Thursday, 05 November 2026
লগইন
ব্ৰেকিং

অসম ৰাইফলছ আৰু কাছাৰ আৰক্ষীৰ যৌথ অভিযানত লক্ষাধিক টকাৰ হেৰ'ইন জব্দ

লক্ষাধিক টকাৰ হেৰ'ইনসহ সৰবৰাহকাৰীক আটক

নিউজ ডেস্ক : অসম ৰাইফলছে কাছাৰ আৰক্ষীৰ সৈতে যুটীয়া অভিযান চলাই শুক্ৰবাৰে কাছাৰ জিলাৰ শিলচৰ বাইপাছ ৰোডত এজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে প্ৰায় ৬০ লাখ টকা মূল্যৰ হেৰোইন জব্দ কৰে।

অভিযানটোৰ সময়ত, যুটীয়া দলটোৱে প্ৰায় ১০০ গ্ৰাম হেৰোইন থকা সাতটা চাবোনৰ বাকচ উদ্ধাৰ কৰে। এই নিষিদ্ধ সামগ্ৰীখিনি কঢ়িয়াবলৈ ব্যৱহাৰ কৰা বুলি সন্দেহ কৰা এখন য়ামাহা মটৰচাইকেলো লগতে জব্দ কৰে।

ধৃত সৰবৰাহকাৰীটো কাছাৰ জিলাৰ বিষ্ণুপুৰৰ বাসিন্দা। পৰৱৰ্তী তদন্ত আৰু মাদক দ্ৰব্য আৰু মানসিক প্ৰভাৱকাৰী পদাৰ্থ (NDPS) আইনৰ অধীনত আইনী কাৰ্যধাৰাৰ বাবে জব্দ কৰা হেৰোইন আৰু মটৰচাইকেলখনৰ সৈতে সৰবৰাহকাৰীটোক কাছাৰ আৰক্ষীক গতাই দিয়া হৈছে।

উল্লেখ্য যে, এই অভিযানটো অঞ্চলটোত ড্ৰাগছ সৰবৰাহ ৰোধ কৰিবলৈ নিৰাপত্তা বাহিনী আৰু আৰক্ষীয়ে চলোৱা প্ৰচেষ্টাৰ এটা অংশ।
##bigupdatem #newsupdate #assamrifles #cachar #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।