Thursday, 05 November 2026
লগইন
ব্ৰেকিং

বিভিন্ন চৰকাৰী বিভাগৰ ৪৩৯ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান

নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

দেওবাৰে মুখ্যমন্ত্ৰী ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি পোৱা ৪৩৯ গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰে ড° হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ জৰিয়তে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ দুয়োটা কাৰ্যকালত মুঠ চৰকাৰী নিযুক্তিৰ সংখ্যা ১,৬৫,৭৪৯ জনলৈ বৃদ্ধি পায়।

এই নিযুক্তি বা পদসমূহৰ ভিতৰত সমবায়, শ্ৰম কল্যাণ, জনস্বাস্থ্য কাৰিকৰী আৰু জলসম্পদ বিভাগৰ পদ অন্তৰ্ভুক্ত।

 দেওবাৰে দিয়া ৪৩৯টা নিযুক্তিৰ ভিতৰত ১৭৫টি নিযুক্তি অসম কো-অপাৰেটিভ এপেক্স বেংকত কৰা হৈছিল।

শ্ৰম কল্যাণ বিভাগে কৰ্মচাৰী ৰাজ্যিক বীমা আঁচনিৰ অধীনত ৩৩ খন চিকিৎসালয় আৰু ঔষধালয়ত সেৱা আগবঢ়াবলৈ ১২ গৰাকী বীমা চিকিৎসা বিষয়া (Insurance Medical Officers) নিযুক্তি দিছে। আনহাতে, জনস্বাস্থ্য কাৰিকৰী বিভাগে ১৮৪ গৰাকী কনিষ্ঠ অভিযন্তা (Junior Engineers) আৰু জলসম্পদ বিভাগে ৫২ গৰাকী সহকাৰী অভিযন্তা (Assistant Engineers) তথা ১৬ গৰাকী কনিষ্ঠ অভিযন্তা (Junior Engineers) নিযুক্তি প্ৰদান কৰে।

উল্লেখ্য যে,মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, চৰকাৰে মূলধনী ব্যয় বৃদ্ধি কৰিছে আৰু অভিযান্ত্ৰিক তথা পলিটেকনিক স্নাতকসকলৰ মাজত থকা নিবনুৱা সমস্যা সমাধানৰ বাবে নিযুক্তি প্ৰক্ৰিয়া ত্বৰান্বিত কৰিছে। লগতে উল্লেখ কৰে যে, ৰাজ্যখনৰ প্ৰায় চাৰি লাখ চৰকাৰী কৰ্মচাৰীৰ প্ৰায় ৪০ শতাংশই বৰ্তমান ৪০ বছৰৰ তলৰ।

স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াক চৰকাৰৰ অন্যতম ডাঙৰ সাফল্য হিচাপে অভিহিত কৰি, হিমন্ত বিশ্ব শৰ্মাই বৰ্তমানৰ সময়ছোৱাক অসমৰ বাবে এক 'স্বৰ্ণ যুগ' বুলি আখ্যা দিয়ে। তেওঁ কয় যে, প্ৰাৰ্থীসকলে এতিয়া উৎকোচ বা ৰাজনৈতিক প্ৰভাৱৰ অভিযোগৰ ভয় নোহোৱাকৈয়ে নিজৰ নিযুক্তি পত্ৰসমূহ ৰাজহুৱাকৈ শ্বেয়াৰ কৰিব পাৰে।

অৱশ্যে, শেহতীয়াকৈ একাংশ বিষয়াই ঘোচ লওঁতে ধৰা পৰা আৰু তেওঁলোকৰ বাসগৃহৰ পৰা কোটি কোটি টকা উদ্ধাৰ হোৱা ঘটনাৰ উদাহৰণ দি তেওঁ নতুনকৈ নিযুক্ত বিষয়া-কৰ্মচাৰীসকলৰ মাজত হোৱা দুৰ্নীতিৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে।

নৱনিযুক্ত কৰ্মচাৰীসকলক সততা বজাই ৰাখিবলৈ আহ্বান জনাই তেওঁ কয় যে, চৰকাৰী চাকৰি লাভ কৰাটোৱেই জীৱনৰ চৰম লক্ষ্য হ’ব নালাগে, বৰঞ্চ ই জনসাধাৰণৰ সেৱা কৰাৰ এক মাধ্যমহে হ’ব লাগে। তেওঁ অসৎ উপায়েৰে ভৌতিক সুখ-সুবিধা আহৰণ কৰাৰ বিৰুদ্ধে তেওঁলোকক সতৰ্ক কৰি দি সকীয়াই দিয়ে যে, দুৰ্নীতিয়ে বিষয়া আৰু তেওঁলোকৰ পৰিয়াললৈ অপমান কঢ়িয়াই আনিব পাৰে।

মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে, চৰকাৰে নতুন নিযুক্তিৰ বাবে খালী পদ সৃষ্টি কৰিবলৈ আৰু বিষয়াসকলক জ্যেষ্ঠ পদত উপনীত হোৱাৰ সুযোগ প্ৰদান কৰিবলৈ পদোন্নতি ক্ষিপ্ৰতৰ কৰিছে। নতুন দৰমহা আয়োগে ইয়াৰ কাম আৰম্ভ কৰিছে, আৰু ইয়াৰ প্ৰতিবেদন দাখিল কৰাৰ পিছত দৰমহা সংশোধন কৰা হ’ব।

তাৰোপৰি দ্ৰুত প্ৰযুক্তিগত পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় ,অহা দুই-তিনি বছৰৰ ভিতৰত কৃত্ৰিম বুদ্ধিমত্তাই (Artificial Intelligence) চৰকাৰী কাৰ্যালয়সমূহৰ ফাইল-নটিঙৰ কাম কৰিবলৈ সক্ষম হ'ব।

পিতৃ-মাতৃৰ প্ৰতি শ্ৰদ্ধাশীল হৈ থাকিবলৈ, ছাত্ৰ অৱস্থাত প্ৰদৰ্শন কৰা সততা বজাই ৰাখিবলৈ আৰু নিজকে একোজন দায়িত্বশীল জনসেৱক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ নতুনকৈ নিযুক্ত কৰ্মচাৰীসকলক মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।
##bigupdate #assam #himantabiswasarma #bjpgovernment #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।