নিউজ ডেস্ক : মঙলবাৰে সন্ধিয়া অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক । বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি কেবিনেটৰ সিদ্ধান্তসমূহৰ বিষয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়,”বহুবিবাহ কৰিলে অসম চৰকাৰৰ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ব । বিভাগীয় তদন্তত প্ৰমাণ হ'লে এই ব্যৱস্থা গ্ৰহণ হ'ব । এনে কৰ্মচাৰীয়ে ভৱিষ্যতে চৰকাৰী চাকৰিৰ বাবেও আবেদন কৰিব নোৱাৰিব। কাৰণ অসমত উমৈহতীয়া দেৱানী বিধি (UCC) কাৰ্যকৰী হৈ আছে ।”
কেবিনেটৰ সিদ্ধান্তৰ সন্দৰ্ভত তেওঁ কয়,”এতিয়াৰে পৰা ভাৰতীয় সেনাৰ পৰা অৱসৰপ্ৰাপ্ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে অসম চৰকাৰৰ চাকৰিত ৪৫ বছৰ বয়সলৈ আবেদন কৰিব পাৰিব ৷”
দুই লাখ চাকৰিৰ প্ৰসংগত তেওঁ কয়,”২০২৭-২৮ বৰ্ষৰ ভিতৰত ৰাজ্যৰ সৰ্বাধিক সংখ্যক চৰকাৰী বিষয়া-কৰ্মচাৰীক পদোন্নতি দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে চৰকাৰে । উদ্দেশ্য হৈছে দুই লাখ চাকৰি দিয়া । বৰ্তমানৰ বিষয়া-কৰ্মচাৰীৰ পদোন্নতিৰ ক্ষেত্ৰত থকা কিছু প্ৰতিবন্ধকতা শিথিল কৰা হৈছে । ইয়াৰ দ্বাৰা বহু পদ খালী হ’ব ।”
মুখ্যমন্ত্ৰীয়ে কয়,”৬ হাজাৰ বিঘা ভূমিত দেশৰ সামৰিক বাহিনীক সহায় কৰিব পৰাকৈ অসমত এখন ডিফেন্স পাৰ্ক নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছে । নেলীত এই পাৰ্ক নিৰ্মাণৰ বাবে পৰিকল্পনা কৰা হৈছে । উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটত হোৱা বিধ্বংসী বানৰ প্ৰকৃত কাৰণ অনুসন্ধানৰ দায়িত্ব CBIক অৰ্পণ কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে । অহা ১০ দিনৰ ভিতৰত CBIলৈ ফাইল প্ৰেৰণ কৰা হ’ব।”
ৰাজ্যত পাঁচটা ৰ’পৱে’ৰ প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়,” ভাৰত চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত এক বুজাবুজি চুক্তি হৈছে । ইয়াৰ দ্বাৰা কামাখ্যা ৰে’লৱে’ ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰ, খানাপাৰাৰ পৰা গুৱাহাটী ৰে’লৱে’ ষ্টেচন, বৰাকৰ গংগানগৰৰ পৰা ভুবন পাহাৰ, জাতিংগাৰ মাজত আৰু শোণিতপুৰ জিলাৰ অগ্নিগড়ৰ পৰা ভৈৰৱী মন্দিৰলৈ ৰ’পৱে’ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে ।”

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।