Friday, 06 November 2026
লগইন
ব্ৰেকিং

মুকলি আকাশৰ তললৈ অমৃতপ্ৰভা, কি হ’ব সন্দীপন গাৰ্গৰ জামিনৰ শুনানি

অমৃতপ্ৰভা ওলাল, সন্দীপন !

নিউজ ডেস্ক : মঙলবাৰে পুৱাৰ ভাগতে মুকলি আকাশৰ তললৈ আহিল অমৃতপ্ৰভা মহন্ত । পুৱা ৬:৩০ বজাত কাৰাগাৰৰ পৰা ওলাল মহন্ত । মাতৃ-ভগ্নী আৰু অন্যান্য আত্মীয়ই চমজি লৈ যায় অমৃতপ্ৰভাক ।
মুখত মাস্ক পিন্ধি হাফলং কাৰাগাৰৰ পৰা ওলাই আহে অমৃতপ্ৰভা মহন্ত । উল্লেখ্য যে, ৫০ হাজাৰ টকাৰ বণ্ডত জামিন লাভ অমৃতপ্ৰভা জুবিন গাৰ্গ হত্যাৰ গোচৰৰ অন্যতম অভিযুক্ত আছিল । প্ৰায় এবছৰৰো অধিক কাল কাৰাগাৰতে কাৰাবন্দী হৈ আছিল ।
উল্লেখ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰাঞ্জল দাসৰ বিচাৰপীঠে ৫০ হাজাৰ টকাৰ বেইল বণ্ডৰ বিনিময়ত অমৃত প্রভাৰ জামিন মঞ্জুৰ কৰে। জানিব পৰা মতে, তদন্তৰ তথ্য আৰু এতিয়ালৈকে আদালতত দাখিল কৰা সাক্ষ্যত অমৃতপ্ৰভাৰ বিৰুদ্ধে হত্যাৰ ষড়যন্ত্ৰৰ প্ৰাথমিক প্ৰমাণ পোৱা নাই বুলি আদালতে উল্লেখ কৰিছিল ।
আদালতে এইটো কয় যে, জুবিনক সুৰাপান কৰোৱাৰ অভিযোগৰ সমৰ্থনত সাক্ষী বা নথিত পৰ্যাপ্ত তথ্য নাই ।
ইফালে ২০২৫ চনৰ অক্টোবৰ মাহৰ পৰা প্ৰায় এবছৰ ধৰি কাৰাবন্দী, পূৰ্বে কোনো অপৰাধমূলক ইতিহাস নথকা আৰু মহিলা হোৱাৰ বিষয়টোও বিবেচনা কৰি ৯ অক্টোবৰ, ২০২৬ত জামিন মঞ্জুৰ কৰে ন্যায়ালয়ে ।
আনহাতে, মঙলবাৰে সন্দীপন গাৰ্গৰ জামিনৰ শুনানি গ্ৰহণ কৰিব উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে । ন্যায়াধীশ ৰাজেশ মজুমদাৰৰ আদালতত সন্দীপন গাৰ্গৰ জামিন শুনানিৰ বিষয়টো উত্থাপন হ’ব । আজি চৰকাৰী অধিবক্তাই জামিন নাকচক লৈ আদালতত যুক্তি দিব ।
##assam #newsuopdate #justiceforzubeengarg #amritprabhamahanta #bigupdate #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।