Thursday, 05 November 2026
লগইন

ভয়াৱহ বিমান আক্ৰমণ! মহিলা, শিশুসহ কমেও ১৫ জনৰ মৃত্যু

ভয়ংকৰ বিমান আক্ৰমণ

নিউজ ডেস্ক : সোমবাৰে ম্যানমাৰৰ বিদ্ৰোহী সংগঠনৰ নিয়ন্ত্ৰণাধীন অঞ্চলত পুনৰ বিমান আক্ৰমণ চলায় দেশখনৰ শাসক জুন্টা বাহিনীয়ে। বিগত ৪৮ ঘণ্টাত দুখন প্ৰদেশৰ চাৰিটা জনপদৰ আৱাসিক এলেকা, চিকিৎসালয় আৰু বিদ্যালয়ত যুদ্ধবিমান আৰু ড্ৰ’নৰ জৰিয়তে আক্ৰমণ চলায়। এই আক্ৰমণত কমেও ১৫ জন লোক নিহত হোৱাৰ লগতে ৫০ জনতকৈও অধিক লোক আহত হয় বুলি ম্যানমাৰৰ গণতন্ত্ৰপন্থী নেত্ৰী আং ছান ছ্যু চিৰ সমৰ্থকসকলৰ দ্বাৰা গঠিত স্বঘোষিত ‘নেশ্যনেল ইউনিটি গভৰ্ণমেণ্ট’ (NUG) নিয়ন্ত্ৰিত এটা সংবাদ মাধ্যম প্ৰকাশ কৰে।

তথ্য অনুসৰি, বাংলাদেশ সীমান্তৰ কাষৰীয়া ৰাখাইন প্ৰদেশ প্ৰায় সম্পূৰ্ণৰূপে বিদ্ৰোহী সংগঠন আৰাকান আৰ্মীৰ নিয়ন্ত্ৰণত আছে। আনহাতে, থাইলেণ্ড সীমান্তৰ কাষৰীয়া পূবাঞ্চলৰ কাৰেন্নি (কায়াহ) প্ৰদেশত দুটা বিদ্ৰোহী সংগঠন—কাৰেন্নি নেশ্যনেলিটিজ ডিফেন্স ফ’ৰ্চ আৰু কাৰেন্নি আৰ্মীৰ শক্তিশালী ঘাটি আছে।

ম্যানমাৰ সেনাই ৰাখাইন প্ৰদেশৰ ম্ৰাউক-ইউ, কিয়াউকতাও টাউনশ্বিপ আৰু কিয়াউকফিউ টাউনশ্বিপত যুদ্ধবিমান আৰু জাইৰ’কপ্টাৰৰ জৰিয়তে আক্ৰমণ চলায়। ইয়াৰ সমান্তৰালভাৱে কাৰেন্নি প্ৰদেশৰ লইকাও টাউনশ্বিপতো যুদ্ধবিমানৰ পৰা বোমা নিক্ষেপ কৰা হয়।

নিহতসকল সাধাৰণ নাগৰিক বুলি ‘নেশ্যনেল ইউনিটি গভৰ্ণমেণ্ট’ (NUG) নিয়ন্ত্ৰিত এটা সংবাদই প্ৰকাশ কৰে। নিহতসকলৰ ভিতৰত কেইবাগৰাকীও মহিলা আৰু শিশু আছে। চলিত বৰ্ষত এই পৰ্যন্ত ম্যানমাৰ সেনাৰ আকাশীপথে চলোৱা আক্ৰমণত প্ৰায় ৫০০ জন অসামৰিক নাগৰিকৰ মৃত্যু হৈছে। সাধাৰণ নিৰ্বাচনৰ পিছত যোৱা ১০ এপ্ৰিলত ম্যানমাৰত নতুন চৰকাৰে শপতগ্ৰহণ কৰে। কিন্তু তাৰ এসপ্তাহৰ ভিতৰতে পুনৰ অশান্তিৰ ক’লা ডাৱৰে আৱৰি ধৰে ভাৰতৰ চুবুৰীয়া দেশখনক।

শেহতীয়াকৈ ৰাখাইন প্ৰদেশত সক্ৰিয় আৰাকান আৰ্মি আৰু চিন প্ৰদেশত সক্ৰিয় তেওঁলোকৰ সহযোগী জুন্টাবিৰোধী নতুন মিত্ৰজোঁট ‘চিন ব্ৰাদাৰহুড’ৰ অংশীদাৰ ‘ইয়াও ডিফেন্স ফ’ৰ্চ’, সাগাইং অঞ্চলত সক্ৰিয় ‘ইয়াও আৰ্মি’ আৰু ‘ম’নিওৱা পিপলছ ডিফেন্স ফ’ৰ্চ’ই পুনৰ জুন্টা সেনাৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখাৰ ঘোষণা কৰে। ইয়াৰ পিছতে বিগত কেইবামাহত এই দুয়োখন প্ৰদেশৰ অসামৰিক জনবসতিপূৰ্ণ অঞ্চলক লক্ষ্য কৰি জুন্টা বাহিনীয়ে বাৰে বাৰে বিমান আক্ৰমণ চলোৱা বুলি অভিযোগ উত্থাপন হৈছে।
##bigupdate #newsupdate #internationalnews #airstrikes #myanmar #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।