Thursday, 05 November 2026
লগইন
ব্ৰেকিং

ভাৰতৰ ওপৰত নজৰদাৰী চলাবলৈ নেকি সাজু হৈছে নেকি এৱাক্স ?

উপগ্ৰহৰ ছবিত পোহৰলৈ আহিল এই তথ্য!

নিউজ ডেস্ক: ভাৰতীয় সশস্ত্ৰ বাহিনীৰ ওপৰত নজৰদাৰী চলোৱাৰ বাবে দ্ৰুতগতিত ‘এয়াৰবৰ্ণ ৱাৰ্নিং এণ্ড কণ্ট্ৰ’ল ছিষ্টেম’ (এৱাক্স)ৰ বহৰ বৃদ্ধি কৰিছে চীনে। শেহতীয়াকৈ বাণিজ্যিক উপগ্ৰহৰ ছবি প্ৰদানকাৰী সংস্থা ‘ভেণ্টৰ’ (Vantor)-এ প্ৰকাশ কৰা উপগ্ৰহৰ ছবিৰ জৰিয়তে চীনৰ নতুন সামৰিক প্ৰস্তুতিৰ তথ্য পোহৰলৈ আহিছে।

ভেণ্টৰ কৰ্তৃপক্ষৰ দাবী অনুসৰি, উপগ্ৰহৰ ছবিকেইখন চীনৰ ছিয়ান-ইয়ানলিয়াং বিমানঘাটিৰ। ছবিকেইখনত মুঠ চাৰিখন কেজে-৩০০০ এৱাক্স বিমান দেখা গৈছে। ‘উৰণীয়া ৰাডাৰ’ নামেৰে পৰিচিত এই ব্যৱস্থাই যুদ্ধৰ পৰিস্থিতিত যুদ্ধবিমান আৰু ক্ষেপণাস্ত্ৰক নিখুঁতভাৱে লক্ষ্য নিৰ্ধাৰণ কৰাত সহায় কৰে।

ইয়াৰ উপৰি, এই আকাশী ব্যৱস্থাত এটা ‘ইণ্টিগ্ৰেটেড ৰাডাৰ ৱাৰ্নিং ৰিচিভাৰ’ আছে, যিয়ে শত্ৰুপক্ষৰ ৰাডাৰক ‘জেম’ কৰিবলৈ সক্ষম। তদুপৰি, শত্ৰুপক্ষই নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰৰ বিষয়ে আগতীয়াকৈ সতৰ্কবাণী দিয়াৰ ক্ষমতাও আছে ‘এৱাক্স’ৰ।

চীনৰ প্ৰযুক্তিৰে নিৰ্মিত চাৰিটা ইঞ্জিনযুক্ত ৱাই-২০-বি সামৰিক পৰিবহণ বিমানত সংস্থাপিত কেজে-৩০০০ ‘এৱাক্স’ ৩৬০ ডিগ্ৰী কোণত শত্ৰুপক্ষৰ ওপৰত নজৰদাৰী চলাবলৈ সক্ষম। এই বিমানত চীনৰ নিজা প্ৰযুক্তিৰে নিৰ্মিত ডব্লিউএছ-২০ টাৰ্ব’ফেন ইঞ্জিন ব্যৱহাৰ কৰা হয়।

আন্তঃৰাষ্ট্ৰীয় সামৰিক পৰ্যবেক্ষণকাৰী সংস্থাসমূহৰ কেইবাটাও প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি, চীনৰ নিয়ন্ত্ৰণাধীন তিব্বত আৰু ভাৰতৰ সীমান্তৰ পৰা প্ৰায় ১,৩০০ কিলোমিটাৰ দূৰত অৱস্থিত ছিয়ান-ইয়ানলিয়াং বিমানঘাটি চীনা পিপলছ লিবাৰেচন আৰ্মি (পিএলএ)-ৰ অন্যতম গুৰুত্বপূৰ্ণ ঘাটি।

সেই প্ৰতিবেদন অনুসৰি, বিগত এবছৰত দ্ৰুতগতিত ‘উৰণীয়া ৰাডাৰ’ নিৰ্মাণৰ কাৰ্যসূচী আগবঢ়াই নিছে বেইজিঙে। কেজে-৩০০০ আৰু ইয়াৰ পূৰ্বসূৰী কেজে-২০০০ তথা কেজে-৫০০ মিলাই চীনা সেনাবাহিনীৰ হাতত প্ৰায় ৭০খন এৱাক্স বিমান আছে বুলি প্ৰকাশিত কেইবাটাও বাতৰিত দাবী কৰা হৈছে। আনহাতে, ভাৰতীয় বায়ুসেনাৰ হাতত আছে মাত্ৰ ছখন এৱাক্স বিমান।

আমেৰিকাৰ মিচেল ইনষ্টিটিউট ফৰ এৰ’স্পেচ ষ্টাডিজৰ জ্যেষ্ঠ গৱেষক জে মাইকেল ডাহমৰ মতে, চীনে ইতিমধ্যে কেজে-৩০০০ বিমানৰ ধাৰাবাহিক উৎপাদন আৰম্ভ কৰিছে।
##bigupdate #newsupdate #AWACS #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।