Thursday, 05 November 2026
লগইন

কৃষকসকলৰ বাবে প্ৰতি কুইণ্টলত অতিৰিক্ত ১৯৯ টকাৰ সাহায্য অনুমোদন অসম কেবিনেটৰ

কৃষকসকলে লাভ কৰিব সাহায্য

নিউজ ডেস্ক : কৃষকসকলৰ বাবে আহি পৰিছে এটা ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ মন্তব্য কৰিছে। অসম কেবিনেটে কৃষকসকলৰ বাবে প্ৰতি কুইণ্টলত অতিৰিক্ত ১৯৯ টকা সাহায্য মঞ্জুৰ কৰিছে, যাৰ ফলত মুঠ ন্যূনতম সমৰ্থন মূল্য (MSP) প্ৰতি কুইণ্টলত ২,৬-৪০ টকা হৈছে। মঙলবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয়।

ইয়াৰোপৰি অসম কেবিনেটে 'অসম সেৱা বিধি, ১৯৬৪' সংশোধনীত অনুমোদন জনায়, যাৰ অধীনত বহুবিবাহত লিপ্ত থকা চৰকাৰী কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ ব্যৱস্থা কৰা হৈছে।

প্ৰস্তাৱিত সংশোধনী অনুসৰি, এই ভিত্তিত বৰ্খাস্ত কৰা কৰ্মচাৰীসকলক ভৱিষ্যতে চৰকাৰী চাকৰি লাভ কৰাৰ পৰাও বাৰণ কৰা হ’ব।

##bigupdate #newsupdate #himantabiswasarma #assamcabinet #farmers #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।