰিয়ালসমূহৰ দৈনন্দিন খৰচ হ্ৰাস কৰা। আনটো আছিল ৰাজনীতিত কৰ্প’ৰেটৰ প্ৰভাৱ হ্ৰাস কৰা। 

গাজাৰ পৰিস্থিতি আৰু ইজৰাইলক আমেৰিকাৰ সামৰিক সাহায্য প্ৰদানৰ বিষয়তো তেওঁ মুকলিকৈ নিজৰ মত প্ৰকাশ কৰিছিল। আব্দুলৰ এই স্থিতিয়ে ইহুদী ভোটাৰসকলক অসন্তুষ্ট কৰিব বুলি বহু ডেম’ক্ৰেট নেতাই আশংকা প্ৰকাশ কৰিছিল। কিন্তু বাস্তৱত দেখা গ’ল যে ডেম’ক্ৰেটিক প্ৰাৰ্থীগৰাকীয়ে ২২ লাখ ভোট লাভ কৰাৰ বিপৰীতে ৰিপাব্লিকান প্ৰাৰ্থীগৰাকীয়ে লাভ কৰে ২০ লাখ ভোট।

শেহতীয়াকৈ জয়লাভৰ পিছত আমেৰিকাৰ চিনেটৰ প্ৰথমগৰাকী মুছলমান সদস্যই ছ’চিয়েল মিডিয়াত লিখে, “মই মিচিগান প্ৰদেশক প্ৰতিনিধিত্ব কৰিম।” এয়া মোৰ বাবে এক সন্মানৰ বিষয়। মিচিগান, আমি একেলগে জয়লাভ কৰিছোঁ। এতিয়া প্ৰকৃত কাম আৰম্ভ হ’ব। ইয়াৰ পূৰ্বে আমেৰিকাৰ আইনসভাৰ নিম্ন সদন হাউছত মুছলমান সদস্য আছিল যদিও, ইমানদিনে ছেনেটলৈ কোনো মুছলমান সদস্য নিৰ্বাচিত হোৱা নাছিল।

প্ৰসংগক্ৰমে, আমেৰিকাৰ আইনসভাৰ উচ্চ সদন চিনেটৰ ১০০খন আসনৰ ভিতৰত ৫৪খনত জয়লাভ কৰি বা অগ্ৰগতি লাভ কৰি সংখ্যাগৰিষ্ঠতা লাভৰ দিশে আগবাঢ়িছে ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থীসকলে। আনহাতে, ৰিপাব্লিকানসকলে ৪৪খন আসনত জয়লাভ কৰি অগ্ৰগতি লাভ কৰিছে।
##bigupdate #newsupdate #internationalnews #Abdul El-Sayed #usmidertermelectionresults #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।