Thursday, 05 November 2026
লগইন
ব্ৰেকিং

কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ দাবীত জ্বলিছে বাংলাদেশ, হিংসাত্মক ঘটনা

পুনৰ জ্বলিছে বাংলাদেশ !

নিউজ ডেস্ক : বাংলাদেশৰ কাপোৰ উদ্যোগত কৰ্মৰত শ্ৰমিকসকলে তেওঁলোকৰ নূন্যতম মাহিলী দৰমহা বৃদ্ধিৰ দাবীত উত্তপ্ত হৈ পৰিছে । কৰ্মচাৰীসকলে ১২,৫০০ টকাৰ পৰা ৩০,০০০ টকালৈ বৃদ্ধি কৰাৰ দাবীত তীব্ৰ হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰিছে । ঢাকা আৰু গাজীপুৰত সংঘৰ্ষ, বাচ-গাড়ী ভঙা পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ কৰ্তৃপক্ষই আৰক্ষী আৰু বৰ্ডাৰ গাৰ্ড বাংলাদেশ (BGB) বাহিনী মোতায়েন কৰিবলগীয়া হৈছে ।

শনিবাৰৰ পৰা আৰম্ভ হোৱা এই অশান্তিয়ে দেওবাৰে ঢাকাৰ মীৰপুৰ আৰু গাজীপুৰৰ কোনাবাৰীৰ দৰে ঔদ্যোগিক এলেকাবোৰত অধিক ভয়াবহ ৰূপ ধাৰণ কৰে । প্ৰতিবাদকাৰীসকলে কাৰখানাসমূহ ভঙা-চিঙা কৰাৰ লগতে আৰক্ষী চকীত শিলগুটিৰে আক্ৰমণ কৰে আৰু আৰক্ষীৰ গাড়ীত জুই লগাই দিয়ে বুলি অভিযোগ উঠিছে। কেইবাটাও গুৰুত্বপূৰ্ণ পথত বেৰিকেড দি যাতায়াত ব্যাহত কৰা হয়।

প্ৰতিবাদ তীব্ৰতৰ হৈ পৰাত আৰক্ষীয়ে কন্দুৱা গেছ আৰু চাউণ্ড গ্ৰেনেড ব্যৱহাৰ কৰে। আক্ৰান্ত এলেকাবোৰত নিৰাপত্তা সুৰক্ষিত কৰিবলৈ আৰক্ষীৰ সমান্তৰালকৈ বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ দলকো মোতায়েন কৰা হয়। শ্ৰমিকসকলে মাহিলী নূন্যতম ৩০,০০০ টকা দৰমহাৰ দাবী জনাইছে, যিটো বৰ্তমানৰ দৰমহা ১২,৫০০ টকাতকৈ দুগুণতকৈও অধিক। 

অলপতে চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এক নতুন দৰমহা গাঁথনি ঘোষণা কৰিছে, যাৰ ফলত তেওঁলোকৰ দৰমহা আৰু অন্যান্য ভাট্টা প্ৰায় দুগুণ হ’ব বুলি আশা কৰা হৈছে। চৰকাৰী কৰ্মচাৰীৰ এই দৰমহা বৃদ্ধিৰ পিছতেই শ্ৰমিকসকলেও অনুৰূপ ধৰণৰ দৰমহা বৃদ্ধিৰ দাবী তুলিছে।

শ্ৰমিকসকলে তেওঁলোকৰ উপাৰ্জনৰ উল্লেখনীয় উন্নতিৰ বাবে যুক্তি দৰ্শাই থকাৰ বিপৰীতে কাৰখানাৰ মালিকসকলে কয় যে তেওঁলোকে বৰ্তমান হ্ৰাস পোৱা অৰ্ডাৰ, সামগ্ৰীৰ অপৰিবৰ্তিত মূল্য আৰু আমদানি কৰা কেঁচা সামগ্ৰীৰ বৰ্ধিত খৰচৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে।

পোছাক শ্ৰমিকসকলৰ সংশোধিত নূন্যতম দৰমহা নিৰ্ধাৰণ কৰিবলৈ বাংলাদেশ চৰকাৰে এটা ৱেজ ব’ৰ্ড (wage board) গঠন কৰিছে। কিন্তু চৰকাৰৰ এই পদক্ষেপেও প্ৰতিবাদ শান্ত কৰিব পৰা নাই আৰু শ্ৰমিকসকলে অধিক দৰমহাৰ দাবীত আন্দোলন অব্যাহত ৰাখিছে।
##bangladeshprotest #monthlywage #Garmentworkers #Bangladesh

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।