সোমবাৰে উত্তৰ প্ৰান্তৰ চহৰ লেন্সত ১৫ বছৰীয়া কিশোৰজন গুৰুতৰভাৱে আহত হয়। অপ্ৰমাণিত আৰক্ষীৰ প্ৰতিবেদন অনুসৰি, কিশোৰজনে এটা ষ্টাণ্ড গ্ৰেনেড বুটলি লৈছিল।
ফ্ৰান্সৰ নাগৰিকসকলৰ তৰফৰ পৰা কয় যে, অপৰ্যাপ্ত শিক্ষক-কৰ্মচাৰী আৰু জৰাজীৰ্ণ বিদ্যালয়সমূহক লৈ কৰা প্ৰতিবাদে তৃতীয় সপ্তাহত ভৰি দিয়াৰ লগে লগে দেশখনে ৫০০ খন পৰ্যন্ত বিদ্যালয় বন্ধ কৰি দিব। নাবালকসকলৰ বিৰুদ্ধে আৰক্ষীয়ে অসমানুপাতিক বল প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ মাজতে সমালোচকসকলে কৰ্তৃপক্ষক এই প্ৰতিবাদৰ প্ৰতি থকা তেওঁলোকৰ কঠোৰ প্ৰতিক্ৰিয়া হ্ৰাস কৰিবলৈ আহ্বান জনাইছে।
অগোষ্ট-বেহাল ভকেচনেল উচ্চ মাধ্যমিক বিদ্যালয়ৰ ওচৰত আঘাতপ্ৰাপ্ত ১৫ বছৰীয়া কিশোৰজনক লিলৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছে। পাছ-ডি-কেলাইৰ প্ৰেফেক্ট ফ্ৰাঙ্কোৱা-জেভিয়াৰ লচৰ মতে, কিশোৰজনৰ জীৱন বিপন্ন হোৱা নাই।
তথ্য অনুসৰি, আৰক্ষী ইউনিয়নৰ এক সূত্ৰই জনায় যে, ছাত্ৰজনে হাতত বিস্ফোৰণ হোৱাৰ পূৰ্বেই ওভতাই দলিয়াবৰ বাবে দাঙ্গা নিয়ন্ত্ৰণকাৰী আৰক্ষীয়ে নিক্ষেপ কৰা এটা ৰবৰৰ ষ্টিং-বল বা "ডি-এনচাৰ্কলমেণ্ট"গ্ৰেনেড বুটলি লৈছিল।
চৰকাৰী অধিবক্তাসকলে কয় যে, কিশোৰজনে নিজেই গ্ৰেনেডটো বুটলি লৈছিল নে সেয়া তেওঁৰ ওপৰত পৰিছিল, তাক তদন্তকাৰীসকলে এতিয়াও নিশ্চিত কৰিব পৰা নাই।
এই গোচৰটো আৰক্ষীৰ আভ্যন্তৰীণ পৰিক্ৰমা শাখালৈ প্ৰেৰণ কৰা হৈছে, যিয়ে বৰ্তমান ছাত্ৰ আন্দোলনৰ সময়ত সংঘটিত হোৱা গুৰুতৰ আঘাতৰ ছয়টা ঘটনাৰ তদন্ত চলাই আছে।
শিক্ষা মন্ত্ৰী এডোৱাৰ্ড জেফ্ৰে কিশোৰজনৰ আঘাতক "মৰ্মান্তিক" বুলি বৰ্ণনা কৰিছে, কিন্তু পৰিস্থিতি নিৰূপণ নোহোৱালৈকে তেওঁ এই সন্দৰ্ভত অধিক মন্তব্য নকৰে বুলি উল্লেখ কৰে। তেওঁ লগতে কয় যে, প্ৰতিবাদ আৰম্ভ হোৱাৰ পৰা এতিয়ালৈকে ১৯০ গৰাকী ছাত্ৰ-ছাত্ৰী আহত হৈছে।
গভীৰ পৰ্যালোচনা
লেঞ্চৰ ঘটনাই প্ৰদৰ্শনকাৰীসকলৰ ওপৰত আৰক্ষীৰ কৌশলক লৈ চলি থকা পৰীক্ষা-নিৰীক্ষা আৰু অধিক বৃদ্ধি কৰিছে। এম্নেষ্টি ইণ্টাৰনেশ্যনেল ফ্ৰান্সে নাবালকসকলৰ বিৰুদ্ধে আৰক্ষীয়ে অসমানুপাতিকভাৱে বল প্ৰয়োগ কৰা কাৰ্যৰ সমালোচনা কৰিছে। তেওঁলোকে কয় যে শিক্ষাৰ্থীসকলক লাঠীৰে কোবোৱা, কন্দুৱা গেছ আৰু 'এলবিডি' নামেৰে জনাজাত ৰবৰৰ গুলী ব্যৱহাৰ কৰাৰ প্ৰতিবেদনক লৈ তেওঁলোক শংকিত হৈ পৰিছে।
অধিকাৰ সংস্থাটোৱে জানিবলৈ দিয়ে যে, অংশগ্ৰহণ কৰা লোকসকলৰ ভিতৰত বহুতেই ১৮ বছৰৰ তলৰ নাবালক আছিল আৰু কৰ্তৃপক্ষক আৰক্ষীৰ পদ্ধতিসমূহ যাতে মানৱাধিকাৰৰ প্ৰতি থকা ফ্ৰান্সৰ দায়বদ্ধতাৰ সৈতে সুসংগত আৰু সমানুপাতিক হয়, তাক নিশ্চিত কৰিবলৈ আহ্বান জনায়।
চৰকাৰী মুখপাত্ৰ মদ ব্ৰেজন-এ সোমবাৰে এটা সংবাদ প্ৰতিষ্ঠানক জনাই যে, তেওঁলোকৰ প্ৰথম অগ্ৰাধিকাৰ হৈছে "শৃংখলা ঘূৰাই অনা"।
ফ্ৰান্সৰ ৩,৭০০খন হাইস্কুলৰ ভিতৰত ৪০০ৰ পৰা ৫০০খন সম্পূৰ্ণ বা আংশিকভাৱে বন্ধ থাকিব পাৰে বুলি পূৰ্বৰ অনুমানত প্ৰকাশ পাইছিল। অৱশ্যে, 'লে মণ্ড' -এ প্ৰকাশ কৰা তথ্য অনুসৰি, শিক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰে যে, সোমবাৰে ৫৮৯খন স্কুলত পঢ়া-শুনা ব্যাহত হৈছিল, যিটো শুক্ৰবাৰৰ ৭৩৫খন স্কুলৰ তুলনাত কম।
সম অধিকাৰ
উল্লেখ্য যে, শিক্ষকৰ নাটনিৰ বাবে বিগত যোৱা মাহৰ শেষৰ ফালে পেৰিছৰ এখন উপকণ্ঠ অঞ্চলৰ হাইস্কুলত সৃষ্টি হোৱা প্ৰতিবাদে বৰ্তমান সমগ্ৰ ফ্ৰান্সতে এক ব্যাপক ৰূপ ধাৰণ কৰিছে।
তথ্য অনুসৰি, দেওবাৰে প্ৰতিবাদৰ সময়ত ২৪খন বিদ্যালয় জ্বলাই দিয়া হৈছিল বা লুণ্ঠন কৰা হৈছিল,যিটো ঘটনাত ৭৮ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আহত হৈছিল।
পেৰিছৰ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তথ্য সংগ্ৰহৰ অন্তত জানিবলৈ পোৱা গৈছে যে, ছাত্ৰ-ছাত্ৰীসকলে জাবৰ পেলোৱা ডাব আৰু জেওৰা ব্যৱহাৰ কৰি ভৱনটোৰ প্ৰৱেশদ্বাৰৰ সন্মুখত বেৰিকেড বা প্ৰতিবন্ধক গঢ়ি তুলিছে।
এটা আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাই বিদ্যালয়খনৰ পৰা বাতৰি সংগ্ৰহ কৰাৰ পিছত প্ৰকাশ কৰে যে, "আমি ইয়ালৈ ওলাই অহা বহুতো শিক্ষাৰ্থীৰ সৈতে কথা পাতিছো, আৰু তেওঁলোকে কয় যে তেওঁলোকৰ দাবী চৰকাৰে শুনক, তাৰ বাবেই তেওঁলোক ইয়ালৈ আহিছে। তেওঁলোকে কয় যে, তেওঁলোক শিক্ষকৰ নাটনিৰ বাবে অতিষ্ঠ হৈ পৰিছে আৰু প্ৰায়ে গণিত আৰু ইংৰাজীৰ দৰে বিষয়ৰ বাবে শিক্ষক নাপায়”।
“লগতে তেওঁলোকে আমাক এইটোও কয় যে., ফ্ৰান্সৰ তুলনামূলকভাৱে দৰিদ্ৰ অঞ্চলসমূহৰ কম পৰ্যাপ্ত সা-সুবিধা থকা অন্যান্য উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে অথবা ফ্ৰান্সৰ বহিঃৰাজ্যৰ ভূখণ্ডসমূহৰ শিক্ষাৰ্থীসকলৰ সৈতে একাত্মতা প্ৰদৰ্শন কৰিবলৈ তেওঁলোকে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকে কয় যে সকলো যুৱক-যুৱতীৰে শিক্ষাৰ সমান অধিকাৰ থকা উচিত”।
সোমবাৰে কেইবাখনো চহৰত অশান্তি আৰু সংঘৰ্ষৰ সৃষ্টি হোৱাৰ খবৰ লাভ কৰা হৈছে। এটা সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা দৃশ্য অনুসৰি, লিলে চহৰত আৰক্ষী আৰু ছাত্ৰ-ছাত্ৰীৰ মাজতীব্ৰ সংঘৰ্ষ হৈছে, দক্ষিণ-পশ্চিমৰ তুলুজ চহৰত কন্দুৱা গেছ ব্যৱহাৰ কৰা হৈছে, আৰু মধ্য পেৰিছত একাংশ লোকে এখন বিদ্যালয়ত জোৰকৈ সোমাবলৈ চেষ্টা কৰাৰ সময়তে তাত অগ্নিসংযোগৰ দৰে ঘটনা সংঘটিত হৈছে।
পেৰিছৰ ত্ৰয়োদশ জিলাত অৱস্থিত আক্ৰমণৰ বলি হোৱা লাইচি ভকেলিন বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী কেৰল জেৰবিবে প্ৰকাশ কৰে যে, মুখা আৰু হুড পৰিহিত এটা "অত্যন্ত দৃঢ়সংকল্পবদ্ধ" দলে তেওঁলোকৰ বিদ্যালয়খনত আক্ৰমণ চলাইছিল।
"যদিও আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে ক্ষিপ্ৰতাৰে জুই নিৰ্বাপন কৰে আৰু বিদ্যালয়খন খালী কৰি শ্ৰেণীসমূহ স্থগিত ৰখা হয়, এই আক্ৰমণটো অতি হিংসাত্মক আছিল আৰু অতি সোনকালে ঘটিছিল আৰু আক্ৰমণটো ১৫-২০ মিনিট চলিছিল।"
২৮ ছেপ্টেম্বৰৰ পৰা সমগ্ৰ দেশজুৰি প্ৰায় ৫,০০০ লোকক গ্ৰেপ্তাৰ কৰা হৈছে, যাৰ ভিতৰত বেছিভাগেই কিশোৰ-কিশোৰী আৰু কেইবা ডজন লোক আহত হৈছে।
শিক্ষক আৰু সাধাৰণ জনতাৰ ওপৰতো আক্ৰমণ কৰা হৈছে, আনহাতে সম্পত্তিৰ ক্ষতিৰ খৰচ কোটি কোটি ইউৰো হ’ব বুলি অনুমান কৰা হৈছে।
ছাত্ৰ সংগঠনসমূহে মঙলবাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিবাদ সাব্যস্ত কৰাৰ আহ্বান জনাইছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।