ফ্ৰান্সৰ পিছত এইবাৰ ব্ৰাজিলত Gen-Z য়ে সাব্যস্ত কৰিলে প্ৰতিবাদ। ফ্ৰান্সত চলি থকা ব্যাপক ছাত্ৰ আন্দোলনৰ পিছতেই এতিয়া ব্ৰাজিলতো দেখিবলৈ পোৱা গৈছে Gen-Z ৰ তীব্ৰ প্ৰতিবাদ। দেশখনৰ ৰাজধানী ৰিঅ’ডি জেনেইৰ’ৰ ৰাজপথলৈ হাজাৰ হাজাৰ যুৱক-যুৱতী ওলাই আহি সোঁপন্থী প্ৰভাৱ আৰু ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ফ্লেভিঅ’ বলছ’নাৰোৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
উল্লেখ্য যে, ব্ৰাজিলত শেহতীয়াভাৱে বৃদ্ধি পোৱা সোঁপন্থী মতাদৰ্শ আৰু ৰাজনৈতিক পৰিৱেশক লৈ অসন্তুষ্টিত ভুগিছে দেশখনৰ যুৱপ্ৰজন্ম। কিছুদিন পূৰ্বে অনুষ্ঠিত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰথম ৰাউণ্ডৰ ভোটগ্ৰহণত সোঁপন্থী চিনেটৰ ফ্লেভিঅ’ বলছ’নাৰোৱে ৪৭ শতাংশ ভোট লাভেৰে শীৰ্ষস্থান দখল কৰে। আনহাতে বৰ্তমান বাওঁপন্থী ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ’ লুলা দা চিলভাই ৪৫ শতাংশ ভোট লাভ কৰে।
আনহাতে ফ্লেভিঅ’ বলছ’নাৰো হৈছে ব্ৰাজিলৰ প্ৰাক্তন বিতৰ্কিত ৰাষ্ট্ৰপতি জেইৰ বলছ’নাৰোৰ পুত্ৰ। প্ৰাক্তন ৰাষ্ট্ৰপতি জেইৰ বলছ’নাৰো বৰ্তমান দুৰ্নীতি আৰু গণতন্ত্ৰ বিৰোধী ষড়যন্ত্ৰৰ গোচৰত কাৰাবন্দী হৈ আছে। ব্ৰাজিলৰ নিৰ্বাচনী নিয়ম অনুসৰি, প্ৰথম ৰাউণ্ডত কোনো এজন প্ৰাৰ্থীয়েই জয়ী হ’বলৈ প্ৰয়োজনীয় ৫০% তকৈ অধিক ভোট লাভ নকৰাৰ বাবে নিৰ্বাচন দ্বিতীয় ৰাউণ্ড আৰু অন্তিম পৰ্যায়লৈ গতি কৰিছে।
তথ্য অনুসৰি, আগন্তুক ২৫ অক্টোবৰত ফ্লেভিঅ’ বলছ’নাৰো আৰু লুলা দা চিলভাৰ মাজত চূড়ান্ত মুখামুখি ৰণ অনুষ্ঠিত হ’ব। প্ৰথম ৰাউণ্ডৰ ফলাফল বলছ’নাৰোৰ জয়ৰ সম্ভাৱনা বৃদ্ধি কৰাৰ পিছতেই Gen-Z প্ৰতিবাদকাৰীসকলে ৰাজপথলৈ ওলাই আহি ইয়াৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।