
পত্ৰত উল্লেখ কৰা অনুসৰি, হিমাশ্ৰী বড়োৱে এটা নৃত্যদলৰ সৈতে বিপাশাপট্টনমলৈ গৈছিল আৰু তাৰ পৰা অকলে গুৱাহাটীলৈ উভতি আহিছিল। বিগত ৫ অক্টোবৰত তেওঁ বিপাশাপট্টনমৰ পৰা ডিব্ৰুগড় অভিমুখী বিবেক এক্সপ্ৰেছৰ এছ-২ ডবাত উঠিছিল। ৬ অক্টোবৰত পৰিয়ালৰ লোকে তেওঁৰ পৰা এটা উদ্বেগজনক বাৰ্তা লাভ কৰে। বাৰ্তাটোত তেওঁৰ চাৰিওফালে বহু পুৰুষৰ উপস্থিতিৰ বাবে ভয় অনুভৱ কৰাৰ কথা প্ৰকাশ পাইছিল বুলি পত্ৰখনত উল্লেখ কৰা হৈছে।
তথ্য অনুসৰি, তাৰ পাছতে সন্ধানহীন হয় হিমাশ্ৰী। পৰৱৰ্তী সময়ত ৰে’লখনৰ এছ-২ ডবাত তেওঁৰ বেগ উদ্ধাৰ হোৱাৰ লগতে অন্ধপ্ৰদেশৰ শ্ৰীকাকুলাম জিলাৰ মায়লাপুৰমৰ ওচৰৰ এখন বনাঞ্চলৰ পৰা যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ কথাও পত্ৰখনত উল্লেখ আছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।