Thursday, 05 November 2026
লগইন
ব্ৰেকিং

"গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'লেও মই যাত্ৰীসকলক মৃত্যুমুখলৈ এৰি দিব নোৱাৰিলোঁ"

"গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'লেও মই যাত্ৰীসকলক মৃত্যুমুখলৈ এৰি দিব নোৱাৰিলোঁ"

শুক্ৰবাৰে উৰণকালত সহ-পাইলটৰ আক্ৰমণত বলি হোৱা ভাৰতীয় পাইলট কেপ্তেইন স্মিত মাচ্চাৰৰ সৈতে ভিডিঅ' কলৰ জৰিয়তে বাৰ্তালাপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আকাশমাৰ্গত হ'বলগীয়া এক ডাঙৰ বিস্ফোৰণ ৰোধ কৰাৰ বাবে কেপ্তেইনগৰাকীৰ সাহসক ভূয়ঁসী প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। 

বুধবাৰে পুৱা ডুবাইৰ পৰা তেল আভিভ অভিমুখে যোৱা এখন বিমানত এজন ওমানী সহ-চালকে ছুৰীৰে আক্ৰমণ কৰাৰ ফলত কেপ্তেইন স্মিত মাচ্চাৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ককপিটৰ ভিতৰত চিঞৰ-বাখৰ শুনি যাত্ৰী আৰু ক্ৰীউ মেম্বাৰসকল ততাতৈয়াকৈ সোমাই আহে আৰু সহ-চালকজনক কৰায়ত্ত কৰে। এই আক্ৰমণৰ ঘটনাটো ঘটি থকাৰ সময়তে Boeing 737 Max বিমানখন ৩০ ছেকেণ্ডতকৈও কম সময়ৰ ভিতৰত প্ৰায় ১৪,০০০ ফুট তললৈ খহি পৰে। অৱশ্যে, বিমানখনত যাত্ৰী হিচাপে যাত্ৰা কৰা flydubai আন এহাল চালকে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে আৰু ১৭০ জনতকৈও অধিক যাত্ৰী তথা কৰ্মচাৰী থকা বিমানখন চৌদি আৰৱৰ তাবুকত সুৰক্ষিতভাৱে অৱতৰণ কৰায়।

ভিডিঅ' কলযোগে কেপ্তেইন মাচ্চাৰৰ সৈতে কথা পাতি প্ৰধানমন্ত্ৰীয়ে কয় যে, তেওঁৰ "সাহস, ধৈৰ্য আৰু উপস্থিত বুদ্ধি"য়ে বহুতৰ প্ৰাণ ৰক্ষা কৰিলে। 

উল্লেখ্য যে, চিকিৎসালয়ৰ বিচনাৰ পৰা কথা পতা কেপ্তেইন মাচ্ছাৰক প্ৰধানমন্ত্ৰী মোদীয়ে কয়- "আপুনি ইমান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আৰু জীৱনৰ বাবে যুঁজি আছিল, তথাপিও, সেই সময়তো আপুনি আপোনাৰ জীৱনৰ চিন্তা কৰা নাছিল, আপুনি সকলো যাত্ৰীৰ জীৱনৰ কথাহে চিন্তা কৰিছিল।"তাৰোপৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "আপোনাৰ এই সাহসিকতাৰ বাবে ১৪০ কোটি ভাৰতীয়ই গৌৰৱ অনুভৱ কৰিছে।"

প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত গুজৰাটৰ বাসিন্দা কেপ্তেইন মাচ্চাৰে সমগ্ৰ ঘটনাৰ বিৱৰণ দি কয় যে, তেওঁ ককপিটৰ ভিতৰত "জীৱন ৰক্ষাৰ বাবে যুঁজি আছিল"। তাৰোপৰি তেওঁ কয় যে, "মই ইমান আঘাতপ্ৰাপ্ত হৈছিলো যে মই ঢলি পৰিছিলো।" লগতে পাইলটগৰাকীয়ে কয় যে, এটা মুহূৰ্ত আহিছিল যেতিয়া তেওঁ অনুভৱ কৰিছিল যে যদি তেওঁ একো নকৰে, তেন্তে তেওঁলোক মৰি যাব।" 

"মই ১৭ বছৰ ধৰি বিমান চলাই আছোঁ আৰু বিগত ১১ বছৰ ধৰি কেপ্তেইন হিচাপে সেৱা আগবঢ়াই আহিছোঁ। মই চকু বন্ধ কৰিও বিমানখনত কি হৈ আছে ঠিক বুজি পাওঁ। মই যেতিয়া তলত আছিলোঁ, মই অনুভৱ কৰিব পাৰিছিলোঁ যে বিমানখন তললৈ খহি পৰিছিল। মই জানিছিলো এইবাৰেই শেষ চেষ্টা কৰিব লাগিব আৰু ককপিটৰ দুৱাৰখন ঠিক তাতেই আছিল।" ৯,৭৫০ ঘণ্টাতকৈও অধিক সময় বিমান চলোৱাৰ অভিজ্ঞতাসম্পন্ন কেপ্তেইন মাচ্চাৰে এইদৰে উল্লেখ কৰে।

ইয়াৰোপৰিও কেপ্তেইনগৰাকীয়ে উল্লেখ কৰে যে, তেওঁ কোনোমতে দুৱাৰখন খুলিবলৈ সক্ষম হৈছিল, যাৰ পিছত যাত্ৰী আৰু বিমানকৰ্মীসকল তেওঁক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহিছিল।বাকী সকলোৱে সমান ভূমিকা পালন কৰিছিল। 

উল্লেখ্য যে, তেওঁ সেই সকলোবোৰ মানুহক মৰিবলৈ দিব নোৱাৰিলেহেঁতেন বুলিও কেপ্তেইনগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ আগত প্ৰকাশ কৰে।

হনুমান চালিচা পাঠ কৰিছিল

কেপ্তেইন স্মিত মাচ্চাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা ভিডিঅ' কলত প্ৰকাশ কৰে যে, যেতিয়াই তেওঁ ভয় বা কষ্ট অনুভৱ কৰে, তেতিয়াই তেওঁ ভক্তিমূলক স্তোত্ৰ 'হনুমান চালিচা' পাঠ কৰে।

"যেতিয়াই মই কষ্ট অনুভৱ কৰোঁ, মই কেৱল হনুমান চালিচা জপ কৰোঁ। সেই সময়তো, মই কেৱল হনুমান চালিচাহে জপ কৰি আছিলোঁ, আৰু মই জানো যে ভগৱানেই মোক ৰক্ষা কৰিলে। "মই প্ৰতিটো পুৱা মোৰ দুবছৰীয়া ল’ৰাটোক হনুমান চালিচা পাঠ কৰি শুনাও। দেশৰ পৰা আঁতৰত থাকিলেও আমি আমাৰ সংস্কৃতিৰ পৰা আঁতৰি যাব নালাগে।" ১০ মিনিটজোৰা প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা ভিডিঅ' বাৰ্তালাপৰ সময়ত কেপ্তেইন স্মিতে এইদৰে প্ৰকাশ কৰে। 

সমগ্ৰ ঘটনাৰ বিৱৰণ শুনাৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, কেপ্তেইন স্মিতে "এটা স্মৰণীয় তথা বিশাল কাৰ্য" সম্পন্ন কৰিছে। 

"আজি প্ৰতিগৰাকী সহ-নাগৰিক আৰু সমগ্ৰ বিশ্বৰ মানুহ আপোনাক চাবলৈ আৰু আপোনাৰ সৈতে কথা পাতিবলৈ আগ্ৰহী" বুলি পাইলটগৰাকীৰ আগত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকাশ কৰে। 

লগতে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, যদি কেপ্তেইন মাচ্চাৰে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পৰা ৰক্ষা নকৰিলেহেঁতেন, তেন্তে ভাৰতীয়সকলে তীব্ৰ প্ৰতিক্ৰিয়াৰ সন্মুখীন হ’বলগীয়া হ’লহেঁতেন।

তাৰোপৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে "যদি এইটো ঘটনা নঘটিলেহেঁতেন, ভাৰত আৰু ইয়াৰ সকলো পাইলটে কিহৰ মাজৰে গতি কৰিবলগীয়া হ’লহেঁতেন সেই কথা কোনে গম পালে হয়। আপুনি সকলোকে ৰক্ষা কৰিলে। আপুনি এক অসাধাৰণ কাম কৰিলে"।
##bigupdate#newsupdate#latestupdate #pmmodi#Uk

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।