Thursday, 05 November 2026
লগইন
ব্ৰেকিং

বিশ্ব জোকাৰি যোৱা ১০ টা বিধ্বংসী চুনামি, মুহূৰ্তৰ ভিতৰতে কাঢ়িলে লাখ লাখ মানুহৰ জীৱন

বিশ্ব জোকাৰি যোৱা ১০ টা বিধ্বংসী চুনামি

নিউজ ডেস্ক : প্ৰকৃতিয়ে যেতিয়া নিজৰ শান্ত ৰূপ এৰি ৰূদ্ৰমূৰ্তি ধাৰণ কৰে, তেতিয়া মানুহে গঢ়া সভ্যতা মুহূৰ্তৰ ভিতৰতে ধ্বংস হৈ যায়। পৃথিৱীৰ ইতিহাসত এনে কিছুমান প্ৰাকৃতিক দুৰ্যোগ আহিছে, যিয়ে মানৱজাতিক স্তব্ধ কৰি দিছে। ইয়াৰ ভিতৰত আটাইতকৈ আকস্মিক আৰু ধ্বংসাত্মক দুৰ্যোগটোৰ নাম হ’ল ‘চুনামি’।

সমুদ্রৰ তলিভাগত হোৱা শক্তিশালী ভূমিকম্প বা আগ্নেয়গিৰিৰ উদগীৰণৰ ফলত সৃষ্টি হোৱা এই দানৱীয় ঢৌৱে নিমিষতে লাখ লাখ প্ৰাণ কাঢ়ি নিছে আৰু উপকূলীয় অঞ্চলসমূহ ধংসস্তূপত পৰিণত কৰিছে। ইতিহাসৰ পাতৰ পৰা বিশ্বজুৰি আৰু বাংলাদেশৰ ওপৰত প্ৰভাৱ পেলোৱা তেনে কিছুমান ভয়ংকৰ চুনামিৰ বিৱৰণ তলত উল্লেখ কৰা হ'ল :

১. ভাৰত মহাসাগৰৰ চুনামী: প্ৰায় ২,২৭,৮৯৯ জন লোকৰ মৃত্যু

২৬ ডিচেম্বৰ, ২০০৪ চনত ইণ্ডোনেছিয়া (সুমাট্ৰা), থাইলেণ্ড, শ্ৰীলংকা, ভাৰতকে ধৰি ১৪খন দেশ এক প্ৰলয়ংকাৰী ভূমিকম্প আৰু চুনামিৰ কৱলত পৰিছিল। কাৰণ: সুমাত্ৰা উপকূলত সৃষ্টি হোৱা ৯.১ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্প । এইটো ইতিহাসৰ আটাইতকৈ ভয়াৱহ চুনামি । সাগৰৰ তলিখন ওলট-পালট হৈ প্ৰায় ৫০ মিটাৰ ওখ ঢৌৰ সৃষ্টি হয়, যিয়ে কেইঘণ্টামানৰ ভিতৰতে এক বিশাল অঞ্চলত ধ্বংসলীলা চলায়।

২. মেচিনা চুনামি, ইটালী : প্রায় ১,০০,০০০ জনৰ মৃত্যু

১৯০৮ চনৰ ২৮ ডিচেম্বৰত ইটালীৰ মেচিনা (Messina) আৰু কালাব্ৰিয়াত (Calabria) এক বিধ্বংসী ভূমিকম্প সংঘটিত হৈছিল।কাৰণ: ৭.১ মাত্ৰাৰ ভূমিকম্প আৰু ইয়াৰ ফলত সাগৰৰ বুকুত (সমুদ্ৰগৰ্ভত) হোৱা ভূমিস্খলন। ভূমিকম্পৰ মাত্ৰ কেইমিনিটমান পিছতেই প্ৰায় ১২ মিটাৰ ওখ ঢৌৱে উপকূলীয় চহৰসমূহ সম্পূৰ্ণৰূপে উটুৱাই লৈ যায়। ভূমিকম্প আৰু চুনামিৰ যৌথ আঘাতত প্ৰায় ১ লাখ লোকে প্ৰাণ হেৰুৱায়।

৩. লিসবন ভূমিকম্প আৰু ইয়াৰ ফলত হোৱা চুনামি : আনুমানিক ৫০,০০০ ৰ পৰা ৬০,০০০ লোকৰ মৃত্যু 

১ নৱেম্বৰ, ১৭৫৫  স্থান: মূল কেন্দ্ৰ আছিল আটলান্টিক মহাসাগৰ কাৰণ : আটলাণ্টিক মহাসাগৰত হোৱা ৮.৫ মাত্ৰাৰ ভূমিকম্প
ভূমিকম্পৰ পাছত পৰ্তুগালৰ লিছবন উপকূলত প্ৰায় ৩০ মিটাৰ (প্ৰায় ৫৯ ফুট) ওখ তিনিটা বিশাল ঢৌৱে আঘাত হানে। ই চহৰখনৰ বেছিভাগ অংশ ধ্বংস কৰি পেলায়।

৪. ক্রাকাতোয়া সুনামি, ইণ্ডোনেছিয়া: প্ৰায় ৩৬,০০০ জন নিহত

২৭ আগষ্ট, ১৮৮৩, সুন্দা প্ৰণালী, ইন্দোনেছিয়া কাৰণ: ক্ৰাকাতোয়া আগ্নেয়গিৰিৰ প্ৰচণ্ড বিস্ফোৰণ আৰু কেলডেৰা খহি পৰা।আধুনিক ইতিহাসৰ আটাইতকৈ শক্তিশালী আগ্নেয় উদগীৰণৰ ফলত ১৩০ ফুট ওখ ঢৌৰ সৃষ্টি হৈছিল, যিয়ে সমগ্ৰ সুন্দা প্ৰণালীৰ উপকূলীয় চহৰ আৰু গাঁওসমূহক নিশ্চিহ্ন কৰি পেলাইছিল।

৫. এনশোনাডা সাগৰৰ চুনামি, জাপান : প্ৰায় ৩১,০০০ জনৰ মৃত্যু

২০ ছেপ্টেম্বৰ, ১৪৯৮প্ৰায় ২৫ মিটাৰ পৰ্যন্ত ওখ হোৱা ডজনৰো অধিক চুনামীৰ ঢৌৱে এক ঘণ্টাতকৈও অধিক সময় ধৰি জাপানৰ উপকূলীয় অঞ্চলত আঘাত হানে, যাৰ ফলত মাইলে মাইলে স্থলভাগ লুণীয়া পানীত বুৰ গৈছিল। এনশোনাডা সাগৰ, জাপান
কাৰণ: আনুমানিক ৮.৩ মাত্ৰাৰ ভূমিকম্প । এই চুনামিৰ বাবে জাপানৰ কিই, ইজু আৰু মিকাৱা অঞ্চলৰ এক বৃহৎ অংশ প্লাবিত হৈছিল। ঢৌৰ কোবত বিখ্যাত মহামতি বুদ্ধৰ (Great Buddha) মূৰ্তি থকা মন্দিৰৰ ভৱনটো উটি গৈছিল।

৬. নানকাইডো চুনামী, জাপান: প্ৰায় ৩০,০০০ লোকৰ মৃত্যু

২৮ অক্টোবৰ, ১৭০৭ কিউছু, চিক’কু আৰু হন্ছু, জাপান। কাৰণ: ৮.৪ প্ৰাবল্যৰ এক প্ৰবল/শক্তিশালী ভূমিকম্প। প্ৰায় ২৫ মিটাৰ পৰ্যন্ত ওখ হোৱা ডজনৰো অধিক চুনামীৰ ঢৌৱে এক ঘণ্টাতকৈও অধিক সময় ধৰি জাপানৰ উপকূলীয় অঞ্চলত আঘাত হানে, যাৰ ফলত মাইলে মাইলে স্থলভাগ লুণীয়া পানীত বুৰ গৈছিল।

৭. সানৰিকু সুনামি, জাপান : প্ৰায় ২৭,০০০ লোকৰ মৃত্যু

১৫ জুন, ১৮৯৬, সানৰিকু উপকূল, জাপান কাৰণ : ৭.৬ মাত্ৰাৰ এটা প্ৰচণ্ড ভূমিকম্প সানৰিকুৰ এই ভূমিকম্পত জোকাৰণি কম হ’লেও ই সাগৰৰ তলিত এক বিশাল আলোড়নৰ সৃষ্টি কৰে। ইয়াৰ ফলত সৃষ্টি হোৱা ১২৪ ফুট (৩৮.২ মিটাৰ) ওখ ঢৌৱে মুহূৰ্তৰ ভিতৰতে ১১,০০০ ঘৰ-দুৱাৰ উটুৱাই লৈ যায়।

৮. আৰিকা চুনামি, চিলি/ পেৰু : প্ৰায় ২৫,০০০ লোকৰ মৃত্যু

১৩ আগষ্ট, ১৯৬৮ আৰিকা (তৎকালীন পেৰু, বর্তমান চিলি)। কাৰণ : প্ৰশান্ত মহাসাগৰত হোৱা ৮.৫ প্ৰাবল্যৰ ভূমিকম্প
এই চুনামীৰ তীব্ৰতা ইমানেই বেছি আছিল যে ইয়াৰ ঢৌ প্ৰায় ২১ মিটাৰ পৰ্যন্ত ওখ হৈছিল আৰু প্ৰায় ২ ৰ পৰা ৩ দিন ধৰি সমগ্ৰ প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ইয়াৰ প্ৰভাৱ আছিল, আনকি অষ্ট্ৰেলিয়াৰ চিডনীলৈকেও ইয়াৰ ঢৌ পাইছিলগৈ।

৯. তোহোকু সুনামি, জাপান: প্ৰায় ১৮,৫০০ লোকৰ মৃত্যু।

১১ মাৰ্চ, ২০১১ উত্তৰ-পূব জাপান (তোহোকু অঞ্চল) । কাৰণ : ৯.০ প্ৰাবল্যৰ মেগা-ভূমিকম্প । এইটো আধুনিক ইতিহাসৰ আটাইতকৈ প্ৰযুক্তিগতভাৱে নথিভুক্ত আৰু অৰ্থনৈতিকভাৱে ক্ষতিকাৰক চুনামী। ১২৭ ফুট ওখ ঢৌৱে জাপানৰ ফুকুশিমা পাৰমাণৱিক বিদ্যুৎ কেন্দ্ৰত আঘাত হানি ভয়াবহ পাৰমাণৱিক বিপৰ্যয়ৰ সৃষ্টি কৰিছিল।

১০. মাউন্ট উনজেন সুনামি, জাপান : প্ৰায় ১৫,০০০ লোকৰ মৃত্যু

২১ মে', ১৭৯২ । শিমাবাৰা উপসাগৰ, কিউশু দ্বীপ, জাপান । কাৰণ : জাপানৰ মাউন্ট উনজেন (Mount Unzen) আগ্নেয়গিৰিৰ অগ্ন্যুৎপাত আৰু তাৰ ফলত হোৱা ভয়ংকৰ ভূমিধসৰ আগ্নেয়গিৰিৰ প্ৰচণ্ড বিস্ফোৰণৰ পিছত গোটেই পাহাৰটোৰ এটা দিশ খহি শ্বিমাবাৰা উপসাগৰত পৰে। ইয়াৰ ফলত সৃষ্টি হোৱা আকস্মিক মেগা-চুনামিয়ে সমগ্ৰ অৱবাহিক অঞ্চলত আঘাত হানে আৰু প্ৰায় ১৫,০০০ লোকক উটুৱাই লৈ যায়।
##world #destructivetsunami #destructivetsunami #tsunami

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।