Thursday, 05 November 2026
লগইন
ব্ৰেকিং

অসমৰ ৰপ্তানি বাণিজ্যত এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ।

স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে এই জাহাজ মুকলি!

ডিব্ৰুগড়ৰ বগীবিল টাৰ্মিনেলৰ পৰা জলপথেৰে পৰিবহণ কৰিবলগীয়া প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় সামগ্ৰীৰ চালান সোমবাৰে ফ্লেগ অফ কৰাৰ লগে লগে অসমৰ বাবে এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চিহ্নিত হয়। ইয়াৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চল আৰু চুবুৰীয়া দেশসমূহৰ মাজত আভ্যন্তৰীণ জলপথ সংযোগৰ এক নতুন অধ্যায়ৰ সূচনা হ’ল।

ভাৰতৰ স্বাধীনতাৰ পাছত ১৯৪৭ চনৰ পৰা এইটোৱেই প্ৰথম কাৰ্গ’ বা মালবাহী জাহাজৰ বন্দৰ, যিখন উজনি অসমৰ ডিব্ৰুগড়ৰ পৰা এখন বিদেশী বন্দৰলৈ প্ৰেৰণ কৰা হৈছে। প্ৰায় ৭০ বছৰ ধৰি চহৰখনৰ নদী ঘাটটো বন্ধ হৈ থকাৰ পিছত এই ঐতিহাসিক পৰিঘটনাটো সম্ভৱ হৈ উঠিছে।

৫৪০ মেট্ৰিক টন মিথানল কঢ়িয়াই নিয়া এখন মালবাহী জাহাজে আজি ডিব্ৰুগড়ৰ বগীবিল টাৰ্মিনেলৰ পৰা বাংলাদেশৰ ঢাকা অভিমুখে যাত্ৰা কৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বগীবিলৰ পৰা 'কুশল কোঁৱৰ' নামৰ টাগবোটখনে ঠেলি নিয়া 'ডিএলবি পাটকাই'নামৰ জাহাজখনৰ যাত্ৰা ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে। এই অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেল মাধ্যমৰে অংশগ্ৰহণ কৰে।

উল্লেখ্য যে, ডিব্রুগড়ৰ পৰা বাংলাদেশৰ ঢাকালৈ মিথানল কঢ়িয়াই নিয়া প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় মালবাহী জলযাত্ৰা ব্ৰহ্মপুত্ৰৰ ৰাষ্ট্ৰীয় জলপথ-২ আৰু ভাৰত-বাংলাদেশ প্ৰট'কল ৰুটৰে অগ্ৰসৰ হ'ব।

অসম চৰকাৰৰ মালিকানাধীন নামৰূপৰ অসম পেট্ৰ'-কেমিকেলছ লিমিটেডে উৎপাদন কৰা মিথানলখিনি বাংলাদেশৰ ঢাকাৰ পানগাঁও বন্দৰলৈ প্ৰেৰণ কৰা হৈছে। জাহাজখনে ভাৰতৰ ব্ৰহ্মপুত্ৰ নদীৰ ২ নং ৰাষ্ট্ৰীয় জলপথেৰে ভাৰত-বাংলাদেশ সীমান্তলৈ প্ৰায় ৭৬৮ কিলোমিটাৰ যাত্ৰা কৰিব, আৰু তাৰ পিছত ভাৰত-বাংলাদেশ প্ৰট'কল ৰুট হৈ আগবাঢ়িব। ডিব্ৰুগড়ৰ বগীবিলৰ পৰা ঢাকাৰ নাৰায়ণগঞ্জলৈ জাহাজখনে সৰ্বমুঠ ১,৩০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব।

এই মালবাহী জাহাজ চলাচল অসমৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সংযোগৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে, য’ত ব্ৰহ্মপুত্ৰ নদীয়ে পুনৰ এবাৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ ৰপ্তানিৰ বাবে এক সম্ভাৱ্য প্ৰৱেশদ্বাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। অলপতে বগীবিল আৰু ধুবুৰীত শুল্ক আৰু প্ৰব্ৰজন কমপ্লেক্স স্থাপন কৰাৰ পিছতে এই জাহাজ চলাচল সম্ভৱ হৈ উঠিছে।

সাংবাদিকসকলক সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই অনুষ্ঠানটোক ঐতিহাসিক বুলি অভিহিত কৰাৰ লগতে কয় যে, অসম পেট্ৰ’কেমিকেলছ লিমিটেডে বাংলাদেশলৈ প্ৰায় ৫৪০ মেট্ৰিক টন কাৰ্গো ৰপ্তানি কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।

তাৰোপৰি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে উত্তৰ-পূবৰ যোগাযোগ আৰু আন্তঃগাঁথনি উন্নয়নত ধাৰাবাহিকভাৱে গুৰুত্ব আৰোপ কৰাৰ বাবেই এই উন্নয়ন সম্ভৱ হৈ উঠিছে। আমাৰ ককাদেউতা-আইতাহঁতে ডিব্ৰুগড় ঘাটত ষ্টিমাৰৰ হুইচেল শুনি ডাঙৰ-দীঘল হৈছিল। কিন্তু ৭০ বছৰ ধৰি সেই হুচেইল স্তব্ধ হৈ পৰিছিল আৰু জাহাজ অহাও বন্ধ হৈ গৈছিল। আজি পুনৰ ডিব্ৰুগড়ৰ পৰা বিশ্বৰ বুকুলৈ জাহাজ যাত্ৰা কৰিছে। নদীখনে আমাক কেতিয়াও প্ৰতাৰণা কৰা নাছিল। যোৱা কেইবাটাও দশক ধৰি যাৰ অভাৱ আছিল, সেয়া হ'ল ইয়াক পুনৰুজ্জীৱিত কৰাৰ দৃঢ় ইচ্ছা।"

ইয়াৰ লগতে তেওঁ কয় যে, দ্বিতীয় ৰাষ্ট্ৰীয় জলপথৰ উন্নয়নে বিশেষকৈ অসম আৰু অন্যান্য উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বাবে বাণিজ্য আৰু ব্যৱসায়ৰ নতুন সম্ভাৱনা মুকলি কৰিছে।

পথ পৰিবহনৰ তুলনাত আভ্যন্তৰীণ জলপথে লজিষ্টিক ব্যয় লক্ষণীয়ভাৱে হ্ৰাস কৰিব পাৰে, যাৰ ফলত খেতিয়ক, অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু অন্যান্য উদ্যোগসমূহৰ বাবে নতুন সুযোগৰ সৃষ্টি হ’ব।

তাৰোপৰি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, উন্নত জলপথ সংযোগে সাৰ, তেল, তেল শোধনাগাৰ আৰু পেট্ৰ’কেমিকেলৰ দৰে খণ্ডসমূহক লাভান্বিত কৰিব পাৰে, লগতে বাংলাদেশ, ভূটান, নেপাল আৰু ম্যানমাৰৰ সৈতে বাণিজ্য সম্পৰ্ক অধিক শক্তিশালী কৰিব পাৰে।

তথ্য অনুসৰি, ডিব্ৰুগড় এসময়ত পূব ভাৰতৰ অন্যতম ব্যস্ত নদী বন্দৰ আছিল। ১৮৫৬ চনৰ ভিতৰত পূৰ্বৰ কলিকতাৰ পৰা চৰকাৰী ষ্টীমাৰ আহি এই চহৰখন পাইছিলহি। ১৮৮২ চনত ডিব্ৰুগড় ষ্টীমাৰ ঘাটৰ পৰা ডিব্ৰু-শদিয়া ৰেলৱেৰ চলাচল আৰম্ভ হয়। ১৯১৩ চনৰ ভিতৰত, চাহ, কাঠ আৰু যাত্ৰী কঢ়িয়াই ব্ৰহ্মপুত্ৰ নদীৰে নিতৌ ডিব্ৰুগড়লৈ ষ্টীমাৰ চলিছিল।

১৯৪৭ চনৰ বিভাজনে সেই পথটো বন্ধ কৰি দিছিল, যাৰ ফলত অসমৰ সামগ্ৰীসমূহ কলিকতাত উপনীত হ’বলৈ পূব পাকিস্তানৰ মাজেৰে যাবলৈ বাধ্য হৈছিল। ১৯৫০ চনৰ এটা ভূমিকম্পই ডিব্ৰুগড়ৰ নদীৰ তলিখন ক্ষতিগ্ৰস্ত কৰিছিল। ১৯৫৪ চনত ডিব্ৰুগড় ঘাটৰ পৰা নিয়মীয়া বুকিং বন্ধ হৈ পৰে আৰু চাহৰ পৰিবহন ৰে’লপথলৈ স্থানান্তৰিত হোৱাৰ বাবে ১৯৫৬ চনৰ ১৫ অক্টোবৰত ঘাটটো সম্পূৰ্ণৰূপে বন্ধ হৈ যায়।

"দশক ধৰি, সেই গৌৰৱ ম্লান হ’বলৈ দিয়া হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জীৰ নেতৃত্বত আমি ডিব্ৰুগড়ক তাৰ প্ৰাপ্য স্থান ঘূৰাই দিবলৈ সংকল্পবদ্ধ হৈছিলো। বগীবিল টাৰ্মিনেল, কাষ্টমছ আৰু ইমিগ্ৰেশ্যন কমপ্লেক্স আৰু 'জলবাহক'ৰ অধীনত নিৰ্ধাৰিত সময়সূচীৰ কাৰ্গো সেৱাই এই ঐতিহাসিক চহৰখনক আধুনিক সা-সুবিধা আৰু বিশ্বমানৰ আন্তঃগাঁথনি প্ৰদান কৰিছে। আমি ডিব্ৰুগড়ক মহান কৰি তোলা ঐতিহ্যক পুনৰুদ্ধাৰ কৰাৰ লগতে ভৱিষ্যতৰ বাবেও নিৰ্মাণ কাৰ্য চলাই আছো। আজি যেতিয়া ডিব্ৰুগড়ৰ পৰা পুনৰ বিদেশৰ বন্দৰলৈ কাৰ্গো ৰাওনা হৈছে, তেতিয়া এই চহৰখনৰ গৌৰৱময় অতীত আৰু ইয়াৰ প্ৰতিশ্ৰুতিপূৰ্ণ ভৱিষ্যত একেখন নদীৰ পাৰতে মিলিছে" বুলি মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে।

উল্লেখ্য যে, ডিব্ৰুগড়ৰ পৰা প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় কাৰ্গ’ চলাচলক ব্ৰহ্মপুত্ৰক এক প্ৰধান বাণিজ্য কৰিডৰ হিচাপে গঢ়ি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে, যিয়ে অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে সংযোগ কৰিব।
##assam #newsupdate #bigupdate #cargoship #dibrugarh #sarbanandasonowal

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।