Thursday, 05 November 2026
লগইন

শৈশৱৰ স্মৃতি ৰোমন্থন কৰিব পৰা এটা আটকধুনীয়া পূজা মণ্ডপ

এই পূজা মণ্ডপলৈ গ'লে ৰোমন্থন কৰিব পাৰিব শৈশৱৰ স্মৃতি!

শৈশৱৰ সোণালী দিনলৈ উভতি যোৱাৰ প্ৰয়াস! স্কুলীয়া সামগ্ৰী, খেল-ধেমালি আৰু ছ’চিয়েল মিডিয়াৰ সমাহাৰেৰে দুৰ্গা পূজাৰ মণ্ডপত প্ৰতিফলিত হৈছে এক ব্যতিক্ৰমী চিন্তাধাৰা।

শৈশৱ… জীৱনৰ এনে এক মধুৰ সময়, যি সময়ৰ স্মৃতিয়ে আজিও প্ৰতিজন মানুহৰ মনত সজীৱ কৰি তোলে সোণালী দিনবোৰৰ অলেখ কাহিনী। হাতত কিতাপ-বহী, কান্ধত স্কুলীয়া বেগ, পেঞ্চিল-ৰবৰ, শ্ৰেণীকোঠাৰ পঢ়া-শুনা আৰু বন্ধুবৰ্গৰ সৈতে কৰা ধেমালি—সকলো যেন আজিও মনৰ একোণত সকলোৱে সাঁচি ৰাখিছে।

শৈশৱৰ সেই মধুৰ স্মৃতিক পুনৰ এবাৰ জীপাল কৰি তোলাৰ প্ৰয়াসেৰে এইবাৰ শ্ৰীপুৰীয়াৰ পুৰ্বাঞ্চল দুৰ্গা পূজাৰ মণ্ডপত দেখা গৈছে এক ব্যতিক্ৰমী আয়োজন।

মণ্ডপৰ প্ৰতিটো কোণতে যেন প্ৰতিফলিত হৈছে শৈশৱৰ চিনাকি পৃথিৱী। স্কুলীয়া জীৱনৰ বিভিন্ন সামগ্ৰীৰ পৰা আৰম্ভ কৰি ল’ৰালি কালত ব্যৱহাৰ কৰা খেল-ধেমালিৰ সামগ্ৰীলৈকে—সকলোৰে মাজেৰে দাঙি ধৰা হৈছে অতীতৰ সেই সোণালী দিনবোৰৰ ছবি।

এফালে কিতাপ-বহী, কলম-পেঞ্চিল আৰু স্কুলীয়া বেগে মনত পেলাই দিছে বিদ্যালয় জীৱনৰ স্মৃতি। আনফালে বিভিন্ন খেল-ধেমালিৰ সামগ্ৰীয়ে সোঁৱৰাই দিছে বন্ধুৰ সৈতে কটোৱা আনন্দময় সময়, খেলপথাৰৰ উল্লাস আৰু চিন্তামুক্ত শৈশৱৰ দিনবোৰ।

কিন্তু কেৱল অতীতৰ স্মৃতিয়েই নহয়, সময়ৰ পৰিৱৰ্তনৰ সৈতে খাপ খুৱাই এই মণ্ডপত স্থান লাভ কৰিছে বৰ্তমান প্ৰজন্মৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ-ছ’চিয়েল মিডিয়াই।

মোবাইল ফোন, ডিজিটেল মাধ্যম আৰু ছ’চিয়েল মিডিয়াৰ প্ৰভাৱকো এই আয়োজনৰ মাজেৰে প্ৰতিফলিত কৰাৰ চেষ্টা কৰা হৈছে। অৰ্থাৎ, এফালে শৈশৱৰ পুৰণি স্মৃতি, আনফালে বৰ্তমান সময়ৰ ডিজিটেল পৃথিৱী—দুয়োটাকে একেখন মণ্ডপতে একত্ৰিত কৰি দাঙি ধৰা হৈছে সময়ৰ পৰিৱৰ্তনৰ এক সুন্দৰ ছবি।

উল্লেখ্য যে, আজিৰ ব্যস্ততাপূৰ্ণ ডিজিটেল যুগত য’ত শিশুৰ জীৱনতো ক্ৰমান্বয়ে মোবাইল আৰু ছ’চিয়েল মিডিয়াই প্ৰভাৱ বিস্তাৰ সময়তে এই মণ্ডপে যেন সকলোকে এবাৰ নিজৰ শৈশৱলৈ উভতি চোৱাৰ সুযোগ দিছে।

দুৰ্গা পূজা কেৱল ধৰ্মীয় উৎসৱেই নহয়, ই হৈছে শিল্প, সংস্কৃতি, সৃষ্টিশীলতা আৰু সামাজিক বাৰ্তাৰো এক অনন্য মঞ্চ। সেই মঞ্চতে শৈশৱৰ স্মৃতি আৰু আধুনিক প্ৰযুক্তিৰ সমাহাৰেৰে সজাই তোলা এই ব্যতিক্ৰমী আয়োজনে দৰ্শনাৰ্থীৰ মনত বিশেষ অনুভূতিৰ সৃষ্টি কৰাৰ প্ৰয়াস কৰিছে।

শৈশৱৰ সেই সোণালী দিনবোৰ হয়তো আৰু ঘূৰি নাহে, কিন্তু স্মৃতিৰ মাজেৰে সেই দিনবোৰক পুনৰ এবাৰ জীয়াই তোলাৰ এই প্ৰয়াস সঁচাকৈয়ে লেখতল'বলগীয়া।
##bigupdate #newsupdate #durgapuja #assam #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।