এই উৎসৱৰ তাৎপৰ্য
আজিৰ দিনটোত ভগ্নীসকলে ককায়েক বা ভায়েকৰ কপালত চন্দন বা সেন্দূৰৰ তিলক লগাই তেওঁলোকৰ দীৰ্ঘায়ু, সুস্বাস্থ্য আৰু মংগল কামনা কৰে। ইয়াৰ প্ৰতিদানস্বৰূপে ভাতৃসকলে ভগ্নীসকলক উপহাৰ দিয়ে আৰু আজীৱন ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। পৌৰাণিক বিশ্বাস অনুসৰি, আজিৰ দিনটোতে মৃত্যুৰ দেৱতা যমৰাজে তেওঁৰ ভগ্নী যমুনাৰ ঘৰলৈ গৈছিল আৰু যমুনাই আদৰ-সাদৰ কৰি কপালত তিলক লগাই দিছিল। সেয়েহে এই দিনটোক যম দ্বিতীয়া বুলিও জনা যায়।
ভাই দুজ কোনে আৰু ক’ত পালন কৰে?
সমগ্ৰ ভাৰত আৰু নেপালৰ হিন্দু পৰিয়ালসমূহে দিপাৱলীৰ পঞ্চম তথা অন্তিম দিনা এই উৎসৱ পালন কৰে। বঙালী সমাজত ইয়াক ভাই ফোঁটা বুলি কোৱা হয়, আৰু অসমতো বহু লোকে ভাতৃ দ্বিতীয়া বা ভাই ফোঁটা হিচাপে এই দিনটো পালন কৰে। লগতে উত্তৰ প্ৰদেশ, বিহাৰ, দিল্লী, ৰাজস্থান আৰু মধ্যপ্ৰদেশৰ লোকসকলে ইয়াক ভাই দুজ হিচাপে পালন কৰে। মহাৰাষ্ট্ৰ আৰু গুজৰাটত মাৰাঠী আৰু গুজৰাটী সম্প্ৰদায়ৰ লোকসকলে ইয়াক ভাউ বীজ নামেৰে পালন কৰে। নেপালত তিহাৰ উৎসৱৰ পঞ্চম দিনা ইয়াক ভাই টিকা হিচাপে বৰ উলহ-মালহেৰে পালন কৰা হয়।
এই উৎসৱৰ ৰীতি-নীতি আৰু পৰম্পৰা
উল্লেখ্য যে, আজি ৰাতি পৰিয়ালৰ সকলোৱে একেলগে বহি ভোজ খায়। ভগ্নীয়ে নিজ হাতেৰে ভাতৃৰ পছন্দৰ সুস্বাদু ব্যঞ্জন আৰু পিঠা-পনা ৰান্ধি খুৱায়। • ৰাতিৰ আহাৰৰ পাছত বা আড্ডাৰ মাজতে ভাতৃয়ে ভগ্নীক মৰমৰ চিনস্বৰূপে নতুন কাপোৰ, গহনা বা অন্যান্য উপহাৰ দিয়ে।কিছুমান অঞ্চলত ৰাতি ঘৰৰ বাহিৰত বা পদূলিত যমৰাজৰ নামত চাৰিটা শলিতা থকা এটা মাটিৰ চাকি (চৌমুখী চাকি) জ্বলোৱাৰ নিয়ম আছে। ইয়াৰ দ্বাৰা পৰিয়াললৈ অকাল মৃত্যুৰ ভয় নাথাকে বুলি বিশ্বাস কৰা হয়। আকৌ কিছুমান ঠাইত ভগ্নীসকলে ৰাতি আকাশত দ্বিতীয়াৰ জোন চাই ভাতৃৰ মংগল কামনা কৰে।
তথ্য অনুসৰি, ভাই ফোঁটাৰ থালত চন্দন, দৈ, ঘিউৰ চাকি, ধান-দূবৰি আৰু মিঠাই আদি পবিত্ৰ সামগ্ৰী ৰখা হয়। এই প্ৰতিটো সামগ্ৰীয়ে ভাতৃৰ দীৰ্ঘায়ু, সুস্বাস্থ্য আৰু মংগলৰ প্ৰতীক বহন কৰে। কপালত শীতলতা আৰু পবিত্ৰতাৰ ফোঁট দিবলৈ বগা বা ৰঙা চন্দন অথবা সেন্দূৰ-কুমকুম লোৱা হয়। শুভ কামৰ প্ৰতীক হিচাপে চন্দনৰ লগত সামান্য দৈ মিহলাই ফোঁট দিয়া হয়। ভাতৃৰ দীৰ্ঘায়ু আৰু সমৃদ্ধি কামনা কৰি আশীৰ্বাদ দিবলৈ থালত কেইটামান ধান আৰু সতেজ দূবৰি বন ৰখা হয়।
তাৰোপৰি আৰতি কৰিবলৈ আৰু অন্ধকাৰ নাশ কৰি জীৱন পোহৰাই তুলিবলৈ মাটি বা পিতলৰ চাকি জ্বলাই থালত ৰখা হয়। ভাতৃক সকলো বেয়া চকু বা কু-দৃষ্টিৰ পৰা ৰক্ষা কৰিবলৈ চকুত বা কপালত অকণমান কাজল লগোৱাৰ নিয়ম আছে। লগতে অখণ্ড সৌভাগ্য আৰু সমৃদ্ধিৰ প্ৰতীক হিচাপে ভঙা নথকা চাউল থালত ৰখা হয়। পবিত্ৰতাৰ বাবে থালত সতেজ ফুল ৰখা হয়। ফোঁট দিয়াৰ পাছত ভাতৃৰ মুখ মিঠা কৰিবলৈ লাডু, সন্দেশ বা যিকোনো প্ৰিয় মিঠাই ৰখা হয় আৰু আচমনৰ বাবে এটা সৰু পাত্ৰত বিশুদ্ধ পানী আৰু শুভ কামৰ বাবে পান-তামোল ৰখা হয়।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।