Saturday, 07 November 2026
লগইন

SIR ক লৈ কি বিচাৰিছে অসম চৰকাৰে?

৫ বছৰৰ মূৰে মূৰে ভোটাৰ তালিকাৰ SIR কৰিব লাগে!

নিউজ ডেস্ক: অসমৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বুধবাৰে উল্লেখ কৰে যে, ৰাজ্যখনৰ ভোটাৰ তালিকাৰ পৰা যাতে এজনো বিদেশী নাগৰিকৰ নাম বাদ পৰি নাযায়, তাৰ বাবে প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ (Special Intensive Revision - SIR) কৰাটো প্ৰয়োজন। 

মঙলবাৰে নলবাৰীত আয়োজিত 'জন জাগৰণ সমদল' ৰেলীত ভাষণ প্ৰদান কৰি অসম কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰে। ইলেক্ট্ৰনিক ভোটিং মেচিন (EVM) সম্পৰ্কে বিৰোধীয়ে উত্থাপন কৰা অনিয়মৰ অভিযোগ আৰু বেলেট পেপাৰৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীক লৈ মন্ত্ৰগৰাকীয়ে তীক্ষ্ণ বক্তব্য কৰে।

মন্ত্ৰী বৰুৱাই কয়, "অসমত সকলোৱেই SIR বিচাৰে। অসমৰ ভোটাৰ তালিকাখনত এজনো বিদেশীৰ নাম থাকিব নালাগে।"

অসমৰ অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে চলা ছয় বছৰীয়া আন্দোলনৰ প্ৰসংগ উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে যুক্তি দৰ্শাই যে, ভোটাৰ তালিকা পৰীক্ষা কৰাৰ বাবে ৰাজ্যখনৰ বিশেষ কাৰণ আছিল।

লগতে মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক তেওঁলোকৰ নিৰ্বাচনী পৰাজয়ৰ বাবে EVM জগৰীয়া কৰাৰ অভিযোগ উত্থাপন কৰে আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া মন্তব্যৰ কথা উল্লেখ কৰে, য'ত তেওঁ বিৰোধীক বেলেট পেপাৰ ব্যৱহাৰ কৰি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ প্ৰত্যাহ্বান জনাইছিল।

তেওঁ কয়, "কংগ্ৰেছ কেতিয়াও জনসাধাৰণৰ পক্ষত থিয় নহয়, সেইবাবেই তেওঁলোকে বাৰে বাৰে পৰাজয় বৰণ কৰে। আৰু হাৰাৰ পিছত তেওঁলোকে কেতিয়াবা ইভিএম (EVM), কেতিয়াবা বেলট পেপাৰক দোষাৰোপ কৰে বা অন্য অজুহাত দেখুৱায়।"

উল্লেখ্য যে, নিৰ্বাচনী সততা, ভোটাৰ তালিকা আৰু নিৰ্বাচন প্ৰক্ৰিয়াৰ বিৰুদ্ধে বিৰোধীৰ অভিযোগক লৈ চলি থকা এক ৰাজনৈতিক বিতৰ্কৰ মাজতে মন্ত্ৰীগৰাকীৰ এই মন্তব্য আহি পৰিছে।

তথ্য অনুসৰি, নলবাৰীৰ এই সমদলত ৩০,০০০ তকৈও অধিক লোকৰ সমাগম ঘটিছিল বুলি আয়োজকসকলে প্ৰকাশ কৰিছে। য’ত যুৱক-যুৱতীসকলে কেন্দ্ৰ আৰু অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ প্ৰতি সমৰ্থন ব্যক্ত কৰে।

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দাবী কৰে যে, ৰাষ্ট্ৰীয় বিষয়সমূহৰ ওপৰত চৰকাৰৰ স্থিতিৰ প্ৰতি সমৰ্থন জনাবলৈ যুৱ প্ৰজন্ম আৰু মহিলাসকল আগবাঢ়ি আহিছে। ইয়াৰ উপৰিও তেওঁ নাগৰিকত্ব সংশোধনী আইন (CAA) ৰ বিৰোধিতা কৰা গোটসমূহক সমালোচনা কৰি অভিযোগ কৰে যে তেওঁলোকে দেশৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰি আছিল।

মন্ত্ৰীগৰাকীয়ে প্ৰতি পাঁচ বছৰৰ অন্তৰে অন্তৰে SIR বা বিশেষ নিবিড় পুনৰীক্ষণৰ যি দাবী উত্থাপন কৰিছে, ই অসমৰ ৰাজনৈতিক চৰ্চাৰ কেন্দ্ৰবিন্দুলৈ নিৰ্বাচনী তালিকাৰ সংশোধনৰ বিষয়টোক আনি দিছে। উল্লেখনীয় যে অসমত অবৈধ অনুপ্ৰৱেশৰ সমস্যাটো দীৰ্ঘদিন ধৰি এক অত্যন্ত স্পৰ্শকাতৰ আৰু বিতৰ্কিত বিষয় হৈ আহিছে।
##assam #newsupdate #bigupdate #assamgovernment #bjp #cmhimantabiswasarma #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।