নিউজ ডেস্ক: অসম আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে মাৰাথন অভিযান চলাই এক বৃহৎ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ গুৱাহাটী আৰু নগাঁও জিলাত চলোৱা পৃথক অভিযানত প্ৰায় ১৩ কোটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰাৰ লগতে পাঁচজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
অসমৰ দুখন জিলাত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে ৫ সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। শুক্ৰবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰে।
অসম আৰক্ষীয়ে সমগ্ৰ ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্স (X) যোগে জনোৱা অনুসৰি, ৰাজ্যখনত দুটা পৃথক অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে। গুৱাহাটীত প্ৰায় ৮ কোটি টকাৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ লগতে দুই সৰবৰাহীক গ্ৰেপ্তাৰ কৰা হৈছে। আনহাতে, নগাঁও আৰক্ষীয়ে প্ৰায় ৫ কোটি টকা মূল্যৰ কোকেইন জব্দ কৰাৰ লগতে তিনিজন লোকক গ্ৰেপ্তাৰ কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "ব্যৱসায় কৰিবলৈ ভুল স্থান, ভুল দিন আৰু ভুল ৰাজ্য! গুৱাহাটী আৰক্ষীয়ে ড্ৰাগছৰ এটা নেটৱৰ্কত আঘাত হানি প্ৰায় ৮ কোটি টকা মূল্যৰ ১.০৫৬ কিলোগ্ৰাম সন্দেহযুক্ত নিচাজাতীয় দ্ৰব্য জব্দ কৰাৰ লগতে ২ জনক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পিছতে নগাঁও আৰক্ষীয়ে ৫ কোটি টকা মূল্যৰ ১.০২৩ কিলোগ্ৰাম কোকেইন জব্দ কৰে আৰু আন ৩ জনক গ্ৰেপ্তাৰ কৰে।"
"১৩ কোটি টকাৰ ড্ৰাগছ জব্দ। ৫ জনক গ্ৰেপ্তাৰ কৰা হৈছে। @assampolice-এ কোনো ধেমালি কৰা নাই।"
বিগত দুসপ্তাহত অসমে ৰাজ্যখনত ড্ৰাগছ নেটৱৰ্কৰ বিৰুদ্ধে এক ধাৰাবাহিক অভিযান চলাইছে, যাৰ ফলত ১২৫.০৫ কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।