ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ধুবুৰী জিলাৰ আলমগঞ্জত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে কঠৌৰ প্ৰশাসন।
বেদখলকাৰীক ঘৰ খালি কৰাৰ নিৰ্দেশৰ পিছতে নিজেই ঘৰ ভাঙি অন্য স্থানলৈ গতি কৰিছে বেদখলকাৰীয়ে। মাইকযোগে ঘোষণাৰ পিছতে নিজে এই কাৰ্য আৰম্ভ কৰে বেদখলকাৰীয়ে।
তথ্য অনুসৰি, ধুবুৰী জিলাৰ গৌৰীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আলমগঞ্জ ৯ নং খণ্ডৰ গাওঁৰ চৰকাৰী ভূমি অবৈধভাৱে দখল কৰি থকা লোকসকলৰ বাবে প্ৰশাসনে জাৰি কৰিছে এক গুৰুত্বপূৰ্ণ জাননী।
অসম ভূমি আৰু ৰাজহ নিয়মাবলী, ১৮৮৬ ৰ নিয়ম ১৮(২) অনুসৰি, বেদখলকাৰীসকলক অতি শীঘ্ৰেই উক্ত চৰকাৰী ভূমি খালী কৰি ঘৰ-দুৱাৰ আৰু অন্যান্য নিৰ্মাণ সামগ্ৰী আতঁৰাই নিবলৈ কঠোৰ নিৰ্দেশ দিয়া হৈছে।
উল্লেখ্য যে , ইয়াৰ পুৰ্বে চৰকাৰী খাচ ভূমিত অবৈধ বসতি কৰা আঠশ (৮০০) পৰিয়ালক ১৫ দিনৰ ভিতৰত বসতি কৰি থকাৰ কোনো নথি পত্ৰ থাকিলে সেয়া জিলা আয়ুক্তৰ কাৰ্যালয়ত দাখিল কৰাৰ বাবে জাননী জাৰি কৰা হৈছিল। কিন্তু কোনো ধৰণৰ বৈধ নথিপত্ৰ দাখিল কৰিব নোৱাৰাৰ বাবে প্ৰশাসনে চৰকাৰী মাটি বুলি ঘোষণা কৰে।
গৌৰীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আলমগঞ্জ গাওঁ পঞ্চায়তৰ আলমগঞ্জ ষষ্ঠ, অষ্টম আৰু নৱম খণ্ডৰ লগতে বাঘমাৰা অঞ্চলত শ শ বিঘা চৰকাৰী খাচ ভূমি আছে।
সম্প্ৰতি চৰকাৰী উক্ত খাচ ভূমিত একাংশ লোকে দীৰ্ঘদিন ধৰি বসবাস কৰি আহিছে। এই ভূমিত বসতি কৰি অহা লোকসকলে ব্ৰহ্মপুত্ৰ নৈৰ গৰাখহনীয়াৰ কৱলত পৰি দক্ষিণ শালমাৰা - মানকাচৰ জিলাৰ বিভিন্ন চৰাঞ্চলৰ পৰা অহা বুলি জানিবলৈ দিয়ে যদিও প্ৰকৃততে কৰ পৰা আহিছে তাৰ সঠিক তথ্য গাওঁ পঞ্চায়ত কাৰ্যালয়ত নাই বুলি জানিব পৰা গৈছে।
অন্যথা, প্রচলিত আইন অনুসৰি উচ্ছেদ অভিযান চলোৱা হ'ব বুলি প্ৰশাসনে স্পষ্ট কৰি দিয়ে ।
আনহাতে যুগ যুগ ধৰি বসবাস কৰা খিলঞ্জীয়া দেশী জনগোষ্ঠীয় ভূমিহীন লোক সকলৰ পুনৰসংস্থাপন তথা ভূমি প্ৰদানৰ দাবী জনাইছে সদৌ দেশী জনগোষ্ঠীয় মঞ্চৰ নেতা আব্দুল্লা খন্দকাৰে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।