Thursday, 05 November 2026
লগইন
ব্ৰেকিং

সুৰ সলালে বিধায়ক অখিলে, এনকাউণ্টাৰ কৰিব নালাগিছিল ঘনকান্তক !

এনকাউণ্টাৰৰ পক্ষত নাই অখিল!

নিউজ ডেস্ক: ঘনকান্ত গগৈ আৰক্ষীৰ এনকাউণ্টাৰত নিহত হোৱা ঘটনা সন্দৰ্ভত নিজৰ স্পষ্ট কৰিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে । সংবাদ মাধ্যমৰ আগত বিধায়কগৰাকীয়ে এনকাউণ্টাৰৰ সমৰ্থন নকৰিলেও নিহত ঘনকান্তক এজন ‘সন্ত্ৰাসবাদী’ আখ্যা দি নিজৰ স্থিতি স্পষ্ট কৰে ।

ঘনকান্ত গগৈৰ এনকাউণ্টাৰ সন্দৰ্ভত অখিল গগৈয়ে কয় যে- "সন্ত্ৰাসবাদী এজন গুলীত নিহত হৈছে, তাত কাৰো বেয়া পাবলগা নাই । যিজন ব্যক্তিয়ে পাঁচজনকৈ নিৰ্দোষী মানুহক নৃসংসভাৱে গুলীয়াই হত্যা কৰিলে, তেওঁ এজন সন্ত্ৰাসবাদীতকৈ কোনো গুণে কম নাছিল। অসম পুলিচক আগতেই আহ্বান জনাইছিলো ১৫ দিনৰ ভিতৰত চাৰ্জশ্বীট দিব লাগে। লগতে মই আহ্বান জনাইছিলো যে তিনি মাহৰ ভিতৰত সকলো কাম কৰি তেওঁক ফাঁচী নহলে গুলীয়াব লাগে ।”

বিধায়কগৰাকীয়ে কয়-"আপোনালোকে নিশ্চয় জানে মই এনকাউণ্টাৰক চাপৰ্ট নকৰো । তেওঁক যদি আইনৰ মজিয়াৰে আদালতত কাৰ্যকৰী কৰি ফাঁচীকাঠত ওলমাব পৰা গ’লহেঁতেন, তেন্তে আটাইতকৈ ভাল আছিল।"

অখিল গগৈৰ মতে, ন্যায়পালিকাক আঁতৰাই প্ৰশাসনে এনকাউণ্টাৰৰ নীতি গ্ৰহণ কৰাতকৈ আইনী ব্যৱস্থাৰ জৰিয়তে সৰ্বোচ্চ শাস্তি প্ৰদান কৰাহে এক সুস্থ গণতান্ত্ৰিক সমাজৰ বাবে সঠিক পথ। তথাপিও, নিহত ব্যক্তিজনৰ অপৰাধৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ অন্তক লৈ বেজাৰ কৰাৰ কোনো কাৰণ নাই বুলিও মন্তব্য কৰে।
##bigupdate #newsupdate #brekingnews #assampolice #ghantakantagogoi #akhilgogoi #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।